বালিপৰাঃ স্বামীৰ চিকিৎসা কৰি সকলো হেৰুওৱা এগৰাকী নাৰীয়ে অৱশেষত নিজে বিদায় ললে পৃথিৱীৰ পৰা৷ শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ নাথ গাঁৱৰ এইগৰাকী মহিলাৰ কৰুণ কাহিনী অঞ্চলবাসীৰ বাবে এতিয়া আধালিখা দস্তাবেজৰ দৰে৷ ৰঙাপৰাৰ নাথ গাঁৱৰ এইগৰাকী নাৰীয়ে ৮ বছৰে স্বামীক সুস্থ কৰাৰ বাবে চিকিৎসাৰ নামত ঘূৰি-ফুৰি অৱশেষত নিজে ৰোগত আক্ৰান্ত হৈ মেলানি মাগে পৃথিৱীৰ পৰা৷
স্বামী ক্ষীতিশ নাথক ৮ বছৰ ধৰি গল্ড ব্লাডাৰৰ চিকিৎসা কৰি ঊষা দেৱীয়ে হেৰুৱাইছিল সৰ্বস্ব৷ বহু টকা খৰছ কৰি গুৱাহাটীৰ এখন চিকিৎসালয়ত গল্ড ব্লাডাৰৰ অস্ত্ৰোপচাৰো সম্পন্ন কৰে৷ তাৰ পাছতো স্বামী সুস্থ হোৱাৰ পৰিৱৰ্তে বৃক্কৰ ৰোগত আক্ৰান্ত হয়। চিকিৎসকে মহিলাগৰাকীৰ স্বামী নাথক পৰিশ্ৰম নকৰিবলৈ পৰামৰ্শ দিছিল যদিও একমাত্ৰ উপাৰ্জনকাৰী স্বামীয়ে কাম নকৰিলে চৌকা নজ্বলে পৰিয়ালটোত৷ শাক-পাচলিৰ ব্যবসায় কৰা স্বামীয়ে আকৌ ব্যৱসায় আৰম্ভ কৰে৷