মাজুলীঃ সোণোৱাল চৰকাৰক মেৰুদণ্ডহীন আখ্যা দিলে প্ৰব্ৰজনবিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাই। আজি মাজুলীৰ গড়মূৰৰ ‘উৰাল’ অতিথিশালাত বিয়লি ২:৩০ বজাৰত এখন সংবাদমেল সম্বোধন কৰি সাংবাদিকৰ আগত চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল হাজৰিকা।

হাজৰিকাই কয়, 'সোণোৱাল চৰকাৰে হাত চাপৰি মাৰি বিধেয়ক সৰ্মথন কৰিলে নহ'ব। নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পালন কৰক।'

মণিপুৰৰ চৰকাৰে বিধেয়ক বাতিলৰ দাবী জনাব পাৰে অসম চৰকাৰে কিয় নোৱাৰে বুলি প্ৰশ্ন কৰাৰ লগতে অসম চৰকাৰৰ মেৰুদণ্ড নাই বুলি সংবাদমেলতে  উল্লেখ কৰে হাজৰিকাই। অসমত প্ৰতিবাদ হ'লে সৰ্বনন্দ সোণোৱাল হেলিকপ্টাৰ লৈ পলাই ফুৰে বুলি উল্লেখ কৰে।

উল্লেখ্য যে, মাজুলীত যোৱা ১১ জানুৱাৰীৰ পৰা বিভিন্ন স্থানত গোহাৰি বিতৰণ কৰিছে প্ৰব্ৰজন বিৰোধী মঞ্চৰ সদস্য সকলে। এই সজাগতা গোহাৰি পত্ৰৰ যোগেদি জনসাধাৰণক সজাগ কৰিব বিচাৰিছে মঞ্চই।

ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ প্ৰায় কেইখন জিলাত এই পত্ৰ বিতৰণ কৰা হৈছে। ইয়াৰ পাছত দক্ষিণ পাৰত  বিতৰণ কৰিব বুলি সংবাদমেলতে উল্লেখ কৰে। এই গোহাৰিৰ প্ৰতি ৰাইজে সহাৰি জনাইছে বুলিও তেওঁ উল্লেখ কৰে।