Home ৰাজ্যজুৱাই কুৰুকিলে উৰুকা! চৰুতেই ৰ’ল ৰন্ধা ভাত-মাংস, এৰিবলগীয়া হ’ল গাঁও-ঘৰ…

জুৱাই কুৰুকিলে উৰুকা! চৰুতেই ৰ’ল ৰন্ধা ভাত-মাংস, এৰিবলগীয়া হ’ল গাঁও-ঘৰ…

by News Desk
203 views
A+A-
Reset

ভোগালীৰ উৰুকাৰ নিশা। সমগ্ৰ ৰাজ্যৰ দৰেই উছাহত মগন হৈছিল গাঁওখন। ৰান্ধনিশালত তেতিয়া ভীষণ ব্যস্ততা গৃহিনীৰ। বিবিধ ব্যঞ্জনেৰে জুতি লগাই লগে ভাগে এসাজ খোৱাৰ বাবে সকলোৱে প্ৰস্তুতি চলাইছিল। সেয়ে সন্ধিয়াৰ পৰাই পাকঘৰত ইখনৰ পিছত সিখন আঞ্জা ৰান্ধি ৰান্ধি আজৰি নোহোৱা হৈছিল ঘৰৰ জীয়াৰী-বোৱাৰীসকলৰ। কাৰো কাৰো ঘৰৰ পৰা বতাহত বিয়পি পৰিছিল তিল দিয়া পিঠাৰ মাঘী সুগন্ধি। মানে- ভোগালীক আদৰাৰ প্ৰস্তুতি এতিয়াও শেষ হোৱা নাই।

সুৰেন বৰ্মনৰ ঘৰতো নিশা ব্যস্ততা বাঢ়িছিল। সুৰেন বৰ্মনৰ পত্নীয়েও বিধে বিধে বনোৱা ব্যঞ্জনৰে এসাজ খাই ভোগালীক আদৰিব বিচাৰিছিল। সন্ধিয়াই গিৰিহঁতে যোগাৰ কৰি দিয়া মাছ-মাংসৰ আঞ্জাখিনি বনাই সোনকালেই আজৰি হৈ লৈছিল তেওঁ। তেওঁলোকৰ ঘৰত কাৰেণ্টৰ ব্যৱস্থা নাই। সেয়ে কেৰাচিন তেলৰ চাকিৰ পোহৰতে সকলোখিনি যা-যোগাৰ কৰিবলগীয়া হৈছিল। চৌকাৰ পৰা ভাতৰ চৰুটো নমাই মুকলি বতাহ অলপ খাও বুলি ঘৰৰ বাহিৰলৈ ওলাই আহিয়েই তেওঁ শুনিবলৈ পালে সেই কোলাহল। ক্ৰমশঃ তেওঁলোকৰ ঘৰৰ ফালেই আগবাঢ়ি আহিছিল সেই কোলাহলটো।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0