67
ডিফুঃ ৭১ সংখ্যাক স্বাধীনতা দিৱসলৈ মাজতে কেইটামান দিন বাকী থকা অৱস্থাত সষ্টম হৈ পৰিছে পাহৰীয়া জিলা কাৰ্বি আংলঙৰ আৰক্ষী৷ উগ্ৰপন্থী সংগঠনৰ কূটাঘাটৰ সকলো পৰিকল্পনা বিফল কৰিবলৈ দিনে-নিশাই পথত তালাচী কৰিছে আৰক্ষীয়ে৷
দুৰ্বৃত্তই যাতে কূটাঘাতমূলক কোনো কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে আৰক্ষী অধীক্ষক ড০ শিৱ প্ৰসাদ গাঞ্জালাৰ নিৰ্দেশত জিলাখনৰ ৭ টা স্থানত ৪ আগষ্টৰ পৰা দিনে নিশাই তালাচী চলাইছে আৰক্ষীয়ে৷