গুৱাহাটীঃ “মই প্ৰথমে বোন্দা কেঁচুক থিয় হ’বলৈ শিকাব বিচাৰিছিলোঁ। পিছত বুজিলো যে বোন্দাকেঁচুৰ ৰাজহাড় নাই। তাৰো বহুদিনৰ পিছত বুজিলোঁ যে যি পৰিৱেশত বোন্দাকেঁচু থাকে, সেই পৰিৱেশত ৰাজহাড় থাকিলে বাচি থাকিবও নোৱাৰে। পৰিৱেশৰ বাহিৰলৈ গৈ শিক্ষা দিয়াৰ কচৰৎ কৰি লাভ নাই।”
এয়া আছিল গল্পকাৰ, অভিধানিক, ভূ তত্ববিদ, ভাষাবিদ তথা শিক্ষাবিদ ড০ প্ৰণৱজ্যোতি ডেকাৰ ভাষ্য। অসমৰ শিক্ষা ব্যৱস্থা আৰু নিজৰ শিক্ষক হোৱাৰ কৃতিত্বৰ বিষয়ে বুজাবলৈ গৈ এটা সাক্ষাত্কাৰত এবাৰ এইদৰে মন্তব্য কৰিছিল ড০ প্ৰণৱজ্যোতি ডেকাই। নিৰ্ভীক আৰু খাটি ভাষাত খাৰাংখাচ আছিল তেওঁৰ কণ্ঠ। সোঁতৰ বিপৰীতে চিন্তা কৰিব পৰা সক্ষমতাৰে তেওঁ আছিল এগৰাকী অনন্য ব্যক্তি।
সাহিত্য অকাডেমী বঁটাৰে সন্মানিত হৈয়ো 'বঁটাটো গ্ৰহণ কৰিবলৈ নাযাও’ বুলি স্পষ্টকৈ কোৱা ড০ প্ৰণৱজ্যোতি ডেকা আৰু নাই। অসমীয়া সাহিত্য জগতখনক অলেখ সমৃদ্ধিৰে পূৰ্ণ কৰি অৱশেষত জীৱন নাট সামৰিলে গল্পকাৰ, ভূ তত্ববিদ, অভিধানিক আৰু শিক্ষাবিদ হিচাপে পৰিচিত ড০ প্ৰণৱজ্যোতি ডেকাই। শনিবাৰে দিনৰ ১১ বজাত গুৱাহাটী চিকিত্সা মহাবিদ্যালয় হাস্পতালত চিকিত্সাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে ড০ ডেকাই। ৮৫ বছৰীয়া বিশিষ্ট সাহিত্যিকগৰাকীৰ বিয়োগে যেন আজি মৰ্মাহত কৰি তুলিছে তেওঁৰ অলেখ অনুৰাগীক। শব্দৰ সৈতে খেলি আজীৱন অলেখ লেখাৰে বিভিন্ন বিষয় সম্পৰ্কে পঢ়ুৱৈক চিনাকি কৰাই দিয়া ড০ ডেকাক তেখেতৰ গল্প সংকলন ‘প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প’ৰ বাবে ২০২৩ বৰ্ষৰ সাহিত্য অকাডেমি বঁটাৰে সন্মানিত কৰা হৈছিল।
পিতৃক জীৱনৰ নায়কৰূপে স্বীকাৰ কৰিব নোৱাৰা ল’ৰাজন...
১৯৩৯ চনৰ ২১ জুলাইত কলকাতাত জন্মগ্ৰহণ কৰিছিল প্ৰণৱজ্যোতি ডেকাই। তেওঁৰ পিতৃ আছিল প্ৰথমগৰাকী অসমীয়া ন্যায়াধীশ হলিৰাম ডেকা। কলকাতাত জন্মগ্ৰহণ কৰিলেও পিতৃৰ কৰ্মৰ খাতিৰত গুৱাহাটীলৈ ঘূৰি আহি ডনবস্কৰ পৰা প্ৰণৱজ্যোতি ডেকাই আৰম্ভ কৰিছিল প্ৰাথমিক শিক্ষা। ১৯৫৫ চনত ডনবস্ক স্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ কটন কলেজ আৰু পৰৱৰ্তী সময়ত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰে। ইয়াৰ পৰৱৰ্তী সময়ত তেওঁ পূৰ্বৰ ছোভিয়েট ৰাছিয়াৰ বিখ্যাত লেলিনগ্ৰাড খনি বিদ্যালয়ৰ পৰা ভূ-তত্ব বিষয়ত ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰে। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত ভূ-তত্ব বিভাগৰ অধ্যাপকৰূপে কৰ্মজীৱন আৰম্ভ কৰি তাৰ পৰাই অৱসৰ গ্ৰহণ কৰে।
অতি চিন্তাশীল মনৰ প্ৰণৱ জ্যোতি ডেকা আছিল স্বাভিমানীও। তেওঁৰ আত্মজীৱনী ‘সোণৰ চামুচ মুখত লৈ’ত ড০ ডেকাই উল্লেখ কৰা মতে বহু ক্ষেত্ৰত পিতৃৰ সৈতে তেওঁৰ মতাদৰ্শৰ পাৰ্থক্যই দেখা দিছিল। সেয়ে তেওঁ পিতৃ হলিৰাম ডেকা (উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ মৰ্যাদা লাভ কৰা প্ৰথমজন অসমীয়া)ক কেতিয়াও এগৰাকী আদৰ্শ ব্যক্তি হিচাপে মানি ল’ব পৰা নাছিল। ৬ বছৰ বয়সতে তেওঁ বুজি উঠিছিল যে তেওঁৰ পিতৃ তেওঁৰ জীৱনৰ প্ৰকৃত নায়ক নহয়। দুয়োৰে মাজত থকা পিতা-পুত্ৰৰ অগাধ ভালপোৱাৰ মাজতো এখন যেন দেৱাল নিৰ্মাণ হৈছিল।
পিতৃৰ সৈতে থকা আদৰ্শগত পাৰ্থক্যৰ বাবেই এসময়ৰ পৰা নিজৰ শিক্ষাৰ খৰছ নিজে উলিয়াবলৈ আৰম্ভ কৰিছিল ড০ ডেকাই। এবাৰ এক সাক্ষাত্কাৰত তেওঁ কৈছিল, ‘... মই আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিছৌৰী বিশ্ববিদ্যালয়ত গৱেষণাৰ সুযোগ পাইছিলো। কিন্তু সেই সময়ত বিমান ভাড়া আছিল ৭ হাজাৰ টকা। মোৰ লগত টকা নাছিল আৰু দেউতাৰ পৰাও মই ল’ব বিচৰা নাছিলোঁ। সেয়ে সেই সুযোগ বাদ দিবলগীয়া হ’ল।’
পৰৱৰ্তী সময়ত এন আৰ এলত কৰ্মজীৱন আৰম্ভ কৰিছিল ড০ ডেকাই। তাত কাম কৰি থকাৰ সময়তে তেওঁ বিভিন্ন বৃত্তিমূলক পৰীক্ষাৰ বাবে প্ৰচেষ্টা চলাই থাকে আৰু অৱশেষত ছোভিয়েট ৰাছিয়াৰ লেলিনগ্ৰাড খনি বিদ্যালয়ত তেওঁ গৱেষণাৰ সুযোগ লাভ কৰে।
‘অসমীয়া বুলি মোৰ কোনো আৱেগিক টান নাই’
নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ প্ৰায়ে অসুবিধাৰ সন্মুখীন হোৱা এজন ব্যক্তি আছিল ড০ প্ৰণৱজ্যোতি ডেকা। ২০১৬ চনত জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ আলোচনী ‘জেবিয়ান’ৰ বাবে দিয়া এক সাক্ষাত্কাৰত এই কথা নিজেই অকপটে স্বীকাৰ কৰিছিল ড০ ডেকাই। সাক্ষাৎ গ্ৰহণকাৰীৰ এক প্ৰশ্নৰ উত্তৰত ড০ ডেকাই কৈছিল, ‘অসমীয়া বুলি ক’লে কাক কোৱা হয়? যদি অসমীয়া ভাষা কোৱা লোকক অসমীয়া বুলি কোৱা হয়, তেন্তে মোৰ সমস্যাটো হ’ল বংগদেশত জন্মগ্ৰহণ কৰাৰ বাবে সৰুতে বঙালীতে কথা-বতৰা পাতিছিলো। যদি অসমীয়া ভাষা কোৱা গোষ্ঠীৰ বংশৰ লোকক অসমীয়া বুলি কোৱা হয়, তেওঁ মই কওঁ মোৰ পূৰ্বপুৰুষৰ প্ৰতি মোৰ আন্তৰিক সন্মান একো নাই। অসমীয়াসকল কিবা এটা আচৰিত অদ্ভূত জাতি, যাৰ সভ্য হিচাপে নিজকে গৌৰৱ অনুভৱ কৰোঁ, তেনে কোনো কথাও নাই। গতিকে মোক অসমীয়া হয় বা নহয় বুলি কোৱাক লৈ কেতিয়াও বিশেষ মূৰ ঘমোৱা নাই। মানুহ হিচাপে সকলো মানুহৰ প্ৰতি থাকিবলগীয়া অনুভূতিৰ বাবে অসমীয়া বুলি মোৰ কোনো বিশেষ আৱেগিক টান নাই।”
নিজকে অসমীয়া বুলি আৱেগিক টান অনুভৱ নকৰিলেও যেন প্ৰণৱজ্যোতি ডেকাৰ কলমেৰে নিগৰা প্ৰতিটো শব্দই তেওঁৰ অসমীয়া হোৱাৰ অস্তিত্বক তুলি ধৰিছিল। তেওঁৰ লিখনিৰ শব্দৰ গভীৰতা, বিষয় নিৰ্বাচন আৰু গল্পৰ পটভূমিয়ে তুলি ধৰিছিল অসমৰ গাঁও-চহৰসমূহক।
জেবিয়ানত প্ৰকাশ পোৱা সাক্ষাকাৰৰ কিয়দংশ, সংগ্ৰহঃ চন্দ্ৰজিত দাস
ড০ প্ৰণৱজ্যোতি ডেকাৰ উল্লেখ্যযোগ্য গ্ৰন্থসমূহৰ ভিতৰত আছে গল্প সংকলন কৈলাশনাথ, একুৰি বছৰৰ গল্প, এজাক এলেহুৱা কাউৰীৰ সাধু, বেৱাৰিছ লাছ আৰু অন্য গল্প, বিহুৱতী চৰাই আৰু অন্য গল্প, ড৹ প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প, অনিৰ্গম পথ। আনহাতে প্ৰৱন্ধ সংকলনৰ ভিতৰত আছে পৰমেশ্বৰ আছে নাই, চৰ্যাগীত আৰু বৌদ্ধ তন্ত্ৰ, ধৰ্মৰ প্ৰাণতত্ত্ব, নীলাচল কামাখ্যাঃ হাৰ হিষ্টৰী এণ্ড তন্ত্ৰ, চায়েণ্টিফিক এভিডেন্স ফৰ বৈদিক এষ্ট্ৰলজি, ৰত্নজ্যোতিষ আৰু বিজ্ঞান, চেঞ্চুৰি অল্ড কাষ্টছ, ট্ৰাইবছ এণ্ড গিল্ড, জ্যোতি দ্বিভাষিকৰ বুৰঞ্জী, ৰূপোপজীৱিনী বনাম দেহোপজীৱিনী (প্ৰাপ্তবয়স্কৰ যৌনজ্ঞান গ্ৰন্থ)। ড০ ডেকাই ৰচনা কৰি গৈছে জ্যোতি দ্বিভাষিক অভিধান নামেৰে এখন অভিধানো। ড॰ প্ৰণৱজ্যোতি ডেকাৰ ৰহস্য উপন্যাস তেওঁৰ একমাত্ৰ উপন্যাস। আনহাতে জীৱনৰ নিৰ্মোহ সমালোচনাৰে লিখি থৈ যোৱা ‘সোণৰ চামুচ মুখত লৈ’ ড০ ডেকাৰ আত্মজীৱনীৰ নাম।
আজীৱন নীৰৱ সাধনাৰে সাহিত্য চৰ্চা যোৱা ড০ প্ৰণৱজ্যোতি ডেকাই কাহানিও বঁটা-বাহনৰ পিছত দৌৰা নাছিল। সেয়ে ২০২৩ বৰ্ষত তেওঁৰ নাম সাহিত্য অকাডেমি বঁটাৰ বাবে ঘোষণা কৰাৰ পিছতো তেওঁ কৈছিল- ‘এটা বয়সৰ পিছত বঁটা-বাহনৰ গুৰুত্ব নাথাকে।’ তথাপিও এইগৰাকী বিশিষ্ট সাহিত্যিককক ২০২২ চনত অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা আৰু ২০২৩ চনত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত কৰা হয়।