নতুন দিল্লীঃ শুকুৰবাৰে দেশৰ দ্ৰুতবেগী ছেমি বুলেট ট্ৰেইনখন ৰাষ্ট্ৰৰ নামত উচ্ছৰ্গা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷ দিল্লী আৰু বাৰানসীৰ মাজত প্ৰতি ঘন্টাত ১৩০ কিলোমিটাৰ বেগত চলিবলগীয়া এই ছুপাৰফাষ্ট ৰে’লগাড়ীখনে সকলো ভাৰতীয়ৰ মনলৈ গৌৰৱ কঢ়িয়াই আনিছিল৷ 

পিছে এই গৌৰৱ ২৪ ঘন্টাও বৰ্তি নাথাকিল৷ কিয়?

উল্লেখ্য যে, কালি প্ৰধানমন্ত্ৰী মোডীয়ে পতাকা জোকাৰি শুভাৰম্ভণি কৰা ‘বন্দে ভাৰত এক্সপ্ৰেছ’ ৰে’ল গাড়ীখনে সঠিকভাৱেই বাৰনসীত উপস্থিত হ’লগৈ৷ বাৰানসীৰপৰাও সময়মতে ট্ৰেইখন নতুন দিল্লীলৈ উভতি আহিছিল৷ 

কিন্তু কেনা লাগিল দিল্লী ষ্টেচন পোৱাৰ প্ৰায় ১৮ কিলোমিটাৰ দূৰত্বত৷ তীব্ৰবেগী ট্ৰেইনৰ তলত সোমাল গৰু৷ ইয়াৰ পাছতে বিকল হৈ পৰে ৰে'ল গাড়ীখন।

আনফালে ট্ৰেইনত অভিযন্তা, জ্যেষ্ঠ বিষয়া, সাংবাদিকৰ লগতে কিছু লোকে যাত্ৰা কৰিছিল৷ কিন্তু অভিযন্তাসকলে ট্ৰেইনৰ গতি ৰোধ কৰাত বিফল হৈছিল আৰু ৰে'লখনত দেখা দিয়ে একাধিক কাৰিকৰি আসোঁৱাহ৷ যাৰ বাবে ট্ৰেইনৰ বিষয়ববীয়সকলে শনিবাৰে সকলো যাত্ৰীকে অন্য এখন ট্ৰেইনত উঠাই তেওঁলোকৰ গন্তব্য স্থানলৈ পঠিওৱাৰ ব্যৱস্থা কৰিবলগীয়া হয়।৷

উল্লেখ্য যে এক্সপ্ৰেছখনৰ নাম ‘ট্ৰেইন ১৮’ বা 'বন্দে ভৰত এক্সপ্ৰেছ' নামেৰে নামাকৰণ কৰা হৈছে।