ডিজিটেল ডেস্কঃ অৱশেষত গ্ৰেপ্তাৰ হ’ল সুৰা সম্ৰাট বিজয় মালিয়া। লণ্ডনত স্কটলেণ্ড য়াৰ্ডে মঙলবাৰে গ্ৰেপ্তাৰ কৰে মালিয়াক।

বেংক ঋণ প্ৰতাৰণাসহ অসংখ্যা গোচৰত অভিযুক্ত ভাৰতীয় ব্যৱসায়ী বিজয় মালিয়াক স্কটলেণ্ড য়াৰ্ডে গ্ৰেপ্তাৰ কৰে৷ যোৱা ফেব্ৰুৱাৰী মাহত ব্ৰিটিছ হাই কমিছনাৰলৈ বিজয় মালিয়াক ওভতাই বিচাৰি পত্ৰ প্ৰেৰণ কৰিছিল দিল্লীয়ে৷ পত্ৰখনত স্পষ্টকৈ জনোৱা হৈছিল যে মালিয়াৰ বিৰুদ্ধে ভাৰতত একাধিক আৰ্থিক প্ৰতাৰণাৰ গোচৰ ৰুজু হৈ আছে৷

উল্লেখ্য যে, প্ৰায় ৯ হাজাৰ কোটি টকাৰ প্ৰতাৰণাৰ গোচৰ মূৰত লৈ ২০১৬ চনৰ মাৰ্চ মাহত দেশ ত্যাগ কৰি গ্ৰেট ব্ৰিটেইনলৈ পলায়ন কৰিছিল মালিয়াই৷ মালিয়া মালিকানাধীন বিমান পৰিবহণ সংস্থা কিংফিছাৰ এয়াৰলাইনছৰ নামত বৃহৎ পৰিমাণৰ ঋণ থকা সত্বেও সেয়া পৰিশোধ নকৰাৰ অভিযোগ উত্থাপিত হৈছিল মালিয়াৰ বিৰুদ্ধে৷

উক্ত অভিযোগৰ ওপৰত ভিত্তি কৰি একাধিক চমন জাৰি কৰাৰ পিছতো আদালতত হাজিৰ হোৱা নাছিল সুৰা সম্ৰাটজন৷ বিত্তীয় খেলিমেলিৰ গোচৰত তেওঁক এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটেও তলব কৰে যদিও উপস্থিত নহ’ল৷ ইয়াৰ পিছতে ২০১৬ বৰ্ষৰ এপ্ৰিল মাহত NBW জাৰি কৰে বিশেষ আদালতে৷ মালিয়াৰ বিৰুদ্ধে চি বি আই আদালতেও জাৰি কৰে NBW৷

গ্ৰেপ্তাৰ হোৱাৰ পিছত এইবাৰ প্ৰতাৰণাৰ গোচৰত অভিযুক্ত বিজয় মালিয়াক পুনৰ ভাৰতলৈ ওভতাই অনাৰ চেষ্টা অব্যাহত ৰাখিছে ভাৰত চৰকাৰে৷ এই সন্দৰ্ভত ব্ৰিটিছ উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সৈতে ভাৰত চৰকাৰে যোগাযোগ কৰা বুলিও জানিব পৰা গৈছে৷

শেহতীয়া বাতৰি মতে গ্ৰেপ্তাৰ হোৱাৰ কিছু সময় পিছতে নিজকে দেউলীয়া ঘোষণা কৰা মালিয়াক ৱেষ্টমিনিষ্টাৰৰ এখন আদালতত হাজিৰ কৰোৱা হয়। আদালতত হাজিৰ কৰোৱাৰ কিছু সময় পিছতে নিজৰ আইনী বিশেষজ্ঞৰ দলসহ আদালত চৌহদৰ পৰা জামিন লৈ খোজকাঢ়ি উভতি অহা দেখা যায় সুৰা সম্ৰাটগৰাকীক।

"এয়া স্বেচ্ছামূলকভাৱে কৰা হৈছে। সকলোবোৰ আকৌ স্বাভাৱিক হৈ পৰিব।" জামিন সন্দৰ্ভত অধিক মন্তব্য কৰাৰ পৰা বিৰত থাকি এইদৰে কয় মালিয়াৰ সৈতে আদালতৰ পৰা একেলগে ওলাই অহা এগৰাকী সহযোগীয়ে।

ইফালে জামিন লাভ কৰাৰ লগে লগে ভাৰতীয় সংবাদ মাধ্যমক উদ্দেশ্যি এটি টুইট কৰে মালিয়াই। টুইটটোত তেওঁ কয়, "ভাৰতীয় সংবাদ মাধ্যমে সকলো অতিৰঞ্জিত কৰে। আদালতৰ শুনানি আজি আশা কৰা ধৰণেই আগবাঢ়িছে।"