কোকৰাঝাৰঃ শুকুৰবাৰে বিটিএডিৰ ৪ খন জিলাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বিটিচিৰ বিৰোধি দল UPPL-এ৷ কেগৰ প্ৰতিবেদনত বিটিচিত ব্যাপক দুৰ্নীতি হোৱা বুলি প্ৰকাশ পোৱাৰ পিছতেই বিটিচিৰ শাসক দল বিপিএফৰ বিৰুদ্ধে প্ৰতিবাদত নামিল সংগঠনটোৱে৷ ইউ পি পি এল দলে এই বৃহৎ দুৰ্নীতিৰ তদন্তৰ দাবী উত্থাপন কৰি ৰাজ্যৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰি চৰকাৰে বিষয়টোৰ তদন্ত নকৰাৰ প্ৰতিবাদত শুকুৰবাৰে ইউ পি পি এলে বিটিএডিৰ বিভিন্ন প্ৰান্তত তিনিঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।
কোকৰাঝাৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ নিকটত পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১ বজালৈ তিনিঘণ্টীয়া ধৰ্ণা কাৰ্যসূচীৰে চহৰৰ পৰিৱেশ উত্তাল কৰি তোলে। কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত জিলা উপায়ুক্ত কাৰ্যালয়ৰ নিকটৰ শিশু উদ্যানৰ সন্মুখত অনুষ্ঠিত হোৱা তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ অন্তত ইউ পি পি এলৰ সভাপতি তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্মই বিটিএডিত ভিচিডিচি সমুহ দুৰ্নীতিৰ উৎস বুলি মন্তব্যৰে প্ৰায় প্ৰতিটো বিভাগতে দুৰ্নীতি সংঘটিত হোৱা বুলি মন্তব্য প্ৰকাশ কৰে।