কোকৰাঝাৰঃ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এক ভিডিঅ’ই ৰাজ্যৰ সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা এই ভিডিঅ’টোত এগৰাকী বড়ো মহিলা আৰু এজন যুৱকক পাষণ্ড যুবকৰ দল এটাই লাঠিৰে উপৰ্যুপৰি প্ৰহাৰ কৰাৰ লগতে লথিয়াই – গুৰিয়াই থকাৰ দৃশ্য এজন ব্যক্তিয়ে নিজৰ মোবাইলত বন্দী কৰি ছচিয়েল মিডিয়াত আপলোড কৰাত ৰাজ্যজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে৷
উল্লেখ্য যে ছচিয়েল মিডিয়াত থকা “এ বডোলেন্ড গাৰ্লছ অফিচিয়েল” নামৰ গ্ৰুপটোত এজন ব্যাক্তিয়ে যোৱা ১৭ ফেব্ৰুৱাৰীত চাঞ্চল্যকাৰী ভিডিঅটো আপলোড কৰিছিল আৰু মূহুৰ্ত্ততে ভিডিঅ’টো ভাইৰেলত পৰিণত হয়৷ ছ’চিয়েল মিডিয়াত পাষণ্ড যুৱকৰ দলটোক চিনাক্তকৰণ আৰু গ্ৰেপ্তাৰৰ সৰব চৰ্চা অৱ্যাহত থকাৰ সময়তে আজি কোকৰাঝাৰস্থিত হাতীমাথা অঞ্চলৰ বাসিন্দা ৰাজু নাৰ্জাৰী নামৰ ব্যক্তি এজনে কোকৰাঝাৰ সদৰ থানাত উক্ত চাঞ্চল্যকাৰী ভিডিঅ’টোৰ কেছেট জমা দিয়াৰ লগতে ঘটনা সংক্ৰান্তত এখন এজাহাৰ দাখিল কৰিছে ৷