নগাঁওঃ ভেলেন্টাইন ডে’ৰ দিনাই নগাঁও জিলাৰ বেবেজীয়াৰ কিছু নিলগৰ ঘাঁহী মাজগাঁৱত প্ৰেমিকে নিজৰ প্ৰেয়সীক হত্যা কৰা এক ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, ঘাঁহী মাজগাঁও নিবাসী ফনিধৰ দাসৰ কনিষ্ঠ পুত্ৰ আশীষ জ্যোতি দাসৰ একেখন গাঁৱৰে ঘন কান্ত দাস(সাধন)ৰ জ্যেষ্ঠ কন্যা তথা স্নাতক পৰ্যায়ত অধ্যয়ণৰত সোনমনি দাসৰ লগত দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্ক আছিল৷
আনকি পিছত দুয়োঘৰৰে সন্মতি সাপেক্ষে দুয়োৰে মাজত বিয়াও ঠিক হৈছিল৷ সেয়ে সঘনে আশীষৰ প্ৰেয়সীৰ ঘৰলৈ অহা-যোৱা আছিল আৰু কেতিয়াবা নিশাও থাকিছিল৷ এনেদৰে দিনবোৰ গৈ থকাৰ মাজতে কালি সংঘটিত হয় সেই হৃদয় বিদাৰক ঘটনা৷ পুৱা প্ৰায় ১১ বজাত আগদিনা প্ৰেয়সীৰ ঘৰতে থকা আশীষে প্ৰেয়সীৰ মাক আৰু দেউতাক ঘৰৰ পিছফালে কোনো কামত ব্যস্ত থকা অৱস্থাত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহা প্ৰেয়সীৰ ভনীয়েকক পৰীক্ষাগৃহৰপৰা অনাক লৈ দুয়োৰে মাজত তৰ্কাতৰ্কি লাগে৷