লালুকঃ লালুকৰ উত্তৰ দিশৰ এক বৃহৎ অঞ্চলৰ যোগাযোগৰ অন্যতম লালুকৰ পৰা বালিগাওঁ হৈ ঢেকিয়াজুলি সংযোগী গড়কাপ্টানি পথটোৰ দুৰৱস্থাই ৰাইজক বিগত দুবছৰ ধৰি জীয়াতু ভোগাই আহিছে৷ উত্তৰ লালুকৰ এটা বৃহৎ অংশ সামৰি থকা গাভৰু নৈ বাঢ়নী পানীয়ে দুবছৰৰ পূৰ্বেই উক্ত পথটোৰ কেইবা ঠাইত ছিঙি পেলাইছিল৷
গড়কাপ্টানি বিভাগে বানৰ সময়ত আংশিক মেৰামতি কৰিয়েই নিজৰ দায়িত্ব সামৰাৰ পাছত কিন্তু খৰালি কোনো ব্যৱস্থা নকৰিলে৷ যোৱা বৰ্ষতো বাঢ়নী পানীয়ে পথটোত থকা এটা কালভাৰ্টৰ একাংশ পথ ছিঙি উটুৱাই নিয়ে৷ ফলত বিগত সময়ছোৱাত পথটোৰে যাতায়ত বন্ধ হৈ আছিল।