গোৰেশ্বৰঃ এফালে বানৰ প্ৰকোপ, আনফালে বিদ্যুৎ বিভাগৰ মৃত্যুৰ জাল। পানীত পৰি থকা বৈদ্যুতিক তাঁৰত লাগি বিগত সময়ত কেবাজনো ব্যক্তিয়ে প্ৰাণ হেৰুৱালে যদিও এতিয়াও যেন চকু মেল খোৱা নাই শক্তি মন্ত্ৰী পল্লৱলোচন দাসৰ।
বাগসা আৰু দৰং জিলাৰ সীমাৱৰ্তী দৰং জিলাৰ আন্ধেৰীঘাটৰ মাহতলী গাঁৱত আজিও বৈদ্যুতিক তাঁৰ হাতেৰে চুব পৰা উচ্চতাত থকা কথাটোৱে তাকে প্ৰমাণ কৰিছে। ছিপাঝাৰ বিদ্যুত উপ সংমণ্ডলৰ অন্তৰ্গত গাঁৱখনত এনেদৰে বিপদসংকুলভাৱে ওলমি থকা বিদ্যুত তাঁৰে যিকোনো সময়তে মানুহৰ অঘটন ঘটাব পাৰে যদিও কোনো কাণসাৰ নাই বিভাগটোৰ।