ওদালগুৰিঃ বুধবাৰৰ পৰা আৰম্ভ হ’ল ষষ্ঠ ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ। ওদালগুৰি জিলাৰ ভাৰত-ভূটান-অৰুণাচল প্ৰদেশৰ ত্ৰিবেণীসংগমস্থলীত অৱস্থিত প্ৰকৃতিৰাণী ভৈৰৱকুণ্ড বনভোজস্থলীৰ গাতে লাগি থকা ভৈৰৱকুণ্ড পৰ্যটন আৱাসস্থলীত অনুষ্ঠিত হোৱা মহোৎসৱৰ পুৱা ১০ বজাত পতাকা উত্তোলন কৰে মহোৎসৱৰ কাৰ্যকৰী সভাপতি তথা বিটিচি অধ্যক্ষ ত্ৰিদীপ দৈমাৰীয়ে৷
তাৰ পাছত ওদালগুৰি জিলা উপায়ুক্ত দিলীপ কুমাৰ দাস, এচএচবিৰ চিঅ’ পি আগৰৱাল, সেনাৰ ডোগ্ৰা ৰেজিমেণ্টৰ কৰ্ণেল বানচাল আৰু ওদালগুৰিৰ অতৰিক্ত উপায়ুক্ত অনুপম চৌধুৰীয়ে শান্তিৰ প্ৰতীক উৰুৱাই একতা-ঐক্য-শান্তিৰ শ্ল’গানেৰে পথ মুকলি কৰে। দিনৰ ১১ বজাত বিটিচি পৰিষদীয় সমষ্টিৰ এমচিএলএ ৰিপেন দৈমাৰীয়ে বন্তি প্ৰজ্বলন কৰি ষষ্ঠ ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ উদ্বোধন কৰে।