আজাৰাঃ অৱশেষত আৰক্ষীৰ জালত পৰিল যুৱতীক নিৰ্যাতন চলাই ভিডিঅ' ৰেকৰ্ডিং কৰি সেই ভিডিঅ’ হোৱাটছএপত ৰাজহুৱা কৰা দলটো। আজাৰা আৰক্ষীয়ে আজি যুৱকৰ দলটোৰ ৪ জনক কৰায়ত্ত কৰিবলৈ সমৰ্থ হয়।

যোৱা বৃহস্পতিবাৰে ভাইৰেল হৈ পৰা যুৱতী নিৰ্যাতনৰ এই ঘটনাৰ বিষয়ে সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ লগে লগে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ। অধিকাংশ সংবাদ মাধ্যমত ঘটনাটো বাইহাটা চাৰিআলিৰ সমীপৰ এখন ঠাইৰ বুলি প্ৰকাশ পাইছিল যদিও সেয়া দীপৰবিলতহে সংঘটিত হৈছিল বুলি আজি আৰক্ষী নিশ্চিত হয়।

উক্ত ভিডিঅ’টোত টিভি চেনেল আৰু আৰক্ষীৰ নাম লৈ ধনদাবী কৰা কথোপকথন থকাৰ পৰিপ্ৰেক্ষিততে বিষয়টো গুৰুত্বসহকাৰে লয় অসম আৰক্ষীয়ে। অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে শুকুৰবাৰে দিয়া এক নিৰ্দেশৰ পিছতে আজাৰা আৰক্ষীৰ এটা দলে অভিযান চলাই দীপৰবিলৰ সমীপৰ পৰা উক্ত দুষ্কাৰ্য সংঘটিত কৰা যুৱককেইজনৰ ৪ জনক জালত পেলায়। নিৰ্যাতন চলোৱাৰ সময়ত দলটোৰ এজনে পিন্ধি থকা টী-ছাৰ্টৰ আঁত ধৰিয়েই আৰক্ষীৰ দলটোৱে অভিযান চলাইছিল বুলি জানিব পৰা গৈছে। আজিৰ অভিযানত উক্ত টী-ছাৰ্টটোও আৰক্ষীয়ে জব্দ কৰে।

ধৃত যুৱককেইজন হৈছে হিতেশ কলিতা, ধ্ৰুৱ কলিতা, প্ৰাঞ্জল কলিতা আৰু মিণ্টু কলিতা। আটাইকেইজনৰে ঘৰ ৰাণী চকৰদৈ গাঁৱত। ঘটনাটোৰ সৈতে জড়িত আন দুজন যুৱক ক্ৰমে অজয় কলিতা আৰু জিয়াউৰ আলী পলাতক অৱস্থাত আছে। আৰক্ষীৰ জেৰাত সমস্ত দুষ্কাৰ্যৰ কথা স্বীকাৰ কৰিছে ধৃত যুৱককেইজনে।

উল্লেখ্য যে এই ঘটনা সংঘটিত হৈছিল প্ৰায় ৩ মাহ পূৰ্বে। ভুক্তভোগী যুৱতী আৰু তেওঁৰ প্ৰেমিকজনেও এই সন্দৰ্ভত আৰক্ষীৰ কাষ চপা নাছিল। কিন্তু যুৱতী নিৰ্যাতনৰ এই ভিডিঅ’টো যেতিয়া ৰাষ্ট্ৰ হৈ সংবাদ মাধ্যমৰ ওচৰ পাই তেতিয়াই সকলো হতভম্ব হৈ পৰে। বিষয়টোক লৈ ছ’চিয়েল মিডিয়াত চৰ্চা হোৱাৰ লগতে দুস্কৃতিকাৰীকেইজনক শীঘ্ৰে কৰায়ত্ত কৰাৰো দাবী উঠে।

অৱশেষত আজাৰা আৰক্ষীৰ তৎপৰতাত লম্পট যুৱককেইজন ধৰা পৰাত সকলোৱে সন্তুষ্টি প্ৰকাশ কৰিছে। এই যুৱককেইজনে পূৰ্বেও মহানগৰীৰ সমীপৱৰ্তী দীপৰবিললৈ অহা একাধিক প্ৰেমাস্পদক এনেদৰে নিৰ্যাতন চলাই ভিডিঅ’ ৰেকৰ্ডিং কৰি ধনদাবী কৰি আহিছিল বুলি আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৪২, ৩৫৪, ৩৫৪(বি), ৩৮৬, ৫০৬ আৰু ৩৪ নং ধাৰাৰ অধীনত নিজাববীয়াকৈ ৩১২/১৭ নম্বৰৰ এটি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।