newsnextone.com | ডিজিটেল ডেস্কঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অটল বিহাৰী বাজপেয়ী দীৰ্ঘ দিন ধৰি দিল্লীৰ এইমছত চিকিত্সাধীন হৈ থকাৰ অন্তত বৃহস্পতি বাৰে সন্ধিয়া ৫.০৫ বজাত পৰোলোক প্ৰাপ্তি ঘটে। এজন বলিষ্ঠ ৰাজনৈতিক নেতা হিচাপে মৃত্যু পৰ্যন্ত পৰিচিত বাজপেয়ীৰ মৃত্যুত দেশ জুৰি শোকৰ বন্যা বয়।

বৃহস্পতিবাৰে পুৱাৰে পৰা স্বাস্থ্যৰ অৱনতি ঘটিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ। যাৰ ফলত দেশৰ প্ৰধান মন্ত্ৰীকে ধৰি বিৰোধী নেতা পৰ্যন্ত সকলোৱে দিল্লীস্থ এইমছত ভিৰ কৰিছিল। সন্ধিয়া ৫ বজাত এইমছ কৰ্তৃপক্ষই বাজপেয়ীৰ স্বাস্থ্য সন্দৰ্ভত এক বুলেটিন প্ৰকাশ কৰাৰ কিছু সময় পাছতে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুৰ বাতৰি প্ৰকাশ পায়। 

৯৩ বছৰত শেষ নিশ্বাস ত্যাগ কৰা বাজপেয়ীয়ে ১৯৯৮ ৰ পৰা ২০০৪ চনলৈ দেশৰ প্ৰধান মন্ত্ৰী হিচাপে সুনিষ্ঠাৰে দায়িত্বভাৰ পৰিচালনা কৰে। তেওঁৰ দক্ষতাৰ বাবে ভাৰতৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন আৰু পদ্ম বিভূষণ সন্মানেৰে সন্মানিত কৰা হয়। বিজেপিৰ জন্ম লগ্নৰে পৰা এজন বলিষ্ঠ নেতা হিচাপে বিজেপিৰ উত্তৰণ ঘটোৱা বাজপেয়ীৰ মৃত্যুত দলটোৰ ভিতৰ চৰাত শূণ্যতাই বিৰাজ কৰে। 

বাজপেয়ীৰ মৃত্যুত শোক প্ৰকাশ কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে, বাজপেয়ীক হেৰুৱাই তেওঁ শূণ্য হৈ পৰিছে। আনফালে কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়েও বাজপেয়ীৰ পৰলোক গমনত শোক প্ৰকাশ কৰি তেওঁৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰে। ৰাহুল গান্ধীয়ে এক টুইট যোগে কয়, "দেশে এজন বলিষ্ঠ নেতাক হেৰুৱালে। অটল বিহাৰী বাজপেয়ীৰ পৰা আমি সমাজ, ৰাজনীতি সন্দৰ্ভত বহু কথাই শিকিব পাৰিছিলো। তেখেতৰ মৃত্যু দেশৰ ৰাজনীতিৰ বাবে এক অপূৰণীয় ক্ষতি।"

আনহাতে বৃহস্পতিবাৰে পুৱাই নিজৰ সকলো কাম এফালে এৰি থৈ বাজপেয়ীৰ স্বাস্থ্যৰ বুজ লবলৈ এইমছত উপস্থিত হোৱা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী বাজপেয়ীৰ মৃত্যুৰ বাতৰি লাভ কৰিয়ে হতভম্ব হৈ পৰে। তেওঁ কয়, " বাজপেয়ী কেৱল এজন সুদক্ষ ৰাজনৈতিক নেতাই নাছিল, সমানে আছিল এজন সমাজবিদো। তেওঁক হেৰুৱাই মই যেন মোৰ গুৰুক হে হেৰুৱালো।"