50
ছিপাঝাৰ: ছিপাঝাৰৰ এখন নৈ পৰীয়া গাঁৱৰ ৰাইজে আতংকত পাৰ কৰিছে দিন-ৰাতি৷ ছিপাঝাৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত নৈপৰীয়া শিঙীমাৰি গাঁৱত ননৈ নদীত দেখা গৈছে তীব্ৰ গৰাখহনীয়া।
খহনীয়াই নৈখনৰ মথাউৰিলৈ কঢ়িয়াই আনিছে ভাবুকি৷ ৰাইজে খহনীয়া ৰোধৰ বাবে জল সম্পদ বিভাগক কাকুতি-মিনতি কৰি আহিছে যদিও এই পৰ্যন্ত একো সুফল পোৱা নাই৷