নামতিঃ পৰিৱৰ্তনৰ শ্ল’গান লৈ ৰাজ্যৰ বিজেপি চৰকাৰে শাসনভাৰ লোৱাৰ এটা বছৰ পাৰ কৰিলে৷ কিন্তু গ্ৰামাঞ্চলৰ বাট পথ আৰু পঞ্চায়তীৰাজ ব্যৱস্থাৰে চৰকাৰখনে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰাহে পৰিলক্ষিত হৈছে৷ গ্ৰামাঞ্চলৰ উন্নয়নৰ কাৰণে বিভিন্ন আঁচনি ৰূপায়ন হৈছে যদিও ৰাইজৰ প্ৰতিনিধিৰ ক্ষমতা আৰু টকাৰ খকত চৰকাৰী পুঁজিৰ ব্যাপক লুণ্ঠন হৈছে।
তাৰ এক দৃশ্য উন্মোচিত হ’ল শিৱসাগৰ জিলাৰ নামতি বৰফুকন গাঁও পঞ্চায়তৰ অন্তৰ্গত তেলপানী আদৰ্শ খামোন গাঁৱত। স্বাধীনোত্তৰ ৭০ টা বছৰ অতিক্ৰম কৰাৰ পিছতো গাঁওখনৰ যাতায়াত ব্যৱস্থা উন্নত হৈ নুঠিল। একাঠু বোকা আৰু বিধ্বস্ত পথে জ্বলা কলা দেখুওৱা গাঁওবাসীয়ে পৰিৱৰ্তনকামী চৰকাৰলৈ আশাৰে বাট চাই আছিল যদিও উন্নয়নৰ আশা নেদেখিল।