বিশেষ প্ৰতিবেদনঃ বিগত কিছুদিন ধৰি ছ’চিয়েল মিডিয়াত সেউজীয়া ৰঙৰ লোৰ গেট লগোৱা কবৰ এটাৰ ফটো এখন যথেষ্ট ভাইৰেল হৈ পৰিছে। বহুকেইটা প্ৰতিষ্ঠিত সংবাদ প্ৰতিষ্ঠানে এই কবৰটো পাকিস্তানৰ বুলি দাবী কৰি বাতৰি প্ৰকাশ কৰা দেখা গৈছে। বাতৰিটোত কোৱা হৈছে যে সমাধিস্থ কৰা মহিলাৰ শৰীৰটোক বিকৃত মানসিকতাৰ লোকে ধৰ্ষণ কৰাৰ পৰা বচাবলৈকে এনেকৈ কবৰত লোৰ গেট লগোৱা হৈছে। 

অসমতো এই বাতৰিটো ছ’চিয়েল মিডিয়াত ভিন্নজনে শ্বেয়াৰ কৰা দেখা গৈছে। একাংশ লোকে উক্ত ফটোখন শ্বেয়াৰ কৰি মোগলসকলৰ পৰা হিন্দু বিধৱাসকলক বচাবৰ বাবেই ভাৰতত সতীদাহ প্ৰথা আৰম্ভ হৈছিল বুলিও দাবী কৰিছে। সম্প্ৰতি এনেদৰে ভাইৰেল হৈ পৰা ফটোখনৰ সত্যতানো কি? 

দেশৰ অগ্ৰণী ফেক্টচেকিং ৱেবছাইট অল্ট নিউজৰ অনুসন্ধানত পোহৰলৈ আহিছে ফটোখনৰ আঁৰৰ প্ৰকৃত সত্য। অল্ট নিউজৰ অনুসন্ধানৰ পিছত স্পষ্ট হৈ পৰে যে বিগত কিছুদিন ধৰি কবৰৰ ফটোখন সন্দৰ্ভত যি কথা শ্বেয়াৰ হৈ আহিছিল আৰু মূলসুঁতিৰ সংবাদ মাধ্যমেও বাতৰি প্ৰকাশ কৰিছিল সেয়া প্ৰকৃততে ফেক নিউজহে আছিল। অল্ট নিউজে গ্ৰাউণ্ড ৰিপ’ৰ্টিঙৰ অন্তত প্ৰকাশ কৰা অনুযায়ী পাকিস্তানৰ বুলি বহুতে দাবী কৰি অহা বিশেষ কবৰটো প্ৰকৃততে আছে ভাৰতৰ হায়দৰাবাদৰ এখন কবৰস্থানত।

সত্যাসত্য নিৰূপণ নকৰাকৈ ভাৰত আৰু পাকিস্তানৰৰ ছ’চিয়েল মিডিয়াৰ লগতে সংবাদ প্ৰতিষ্ঠানতো এই বাতৰিটো প্ৰকাশ পোৱাৰ পৰিপ্ৰেক্ষিতত এতিয়া অল্ট নিউজৰ ফেক্ট চেকিঙে দুয়োখন দেশতে ব্যাপক চৰ্চা লাভ কৰা দেখা  গৈছে। ভাৰতৰ একাধিক সংবাদ প্ৰতিষ্ঠান এএনআই, এনডিটিভি, ৱৰ্ল্ড ইন ৱান নিউজ, হিন্দুস্তান টাইমছ, টাইমছ অব ইণ্ডিয়া আৰু ইণ্ডিয়া টুডেসহ আন একাধিক ডিজিটেল সংবাদ প্ৰতিষ্ঠানসমূহেও নেক্ৰ'ফিলিয়া (necrophilia) আখ্যা দি এই বাতৰিটো গুৰুত্বসহকাৰে প্ৰকাশ কৰিছিল। 

কেনেকৈ হৈছিল এই উৰাবাতৰিৰ আৰম্ভণি?

পোনপ্ৰথমে ফটোসহ এই তথ্য শ্বেয়াৰ কৰিছিল হাৰিছ চুলতান নামৰ পাকিস্তানৰ এজন টুইটাৰ ইউজাৰে। টুইটটোত তেওঁ লিখিছিল, 'পাকিস্তানী সমাজখন ইমান ভয়াৱহ ধৰণে মানুহ যৌনৰোগত আক্ৰান্ত হৈছে যে নিজ কন্যাক কবৰ দিয়াৰ পিছতো মৃতদেহক ধৰ্ষণৰ পৰা বচাবলৈ কবৰত তলা লগাবলগীয়া হৈছে।’

অল্ট নিউজৰ ফেক্ট চেকৰ পিছতে কেইবছৰমান পূৰ্বে ইছলাম ধৰ্ম ত্যাগ কৰা হাৰিছ চুলতানে উক্ত টুইটটো ডিলিট কৰাৰ লগতে সকলোৰে ওচৰত ক্ষমা বিচাৰিছে। সংবাদ সংস্থা এএনআইয়েও উক্ত বাতৰিটো নিজৰ ৱেবছাইট আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ পৰা প্ৰত্যাহাৰ কৰাৰ লগতে স্পষ্টীকৰণ প্ৰকাশ কৰিছে। 

প্ৰকৃত সত্য কেনেকৈ পোহৰলৈ আহিল? 

ছ’চিয়েল মিডিয়াত সেউজীয়া ৰঙৰ লোৰ গেট লগোৱা কবৰৰ ফটো ভাইৰেল হৈ পৰাৰ পিছতে ফেক্ট চেকিং নিউজ ছাইট অল্ট নিউজে এই সন্দৰ্ভত সত্যাসত্য নিৰূপণৰ চেষ্টা চলায়। পাকিস্তানত মৃত মহিলাকো কবৰৰ পৰা উঠাই আনি ধৰ্ষণ কৰা হয় বাবে পৰিয়ালৰ লোকে এনেদৰে নিজ কন্যাৰ মৃতদেহক সুৰক্ষা দিবলৈ কবৰত লোৰ গ্ৰিল লগাবলৈ বাধ্য হৈ পৰিছে বুলি ভাইৰেল পোষ্টটোত দাবী কৰা হৈছিল।


ফটোঃ গুগল মেপৰ ষ্ট্ৰিট ভিউত হায়দৰাবাদৰ উক্ত কবৰস্থানখন, সৌজন্যঃ অল্ট নিউজ

পাকিস্তানতো বহু লোকে হাৰিছ চুলতানৰ টুইটটো ব্যাপক ৰূপত শ্বেয়াৰ কৰিছিল। টুইটাৰ লগতে ফেচবুকতো উক্ত পোষ্টটো একপ্ৰকাৰ ভাইৰেল হৈ পৰাত বিষয়টোক লৈ সৰ্বত্ৰে চৰ্চা হ’বলৈ আৰম্ভ কৰে। কিন্তু অল্ট নিউজৰ অনুসন্ধানত পোহৰলৈ আহে যে পাকিস্তানৰ বুলি দাবী কৰা এই কবৰটো আছে ভাৰতৰ হায়দৰাবাদত।

অল্ট নিউজৰ প্ৰতিনিধিয়ে এই সন্দৰ্ভত নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম আৰু ৱেবছাইটত হায়দৰাবাদৰ উক্ত কবৰটোৰ ভিডিঅ’ এটিও প্ৰকাশ কৰিছে। অল্ট নিউজত প্ৰকাশিত বাতৰি মতে উক্ত কবৰটো আছে হায়দৰাবাদৰ মদানাপত অঞ্চলৰ দাৰাব জং কল’নীৰ এটি মছজিদৰ সমীপত। মছজিদটোৰ মৌলবী মোক্তাৰ চাহাবে অল্ট নিউজক জনাই যে কবৰটোত লোৰ গ্ৰিল লগোৱা কথাটো মছজিদ কমিটিয়ে পূৰ্বতে জ্ঞাত নাছিল। তেওঁ ছ’চিয়েল মিডিয়াত কবৰটোক লৈ যিধৰণৰ কথা ভাইৰেল হৈ পৰিছে সেয়া জানিব পাৰি হতবাক হৈ পৰে।

'এই কবৰটোৰ ডেৰ-দুই বছৰ হৈছে। গ্ৰিল লগোৱাৰ সময়ত তেওঁলোকে কমিটিৰ পৰা কোনোধৰণৰ অনুমতি লোৱা নাছিল। কবৰটো কবৰস্থানৰ প্ৰৱেশদ্বাৰৰ সোঁফালে আছে। ফলত খোজকাঢ়ি আহ-যাহ কৰাত মানুহৰ অসুবিধা হৈছিল। এই লৈ মছজিদ কমিটিৰ সদস্যসকলে কেবাদিনো ধৰি আলোচনা কৰি আছে।’-মৌলবী মোক্তাৰে কয়।

তেওঁ আৰু কয়, 'বহুতেই ইয়ালৈ আহে আৰু অনুমতি অবিহনেই পুৰণি কবৰৰ ওপৰতে মৃতদেহ কবৰ দিয়ে। যেতিয়া ফাটেহা পঢ়িবলৈ আহে তেতিয়া মৃত আত্মীয়ৰ কবৰত আনৰ মৃতদেহ কবৰ দিয়াক লৈ কমিটিক বহুতেই আপত্তি দৰ্শাই আহিছিল। এই কবৰটোক লৈয়ো যাতে এনেধৰণৰ ঘটনা নহয় তাৰ বাবে পৰিয়ালৰ লোকে এনেদৰে লোহাৰ গ্ৰিল লগাইছিল।’


ফটোঃ প্ৰথমখন ভাইৰেল পোষ্টৰ ফটোখন। দ্বিতীয়খনত অল্ট নিউজৰ প্ৰতিনিধিক দেখা গৈছে।

মৌলবী মোক্তাৰে জনোৱামতে যিটো কবৰৰ ফটো ভাইৰেল হৈ পৰিছে সেই কবৰটোত এগৰাকী ৭০ বছৰীয়া মহিলাক সমাধিস্থ কৰা হৈছিল। বৃদ্ধাগৰাকীৰ পুত্ৰই এই লোহাৰ গ্ৰিলখন লগাইছিল বুলিও তেওঁ সদৰী কৰে। স্থানীয় এজন লোকে জনোৱা মতে, বৃদ্ধাগৰাকীক সমাধিস্থ কৰাৰ ৪০ দিন পিছত এই গ্ৰিলখন কবৰত লগোৱা হৈছিল।

সাংবাদিকতাক লৈ আকৌ প্ৰশ্ন!

অল্ট নিউজে ভাইৰেল কবৰৰ ফটোৰ প্ৰকৃত সত্যা পোহৰলৈ অনাৰ পিছতে ভাৰত উপমহাদেশত সাংবাদিকতাৰ ধাৰাক লৈ প্ৰশ্ন উত্থাপিত হোৱা দেখা গৈছে। সত্যাসত্য নিৰূপণ নকৰাকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা পোষ্টৰ আধাৰতে আগশাৰীৰ নিউজ চেনেলসমূহেও বাতৰি প্ৰকাশ কৰাত আশ্চৰ্য প্ৰকাশ কৰিছে একাংশ নেটিজেনে। 

বিগত বৰ্ষত ধৰ্মীয় অনুভূতিত আঘাত হনাৰ অভিযোগত বিগত বৰ্ষত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অল্ট নিউজৰ এগৰাকী সহঃপ্ৰতিষ্ঠাপক সাংবাদিক মহম্মদ জুবেইৰক। কিন্তু পৰৱৰ্তী সময়ত আৰক্ষীে অভিযোগ প্ৰমাণিত কৰিব নোৱৰাত জামিন লাভ কৰে সাংবাদিক জুবেইৰে। 

উল্লেখ্য যে অল্ট নিউজে বহু প্ৰপাগাণ্ডামূলক ভাইৰেল পোষ্টৰ সত্যাসত্য নিৰূপণ কৰাত বাৰুকৈয়ে শলঠেকত পৰিবলগীয়া হৈছিল চৰকাৰ। সেয়ে চৰকাৰে আক্ৰোশমূলকভাৱে জুবেইৰক গ্ৰেপ্তাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছিল অল্ট নিউজৰ প্ৰতিষ্ঠাপক প্ৰতীক সিনহাই।