52
দেউপানীঃ আছে গৰু নাবায় হাল, থকাতকৈ নথকায় ভাল। এই বচন ষাৰ এতিয়া আখৰে আখৰে ফুটি উঠিছে শিলনীজানত৷ ভাৰতীয় ষ্টেট বেংকে দীৰ্ঘদিন পূৰ্বে কাৰ্বি আংলং জিলাৰ শিনলীজানৰ ৰাইজৰ সুবিধাৰ্থে এটা শাখা এটিএম স্থাপন কৰিছিল৷
কিন্তু এতিয়াও বেংকটোৱে এটিএমটোত সেৱা উপলব্ধ কৰোৱা নাই৷ যাৰ ফলত জহি খহি যাব ধৰিছে ষ্টেট বেংকৰ এটিএমটো৷ আনফালে স্থানীয় ৰাইজেও এটিএমৰ অভাৱত বেংকৰ পৰা টকা উলিয়াবলৈ বহু দূৰলৈ যাব লগা হৈ আছে৷