Home ৰাজ্যঅখিলক NSAত আটক, ৰাজ্যৰ দল-সংগঠনৰ প্ৰতিক্ৰিয়া

অখিলক NSAত আটক, ৰাজ্যৰ দল-সংগঠনৰ প্ৰতিক্ৰিয়া

by News Desk
52 views
A+A-
Reset

ডিব্ৰুগড়ঃ সততে ৰাজ্যৰ প্ৰতিটো সমস্যা তথা চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে অতন্দ্ৰ প্ৰহৰীৰ দৰে সংগ্ৰাম কৰি অহা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক গ্ৰেপ্তাৰৰ প্ৰতিবাদত আজিও ৰাজ্য উত্তাল হৈ আছে৷ ডিব্ৰুগড় জিলা আৰক্ষীয়ে গোলাঘাটৰ নিজ গৃহৰ পৰা ১৪ দিন পুৰ্বে কৃষক নেতাগৰাকীক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত প্ৰতিদিনে উত্তাল হৈ পৰে ৰাজ্য৷ ৰাজ্যৰ একাংশ দল-সংগঠনে ৰাজ পথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিদিনে৷

অখিলক মুক্তি দিয়াৰ দাবীত দল-সংগঠনে প্ৰতিবাদ জনাই অহাৰ সময়তে সোমবাৰে ডিব্ৰুগড়ৰ আদালতৰ ভিতৰতে গৃহ বিভাগে অখিল গগৈৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন, ১৯৮০ জাপি দি পুনৰ আটক কৰে অখিলক৷ এই আইন জাপি দিয়াৰ পিছতে কৃষক মুক্তি-ছাত্ৰ মুক্তিৰ প্ৰতিবাদ অধিক তৎপৰ হৈ পৰিছে৷ ৰাজ্যৰ গৃহ বিভাগে কৃষক নেতা অখিল গগৈক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত আটক কৰিয়ে ক্ষান্ত নাথাকি NSAত জাপি দিয়াত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ ৰাজ্যৰ কেবাটাও জাতীয়-জনগোষ্ঠীয় সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিজেপি নেতৃত্বাধীন মিত্ৰ জোঁটৰ চৰকাৰৰ বিৰুদ্ধে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0