newsnextone.com | বোকাজানঃ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বোকাজান বিধানসভা সমষ্টিৰ অন্তৰ্গত হাংজাংলাঙছ’ ক্ৰীড়া প্ৰকল্পৰ খেলপথাৰত শুকুৰবাৰে কাৰ্ব আংলং স্বায়ত্ত শাসিত পৰিষদৰ উদ্যোগত এখন ‘বিকাশ উৎসৱ’ সমাবেশ অনুষ্ঠিত হয়৷ পাহাৰীয়া জিলাখনত ইতিমধ্যে নিৰ্মাণ সমাপ্ত হোৱাৰ অন্তত উদ্ধোধন কৰা, আধাৰশিলা স্থাপন কৰা বিভিন্ন প্ৰকল্প আৰু আঁচনিৰ জয়গান গাবলৈ অনুষ্ঠিত কৰা বিকাশ উৎসৱৰ মুকলি সভাত কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ উপস্থিত থাকে৷

কাৰ্বি আংলং জিলাৰ ৪ পৰিষদীয় সমষ্টিক সামৰি অনুষ্ঠিত কৰা বিকাশ উৎসৱত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ভাষণ প্ৰদান কৰি কাৰ্বি আংলঙৰ সর্বাংগীন উন্নয়ন আৰু বিকাশৰ বাবেহে কাৰ্বি আংলঙত ৰাজনীতি কৰিছোঁ বুলি কয়৷ কাৰ্বি আংলঙৰ বিজেপিয়ে কাৰোবাৰ বিৰুদ্ধে অপপ্ৰচাৰ অথবা সমালোচনা কৰিবলৈ ৰাজনীতি কৰা নাই বুলিও কয়৷ জিলাখনত পূৰ্বৰ চৰকাৰৰ দিনত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ, সাংসদ আৰু বিধায়কে জিলাখনত কি কি উন্নয়ণ মূলক আঁচনি গ্ৰহণ কৰিছে সেইয়া এজন নতুবা দুজন লোকৰ বাহিৰে কোনোৱেই গম নাপাই বুলি কয় মুখ্য কাৰ্যবাহী গৰাকীয়ে৷ 

নাম প্ৰকাশ কৰি কয় যে বোকাজান বিধানসভা সমষ্টিত সেই সময়ত কেৱল কাছাং টেৰাংপি, ৰেণুকা বাইদেউ, কাদম টেৰাংপিয়েহে চৰকাৰৰ উন্নয়ণ মূলক আঁচনি সমূহৰ বিষয়ে জ্ঞাত আছিল৷ শাসন যন্ত্ৰৰ আমূল পৰিৱৰ্তনৰ স্বাৰ্থত এতিয়া বিজেপি চৰকাৰ গঠন হোৱাৰ পাছত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু কাৰ্বি আংলং স্বায়ত্ত পৰিষদে সমষ্টি সমূহত ২০১৭-১৮ বিত্তীয় বৰ্ষত কি কি আঁচনি সম্পূৰ্ণ কৰিলে আৰু ২০১৮-১৯ বিত্তীয় বৰ্ষত কি কি উন্নয়ণ মূলক আঁচনি গ্ৰহণ কৰিব তাৰ এক বিস্তৃত বিৱৰণ দাঙি ধৰি জনসাধাৰণক অৱগত কৰিছে৷

স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত জিলাবাসীক বিজেপি দলে যি প্ৰতিশ্ৰুতি দিছিল তাক চৰকাৰে এতিয়া আখৰে আখৰে পালন কৰি ৰাইজৰ সমস্যা সমূহ সমাধান কৰাৰ লগতে জাতি-ধৰ্ম-বৰ্ণ-ভাষা-ভাষী নিৰ্বিশেষে সৰ্বস্তৰৰ জনসাধাৰণৰ উন্নয়ণত গুৰুত্ব প্ৰদান কৰিছে বুলি কয় ৰংহাঙে। বিকাশ উৎসৱৰ জৰিয়তে সমগ্ৰ কাৰ্বি আংলং তথা বোকাজন বিধানসভা সমষ্টিৰ অন্তৰ্গত ৪টা পৰিষদীয় সমষ্টিত কেন্দ্ৰ, ৰাজ্য চৰকাৰ আৰু কাৰ্বি স্বায়ত্ব পৰিষদে ইতিমধ্যে সম্পূৰ্ণ কৰা প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা, প্ৰধানমন্ত্ৰী আবাস যোজনা, পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ অধীনত নিৰ্মাণ কৰা পথ, বজাৰ গৃহ নিৰ্মাণ, মুকলি মঞ্চ, ক্ৰীড়া প্ৰকল্প, বিদ্যালয় গৃহ, বিশুদ্ধ খোৱা পানী আঁচনি, জলসিঞ্চনৰ ব্যৱস্থা, চিকিৎসালয় স্থাপন আদিৰ খতিয়ান দাঙি ধৰে মুখ্যকাৰ্যবাহী সদস্য গৰাকীয়ে৷

বিজেপি চৰকাৰে পাহাৰীয়া জিলাখনত ক'ত, কেতিয়া আৰু কিমান চৰকাৰী আঁচনি ৰূপায়ন কৰিছে তাক বিকাশ উৎসৱৰ যোগেদি জিলাখনৰ জনসাধাৰণৰ সন্মুখত সম্পূৰ্ণৰূপে দাঙি ধৰিছে বুলি কোৱাৰ লগতে বিজেপি চৰকাৰৰ দিনত তথ্য জনাৰ অধিকাৰ আইনৰ যোগেদি চৰকাৰী আঁচনি সমূহৰ তথ্যৰ বাবে ৰাইজে এতিয়া কষ্ট কৰিব নালাগে বুলিও তেখেতে মন্তব্য আগবঢ়ায়। বিকাশ উৎসৱৰ মুকলি সভাত উপস্থিত বোকাজান বিধানসভা সমষ্টিৰ বিধায়ক ডা০ নোমল ম'মিন আৰু কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকিয়াল ফুকনে কয় যে বিজেপি চৰকাৰৰ দুবছৰীয়া কাৰ্যকালত কাৰ্বি আংলঙৰ ৰাইজে বহু পৰিৱৰ্তন তথা জিলাখনৰ অন্তৰ্গত প্ৰতিটো সমষ্টিত উন্নয়ণৰ কাম দেখিবলৈ পাইছে৷

কাৰ্বি আংলং জিলাত আজি কিছুদিনৰ আগত অমানবীয় অত্যাচাৰত দুজন উদীয়মান যুৱ শিল্পীক ভুৱা প্ৰচাৰৰ বাবে হেৰুৱালগীয়া হোৱা ঘটনাক দুৰ্ভাগ্যজনক বুলি কোৱাৰ লগতে তেনে ভুৱা তথা অপ প্ৰচাৰৰ পৰা সকলো ৰাইজক আঁতৰত থাকি সমাজখনক শুদ্ধ পথলৈ আনিবলৈ আমি সকলোৱে দ্বায়িত্ব মূৰপাতি লব লাগিব বুলিও তেওঁলোকে মন্তব্য আগবঢ়াই৷ বিকাশ উৎসৱত কাৰ্বি স্বায়ত্ব পৰিষদৰ কাৰ্যবাহী সদস্য ক্ৰমে জগতছিং ইংতি, প্ৰদীপ ৰংপি, খনছিং ৰংপি, প্ৰদীপ ডিফুছা, কাছে ৰংপিপী উপস্থিত থকাৰ লগতে পৰিষদীয় সদস্য হৰেণছিং বে’, মুকুট মহন্ত, লংকি টিমুং, ৰামছিং টিমুং, ৰিচাৰ্ড টকবি, পৱিত্ৰ ৰংপিৰ উপৰি পৰিষদৰ সচিব, বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়া, বিজেপিৰ কৰ্মকৰ্তাৰ উপৰি সহস্ৰাধিক স্থানীয় জনতাই বিজেপিৰ আজিৰ বিকাশ উৎসৱত অংশগ্ৰহণ কৰে৷

উল্লেখ্য যে, বিকাশ উৎসৱ অনুষ্ঠানতে কাৰ্বি স্বায়ত্ব শাসিত পৰিষদে চাৰিটাকৈ পৰিষদীয় সমষ্টিৰ বহুকেইটা মহিলাৰ আত্মসহায়ক গোটক আঠুৱাৰ লগতে একোটা গোটক ১০ টাকৈ হাঁহৰ পোৱালী যোগান ধৰাৰ লগতে বহু উন্নয়ণ মূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰে৷