Home ৰাজ্যপ্ৰকৃতিৰ ৰম্যভূমিলৈ আহক, ১৭ জানুৱাৰীৰ পৰা ভৈৰৱকুণ্ড মহোৎসৱ

প্ৰকৃতিৰ ৰম্যভূমিলৈ আহক, ১৭ জানুৱাৰীৰ পৰা ভৈৰৱকুণ্ড মহোৎসৱ

by News Desk
64 views
A+A-
Reset

ওদালগুৰিঃ বছৰৰ এটা দিন হলেও আপুনি প্ৰকৃতিৰ ৰম্যভূমিত আপোন পাহৰা হ’বলৈ বিচাৰে। ইন্টাৰনেটৰ যুগত মানুহ যন্ত্ৰৰ দৰে হৈ পৰিছে এই কথা সকলোৱে উপলদ্ধি কৰিব আৰম্ভ কৰিছে। কংক্ৰিটৰ মহানগৰত বাস কৰি তথা ব্যস্ত থাকি আপুনি-মই সেউজীয়া কি সেয়া পাহৰিয়ে পেলাইছো। যদি আপুন ব্যস্ত জীৱনটোত উশাহ লবলৈ পাহৰিছে তেন্তে তেন্তে আপুনি প্ৰকৃতিৰ ৰম্য ভূমি খ্যাত ভৈৰৱকুণ্ডলৈ আহক৷ প্ৰকৃতিৰ বিনন্দীয়া পৰিৱেশৰ মাজত আপোন পাহৰা হ’ব পাৰিব ভৈৰৱকুণ্ডত।

ভূটান পাহাৰৰ বুকু ফালি বৈ অহা নদী খনে আপোনাক আপোন পাহৰা কৰিব। ওখ ওখ সেউজীয়া পাহাৰ-শুভ্ৰ শিল, গছবােৰে আপোনাক আপোন পাহৰা কৰিব। ক্ষন্তেকৰ বাবে হলেও আপুনি প্ৰকৃতিৰ সৈতে একাত্ম হ’ব পাৰিব। ভূটান পাহাৰৰ পৰা বৈ অহা নিৰ্মল জলধাৰাই আপোনাৰ মন মুহিবলৈ সক্ষম হ’ব। তাৰ মাজতে, অহা ১৭ জানুৱাৰীৰ পৰা বিটিচি প্ৰশাসনৰ উদ্যোগত আৰু ভৈৰৱকুণ্ড পৰ্যটন শাখাৰ সহযোগত চাৰি দিনীয়া কাৰ্যসূচীৰে ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0