ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ উন্নাও আৰু জম্মু কাশ্মীৰৰ কাঠুৱাৰ কিশোৰী-শিশু ধৰ্ষণ-হত্যা কাণ্ডই দেশ উত্তাল কৰি থকাৰ সময়তে কিশোৰী ধৰ্ষণৰ ভিডিঅ’ ছচিয়েল মিডিয়াত আপলোড কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাজস্থানত৷ ৰাজস্থানৰ এগৰাকী কিশোৰীৰ ধৰ্ষণ কাণ্ডৰ ভিডিঅ’ আপলোড কৰাৰ খবৰ প্ৰচাৰ হৈছে৷
ৰাজস্থানৰ ভৰতপুৰৰ হালাইনা নামৰ গাঁৱত এগৰাকী কিশোৰীক যোৱা ৩১ মাৰ্চত অপহৰণ কৰিছিল কেইগৰাকীমান লোকে৷ কেইগৰাকীমান লোকে অপহৰণ কৰি এখন দোকানত আৱদ্ধ কৰে কিশোৰীক৷ দোকানৰ ভিতৰত তিনিজনকা দস্যু লোকে লগলাগি ধৰ্ষণ কৰি পিছত ৰাজ পথত পেলাই থৈ যায় কিশোৰীক৷
সমস্ত কুৰ্কীতিৰ ভিডিঅ’ ৰেকৰ্ড কৰে অভিযুক্তই৷ শেহতীয়াকৈ সেই ভিডিঅ’ ছচিয়েল মিডিয়াত আপলোড কৰে কোনো লোকে৷ আনহাতে কিশোৰীৰ পৰিয়ালে আৰক্ষীয়ে তদন্তত গাফিলতি কৰাৰ অভিযোগ উত্থাপন কৰে৷ এজাহাৰ দাখিল কৰাৰ পিছতো আৰক্ষীয়ে এজনো অভিযুক্তক আটক কৰিব নোৱাৰাত আৰক্ষীৰ বিৰুদ্ধে গাফিলতি কৰাৰ অভিযোগ উত্থাপন কৰে কিশোৰীৰ পৰিয়ালে৷