newsnextone.com | ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ পিছত এইবাৰ দেশৰ আন এখন বিজেপি শাসিত ৰাজ্য উত্তৰ প্ৰদেশত নিষিদ্ধ কৰা হৈছে প্লাষ্টিক ব্যৱহাৰ৷ পৰিৱেশ আৰু জনস্বাস্থ্যৰ খাতিৰত মহাৰাষ্ট্ৰ সহ ভাৰতৰ ১৮ খন ৰাজ্যত ইতিমধ্যেই প্লাষ্টিকৰ বেগ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে৷ 

যোৱা তিনিবছৰত তৃতীয়বাৰৰ বাবে পুনৰ উত্তৰ প্ৰদেশত প্লাষ্টিক তথা প্লাষ্টিকৰ বেগ ব্যৱহাৰ নিষিদ্ধ কৰিছে যোগী চৰকাৰে৷ অহা ১৫ জুলাইৰ পৰা উত্তৰ প্ৰদেশত এই নতুন আইন কাৰ্যকৰী হ’ব বুলি ইতিমধ্যে ঘোষণা কৰা হৈছে৷ এই নিষেধাজ্ঞা জাৰি কৰা হৈছে, প্লাষ্টিকৰ ব্যৱহাৰ, পাষ্টিকৰ কেৰিবে তৈয়াৰ, আমদানি, বেচাকিনা তথা মজুদ ৰখাত৷ শুকুৰবাৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এটা টুইট যোগে এই বিষয়ে ঘোষণা কৰে৷

টুইটাৰত মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে, ‘আমি ১৫ জুলাইৰ পৰা ৰাজ্যত প্লাষ্টিক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো৷ তাৰ বাবে সকলোৰে সহোযগিতা কামনা কৰিছো৷ আমি সকলোকে অনুৰোধ জনাও যে ১৫ জুলাইৰ পিছত যাতে কোনেও প্লাষ্টিকৰ কাপ, গিলাচ, পলিথিন আদি ব্যৱহাৰ নকৰে৷’

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২০১৫ চনত এলাহবাদ উচ্চ ন্যায়ালয়ে অখিলেশ চৰকাৰক পৰিৱেশ ৰক্ষাৰ প্ৰসংগত প্লাষ্টিক বন্ধ কৰাৰ নিৰ্দেশ দিছিল৷ ইয়াৰ পিছত ডিচেম্বৰৰ ৩১ তাৰিখে অখিলেশ চৰকাৰে এখন নিৰ্দেশিকা জাৰি কৰিছিল যদিও প্লাষ্টিক বন্ধ কৰাত ব্যৰ্থ হয়৷ পৰৱৰ্তী সময়ত ২০১৬ আৰু ২০১৭ চনত পুনৰ দুবাৰ উত্তৰ প্ৰদেশ চৰকাৰে প্লাষ্টিকৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছিল৷ কিন্তু তেতিয়াও সেয়া কাৰ্যকৰী কৰাত চৰকাৰ ব্যৰ্থ হয়৷ 

এইবাৰ চতুৰ্থবাৰৰ বাবে যোগী চৰকাৰে প্লাষ্টিক ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰে৷ এই নিষেধাজ্ঞা কাৰ্যকৰী হ’লে উত্তৰ প্ৰদেশ দেশৰ প্লাষ্টিক নিষিদ্ধ হোৱা ১৯তম ৰাজ্য হিচাপে পৰিচিত হ’ব৷ আনহাতে এই নিষেধাজ্ঞা অমান্য কৰিলে ৫০ হাজাৰ টকাৰ জৰিমণাও নিৰ্ধাৰণ কৰিছে যোগী চৰকাৰে৷

প্ৰদূষণৰ পৰা পৰিৱেশৰ ভাৰাসাম্য বৰ্তাই ৰাখিবলৈ যোৱা ২৩ জুনত প্লাষ্টিক নিষিদ্ধ কৰা হৈছে মহাৰাষ্ট্ৰত৷ কেৱল সেয়াই নহয়, প্লাষ্টিক ব্যৱহাৰক ফৌজদাৰী অপৰাধ হিচাপে গণ্য কৰি তেনে নিষেধাজ্ঞা অমান্য কৰিলে জেইল আৰু জৰিমণা দুয়োটাই হ’ব পাৰে বুলিও কঠিন আইন প্ৰণয়ন কৰিছে বিজেপিৰ দেবেন্দ্ৰ ফড়নবিছ চৰকাৰে৷