88
ডিজিটেল ডেস্কঃ অৱশেষত গ্ৰেপ্তাৰ হ’ল সুৰা সম্ৰাট বিজয় মালিয়া। লণ্ডনত স্কটলেণ্ড য়াৰ্ডে মঙলবাৰে গ্ৰেপ্তাৰ কৰে মালিয়াক।
বেংক ঋণ প্ৰতাৰণাসহ অসংখ্যা গোচৰত অভিযুক্ত ভাৰতীয় ব্যৱসায়ী বিজয় মালিয়াক স্কটলেণ্ড য়াৰ্ডে গ্ৰেপ্তাৰ কৰে৷ যোৱা ফেব্ৰুৱাৰী মাহত ব্ৰিটিছ হাই কমিছনাৰলৈ বিজয় মালিয়াক ওভতাই বিচাৰি পত্ৰ প্ৰেৰণ কৰিছিল দিল্লীয়ে৷ পত্ৰখনত স্পষ্টকৈ জনোৱা হৈছিল যে মালিয়াৰ বিৰুদ্ধে ভাৰতত একাধিক আৰ্থিক প্ৰতাৰণাৰ গোচৰ ৰুজু হৈ আছে৷