newsnextone.com | বিলাসীপাৰাঃ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমা এলেকা টিলাপাৰা গাঁও পঞ্চায়তৰ সন্তেষ পুৰ গাঁৱত শনিবাৰে মহকুমা প্ৰশাসনে কোনো ধৰণৰ জাননী নিদিয়াকৈ আকস্মিক ভাৱে প্ৰবেশ কৰি অমানৱীয় ভাবে ডেৰ শতাধিক পৰিয়ালৰ ঘৰবাৰী উচ্ছেদ কৰে। জানিব পৰা মতে, শুকুৰবাৰে বিলাসীপাৰা ৰাজহ চক্ৰৰ পৰা নাটমণ্ডলে সন্তেষ পুৰ গাঁৱৰ ১১৮ ঘৰ পৰিয়ালৰ পুৰ্ণ সংস্থাপন দিয়াৰ নামত সন্তেষ পুৰ গাঁৱৰ বেলেগ ঠাইত জৰীপ কৰি ব্যৱস্থা গ্ৰহণ কৰে যদিও আজি কোনো জাননী জাৰি নকৰাকৈ মহকুমা প্ৰশাসনৰ দলে প্ৰবেশ কৰি ডেৰ শতাধিক পৰিয়ালৰ ঘৰবাৰী উচ্ছেদ কৰে।
উক্ত গাঁৱৰ ভূমি আৱন্টন লাভ কৰা বহুতো পৰিয়ালৰ ঘৰবাৰীও উচ্ছেদ কৰে। গাঁও খনত বহু দিন আগৰে পৰাই পৰিয়াল সকলে স্থায়ী ভাৱে বসবাস কৰি আহিছে আৰু চৰকাৰৰ ফালৰপৰা ভূমি আৱন্টন লাভ কৰিছিল। কিন্তু ভূমি ডোখৰ লৈ বাৰে বাৰে উচ্ছেদ চলাবলৈ অহাত ভেটি মাটি ৰক্ষাৰ স্বাৰ্থত স্থানীয় ৰাইজে গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰে।