newsnextone.com | ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ পৌৰি গাৰোৱাল জিলাৰ ননীধান্দাত সংঘটিত ভয়াবহ বাছ দুৰ্ঘটনাৰ মৃতকৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি হৈছে৷ দুৰ্ঘটনাত সংঘটিত হোৱাৰ পিছতে ৪৪গৰাকী লোকৰ মৃত্যু হোছিল যদিও মৃতকৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি হয়৷

দুৰ্ঘটনাত উদ্ধাৰ অভিযান চলাই থকাৰ সময়তে মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছিল৷ জানিব পৰা মতে, পাহাৰীয়া এলেকা ননীধান্দাত প্ৰায় ৫০ গৰাকী যাত্ৰী সহ এখন বাছ যাত্ৰা কৰিছিল দেওবাৰে পুৱাই৷ তেনে সময়তে পাহাৰীয়া পথৰ পৰা নিয়ন্ত্ৰণ হেৰুৱাই বাছখন কেইবা শ ফুট তলত বাগৰি পৰে৷ 

ফলত বাছখনৰ ওপৰৰ ভাগ খুলি পৰাত যাত্ৰীসকল বাছখনৰ পৰা ওলাই পৰে৷ ইতিমধ্যে ৪৭ গৰাকী লোকৰ মৃত্যু হোৱা বুলি সংবাদ প্ৰতিষ্ঠানত প্ৰকাশ পাইছে৷

আনহাতে গুৰুতৰ ভাৱে আহত কেইগৰাকী লোকক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও প্ৰায় কেইজনে মৃত্যুক আকোৱালি লয়৷ বাছখনত প্ৰায় ৫০ গৰাকী যাত্ৰী আছিল৷ মিনিবাছখন ৰামনগৰৰ পৰা ভূৱনলৈ গৈ আছিল উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱাটে মৃতকৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰি মৃতকৰ পৰিয়ালক ২ লাখ আৰু আহতক ৫০ হাজাৰ টকা দিয়াৰ কথা ঘোষণা কৰে৷