আজাৰাঃ অৱশেষত আৰক্ষীৰ জালত পৰিল যুৱতীক নিৰ্যাতন চলাই ভিডিঅ’ ৰেকৰ্ডিং কৰি সেই ভিডিঅ’ হোৱাটছএপত ৰাজহুৱা কৰা দলটো। আজাৰা আৰক্ষীয়ে আজি যুৱকৰ দলটোৰ ৪ জনক কৰায়ত্ত কৰিবলৈ সমৰ্থ হয়।
যোৱা বৃহস্পতিবাৰে ভাইৰেল হৈ পৰা যুৱতী নিৰ্যাতনৰ এই ঘটনাৰ বিষয়ে সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ লগে লগে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ। অধিকাংশ সংবাদ মাধ্যমত ঘটনাটো বাইহাটা চাৰিআলিৰ সমীপৰ এখন ঠাইৰ বুলি প্ৰকাশ পাইছিল যদিও সেয়া দীপৰবিলতহে সংঘটিত হৈছিল বুলি আজি আৰক্ষী নিশ্চিত হয়।