ডিজিটেল ৰিপ’ৰ্টঃ জীৱনত সফলতা পাবলৈ সাধনাৰ দৰকাৰ। কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত ২৫৪ নং স্থান লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা দিৱাকৰ নাথ সৰুৰে পৰা আছিল মেধাৱী। ঐতিহ্যমণ্ডিত কটন কলেজৰ পৰা ২০০৪ চনত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱা দিবাকৰ নাথে ২০০৯ চনত এনআইটি, কুৰুক্ষেত্ৰৰ পৰা বি.টেক ডিগ্ৰী অৰ্জন কৰে।
দেশৰ আটাইতকৈ কঠিন পৰীক্ষা বুলি খ্যাত লোকসেৱা আয়োগৰ পৰীক্ষাত অসমৰ ভিতৰতে টপাৰ হোৱা তথা সৰ্বভাৰতীয় ২৫৪ নং ৰেংক পোৱাৰ পিছতো দিবাকৰৰ নাই কোনো ভেম-অহংকাৰ। বন্ধুবৰ্গৰ মাজত অতি জনপ্ৰিয় তথা সমাজপ্ৰিয় দিবাকৰ নাথৰ সফলতা কিন্তু এদিনতে অহা নাই। পঞ্চমবাৰৰ প্ৰচেষ্টাত ২৫৪ নং স্থান লাভ কৰা দিবাকৰ নাথ সম্প্ৰতি দিল্লীতে আছে।