সৰভোগঃ ৰাষ্ট্ৰীয় পৰ্যায়ত সৰভোগক পুনৰ উজ্জ্বলালে সাগৰ ঘোষে। দেশৰ ফেশ্বন জগতত দোপতদোপে আগবাঢ়িছে সাগৰ। উচ্চতৰ মাধ্যমিকৰ শিক্ষা সাং কৰিয়ে মায়ানগৰী মুম্বাইলৈ গৈ তাত বিখ্যাত বালাজী ফ্লিমছত সহঃপৰিচালক হিচাপে কাম কৰি থকাৰ লগতে মডেলিং কৰে সাগৰে।
পৰৱৰ্তী সময়ত অসমলৈ ঘূৰি আহি তেওঁ মডেলিঙৰ বাবে শৰীৰ চৰ্চা আৰম্ভ কৰে। অসমলৈ ঘূৰি অহাৰ কিছুদিনৰ পিছতে ফেচ অব নৰ্থ ইষ্ট নামৰ ফেচন প্ৰতিযোগিতাখনত ফাইনেলিষ্ট হিচাপে তেওঁ শীৰ্ষলৈ উপনীত হয়। তাৰ পিছতে তেওঁ আন এখন বিখ্যাত প্ৰতিযোগিতা মেগা মিষ্টাৰ নৰ্থ ইষ্ট-১৭ অংশগ্ৰহণ কৰে।