newsnextone.com | ডিজিটেল ডেস্কঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বিজেপি দলৰ জ্যেষ্ঠ নেতা অটল বিহাৰী বাজপেয়ীৰ অৱস্থা এতিয়া অতি সংকটজনক হৈ পৰিছে। বাৰ্ধক্যজনিত কাৰণত অসুস্থ হৈ দীৰ্ঘকাল ধৰি দিল্লীস্থ এইমছ হস্পিতালত চিকিত্সালয়ত চিকিত্সাধীন হৈ থকা অটল বিহাৰী বাজপেয়ীৰ স্বাস্থ্যৰ বুজ ল'বলৈ বৃহস্পতিবাৰে এইমছত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে ৰাহুল গান্ধী, মমতা বেনাৰ্জীকে ধৰি কেইবাগৰাকীও ৰাজনৈতিক প্ৰভাৱশালী ব্যক্তি উপস্থিত হৈছে।

প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ স্বাস্থ্যৰ অৱনতিৰ বিষয়ে  অৱগত হৈয়েই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে এইমছত উপস্থিত হৈ বাজপেয়ীৰ স্বাস্থ্যৰ বুজ লয়। আনফালে বিৰোধী দল কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়েও দিনৰ ভাগত এইমছত উপস্থিত হৈ বাজপেয়ীৰ আশু আৰোগ্য কামনা কৰে।

আনহাতে, বাজপেয়ীৰ স্বাস্থ্যৰ অৱনতিৰ বাতৰি প্ৰচাৰ হোৱাৰ পিছতে বিভিন্ন ৰাজনৈতিক তথা প্ৰভাৱশালী নেতাই শোক প্ৰকাশ কৰি প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ আৰোগ্য কামনা কৰে। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী ৰঘুৰাম দাসে বাজপেয়ীৰ আশু আৰোগ্য কামনা কৰি কয় যে, ঝাৰখণ্ডৰ ৩.২৫ কোটি জনতাই অটল বিহাৰী বাজপেয়ীৰ আশু আৰোগ্য কামনা কৰি প্ৰাৰ্থনা কৰিছে। 

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীও বৃহস্পতিবাৰে এইমছত উপস্থিত হৈ বাজপেয়ীৰ স্বাস্থ্যৰ বুজ লয় আৰু সোনকালে আৰোগ্য কামনা কৰে। তেওঁ সংবাদ মাধ্যমৰ আগত বাজপেয়ীৰ আৰোগ্য কামনা কৰি কয় যে তেওঁৰ বাবে বাজপেয়ীৰ মহত্ব অপৰিসীম।   

ইফালে এইমছ-এ বৃহস্পতিবাৰে সন্ধিয়া ৫ বজাত বাজপেয়ীৰ স্বাস্থ্য সম্পৰ্কীয় এক বুলেটীন প্ৰকাশ কৰিব বুলি ঘোষণা কৰে। বিজেপিৰ এগৰাকী বলিষ্ঠ নেতা তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ স্বাস্থ্যৰ উন্নতিৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ অসংখ্য গুনমুগ্ধই পুজা-অৰ্চনা আৰম্ভ কৰা পৰিলক্ষিত হৈছে।