কোকৰাঝাৰঃ ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এক ভিডিঅ'ই ৰাজ্যৰ সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা এই ভিডিঅ'টোত এগৰাকী বড়ো মহিলা আৰু এজন যুৱকক  পাষণ্ড যুবকৰ দল এটাই লাঠিৰে উপৰ্যুপৰি প্ৰহাৰ কৰাৰ লগতে লথিয়াই - গুৰিয়াই থকাৰ দৃশ্য এজন ব্যক্তিয়ে নিজৰ মোবাইলত বন্দী কৰি ছচিয়েল মিডিয়াত আপলোড কৰাত ৰাজ্যজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে৷

উল্লেখ্য যে ছচিয়েল মিডিয়াত থকা "এ বডোলেন্ড গাৰ্লছ অফিচিয়েল" নামৰ গ্ৰুপটোত এজন ব্যাক্তিয়ে যোৱা ১৭ ফেব্ৰুৱাৰীত চাঞ্চল্যকাৰী ভিডিঅটো আপলোড কৰিছিল আৰু মূহুৰ্ত্ততে ভিডিঅ'টো ভাইৰেলত পৰিণত হয়৷ ছ'চিয়েল মিডিয়াত পাষণ্ড যুৱকৰ দলটোক চিনাক্তকৰণ আৰু গ্ৰেপ্তাৰৰ সৰব চৰ্চা অৱ্যাহত থকাৰ সময়তে আজি কোকৰাঝাৰস্থিত হাতীমাথা অঞ্চলৰ বাসিন্দা ৰাজু নাৰ্জাৰী নামৰ ব্যক্তি এজনে কোকৰাঝাৰ সদৰ থানাত উক্ত চাঞ্চল্যকাৰী ভিডিঅ'টোৰ কেছেট জমা দিয়াৰ লগতে ঘটনা সংক্ৰান্তত এখন এজাহাৰ দাখিল কৰিছে ৷

ঘটনাটোত জড়িত থকা পাষণ্ড তথা হৃদয়হীন লোক সকলক  চিনাক্ত কৰি অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিছে ৰাজু নাৰ্জাৰীয়ে । আৰক্ষীয়ে ঘটনা সংক্ৰান্তত এক গোচৰ (নং-১০৪/২০১৭) ৰুজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ১৪৩/৩২৬/৩৫৪  মৰ্মে তদন্ত অব্যাহত ৰাখিছে ৷ মনকৰিবলগীয়া এয়ে যে, ঘটনাটোয়ে সমগ্ৰ ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি কৰিছে যদিও উক্ত অমানবীয় ঘটনাটো সংঘটিত হোৱাৰ স্থান কত সেয়া অদ্যাপি চিনাক্তকৰণ নোহোৱাৰ লগতে পাষণ্ডলোকসকলো পোহৰলৈ অহা নাই ৷

অৱশ্যে কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিয়ে সদৰ থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত আৰু ঘটনাটোৰ ভিডিঅ' ফুটেজ প্ৰত্যক্ষ কৰি অচিৰেই দোষী ব্যাক্তি সকলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হব বুলি জানিবলৈ দিয়ে ৷

উল্লেখ্য যে উক্ত ভাইৰেল হোৱা ভিডিঅ'টো প্ৰকৃততে নিৰ্দোষী ব্যাক্তিক ডাইনী অপবাদ দি ৰাজহুৱা ভাৱে মাৰধৰ কৰাৰ দৃশ্য বুলি একাংশই সন্দেহ প্ৰকাশ কৰিছে । যিহেতু বিটিএডিত ডাইনী সন্দেহত প্ৰায় প্ৰতিবছৰে নিৰ্দোষী ব্যাক্তিক হত্যা কৰা অপপ্ৰথা বৰ্তমানেও ভিতৰুৱা অঞ্চলসমূহত অব্যাহত আছে সেয়ে উক্ত ভাইৰেল হোৱা ভিডিঅ'টো বিটিএডিৰে কোনোবা এক ভিতৰুৱা অঞ্চলৰ ডাইনী বিচাৰ বুলিয়েই ছ'চিয়েল মিডিয়াত চৰ্চা অব্যাহত আছে । অৱশ্যে আৰক্ষীয়ে দোষীক গ্ৰেপ্তাৰ কৰিব পাৰিলেই সকলো তথ্য পোহৰলৈ আহিব আৰু ৰাজ্যৰ জনসাধাৰণে সেয়েহে ন্যায়ৰ আশাত আৰক্ষীৰ মুখলৈকে চাই আছে ।