বাঘবৰঃ ৰাজ্যত জাতি মাটি ভেটিৰ নামলৈ দিছপুৰৰ গাদী দখল কৰা পৰিৱৰ্তনৰ বিজেপি চৰকাৰখনে নৈৰ কৱলৰ পৰা ৰক্ষা কৰিব পৰা নাই নৈপৰীয়া সাধাৰণ জনতা মাটি ভেটি, কৃষিভূমি। যাৰ ফলত নৈ-উপনৈ সমূহৰ খহনীয়াত নৈৰ বুকুত বিলীন হৈছে ইখনৰ পিছত সিখনকৈ স্বাধীনতা পূৰ্বৰ পুৰণি গাঁও।
সমান্তৰালকৈ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ মানচিত্ৰৰ পৰা হেৰাই গ’ল স্বাধীনতাৰ পূৰ্বৰ পুৰণিকলীয়া মৰাভাজ গাঁওখন। জানিব পৰা মতে, যোৱা কেইবা মাহ ধৰি বাঘবৰৰ মৰাভাজ গাঁৱত কালৰূপী বেঁকী নৈ খহনীয়া অব্যাহত ৰাখিছে যদিও তিনি চাৰি দিন ধৰি ভয়াবহ খহনীয়া সৃষ্টি কৰিছে নৈখনে।