anitwitter
anitwitter

newsnextone.com | ডিজিটেল ডেস্কঃ সম্প্ৰীতিৰ অন্য এক নিদৰ্শন দাঙি ধৰি উৰ্দুত ৰামায়ণ লিখি উলিয়ালে ড০ মাহী তলত ছিদ্দিক নামৰ এগৰাকী মুছলিম যুৱতীয়ে৷ ছিদ্দিকে বিচাৰে মুছলমানে ইছলামধৰ্মৰ লগতে হিন্দুৰ দেৱ-দেৱীৰ সন্দৰ্ভতো জ্ঞান আহৰণ কৰক৷

দুবছৰ পূৰ্বে উত্তৰ প্ৰদেশৰ মাহীয়ে উপহাৰ হিচাপে লাভ কৰিছিল এখন ৰামায়ণ৷ কানপুৰৰ বদৰী নাৰায়ণ তিৱাৰী নামৰ এগৰাকী লোকে ৰামায়ণ খন তেওঁক উপহাৰ দিছিল৷ 

তাৰ পিছৰে পৰা ৰামায়ণ অধ্যয়ন কৰে মাহীয়ে৷ তাৰ লগে লগে ৰামায়ণ খন উৰ্দুত লিখি উলিওৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ যোৱা দুবছৰ ধৰি ৰামায়ণ উৰ্দুত লিখা আৰম্ভ কৰে মাহীয়ে৷ মাহী হিন্দী বিষয়ৰ স্নাতকোত্তৰ৷ দুবছৰত মাহীয়ে উৰ্দুত ৰামায়ণ লিখি সমাপ্ত কৰে৷ ৰামায়ণৰ উল্লেখ্য কথা সমূহ সহজ ভাষাৰে বুজাই দিয়াৰ চেষ্টা কৰা বুলি কয়৷ 

আনহাতে ধৰ্মৰ নামত হিংসাৰ বিৰোধিতা কৰে মাহীয়ে৷ ধৰ্মৰ বিষয়ৰ জৰিয়তে একাংশ লোকে সমাজত হিংসা বিয়পাব বিচাৰিছে৷ কোনে ধৰ্ময় আনৰ ধৰ্মক ঘৃণা কৰিব নিশিকায়৷ ভালপোৱা, বন্ধুত্ব, আনৰ ধৰ্মৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব লাগিব বুলি কয় মাহীয়ে৷