ডিজিটেল ৰিপ'ৰ্টঃ জীৱনত সফলতা পাবলৈ সাধনাৰ দৰকাৰ। কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত ২৫৪ নং স্থান লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা দিৱাকৰ নাথ সৰুৰে পৰা আছিল মেধাৱী। ঐতিহ্যমণ্ডিত কটন কলেজৰ পৰা ২০০৪ চনত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱা দিবাকৰ নাথে ২০০৯ চনত এনআইটি, কুৰুক্ষেত্ৰৰ পৰা বি.টেক ডিগ্ৰী অৰ্জন কৰে।
দেশৰ আটাইতকৈ কঠিন পৰীক্ষা বুলি খ্যাত লোকসেৱা আয়োগৰ পৰীক্ষাত অসমৰ ভিতৰতে টপাৰ হোৱা তথা সৰ্বভাৰতীয় ২৫৪ নং ৰেংক পোৱাৰ পিছতো দিবাকৰৰ নাই কোনো ভেম-অহংকাৰ। বন্ধুবৰ্গৰ মাজত অতি জনপ্ৰিয় তথা সমাজপ্ৰিয় দিবাকৰ নাথৰ সফলতা কিন্তু এদিনতে অহা নাই। পঞ্চমবাৰৰ প্ৰচেষ্টাত ২৫৪ নং স্থান লাভ কৰা দিবাকৰ নাথ সম্প্ৰতি দিল্লীতে আছে।
আজি দিবাকৰ নাথৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত তেওঁ সফলতাৰ কোনো চমু পথ নাথাকে বুলি মন্তব্য কৰে। নিজৰ বাবে কম চিন্তা কৰি সমাজৰ বাবে বেচি চিন্তা কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনাই দিৱাকৰ নাথে একাগ্ৰতা, ধৈৰ্য, কৰ্তব্যনিষ্ঠা, সাধনা আৰু প্ৰচুৰ পৰিশ্ৰমেহে জীৱনলৈ সফলতা কঢ়িয়াই আনিব পাৰে বুলিও তেওঁ উল্লেখ কৰে।
লোকসেৱা আয়োগৰ পৰীক্ষাত সৰ্বভাৰতীয় ২৫৪ নম্বৰ স্থান পোৱা দিবাকৰক সদৌ বিটিএডি নাথ যোগী সন্মিলনীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে। এক বিবৃতিত সন্মিলনীৰ সভাপতি প্ৰকাশানন্দ নাথ আৰু সম্পাদক ধনঞ্জয় নাথে দিবাকৰ নাথক অভিনন্দন জ্ঞাপন কৰি তেওঁৰ এই সফলতাই অনাগত সময়ছোৱাত ইউপিএছচিৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব খোজাসকলক উৎসাহ প্ৰদান কৰিব আৰু স্বগোষ্ঠীয় লোকৰ মাজত দিৱাকৰ নাথ সদায়ে আদৰ্শ হৈ ৰ'ব বুলি আশা প্ৰকাশ কৰে।
ইফালে, বাগছা জিলাৰ মনোজ স্বৰ্গীয়াৰীয়ে ইউপিএছচিৰ পৰীক্ষাত ১০৫৮ স্থান পোৱাত এবছুৰ শিক্ষা সম্পাদক কাষ্টম বসুমতাৰীয়ে মনোজ স্বৰ্গীয়াৰীক অভিনন্দন জ্ঞাপন কৰিছে। বহু বিৰতিৰ অন্তত বড়ো সম্প্ৰদায়ৰ পৰা মনোজ স্বৰ্গীয়াৰীয়ে ইউপিএছচিত সফল হোৱাত গৌৰৱান্বিত বুলি মন্তব্য কৰি মনোজ স্বৰ্গীয়াৰীৰ সোণালী ভৱিষ্যত কামনা কৰিছে এবছুৱে। উল্লেখ্য যে ২০০৯ চনত উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত মনোজ স্বৰ্গীয়াৰীয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। পৰবৰ্তী পৰ্যায়ত তেওঁ গুৱাহাটী আইআইটিৰ পৰা ইঞ্জিনীয়াৰিং ডিগ্ৰী লাভ কৰে।