নগাঁওঃ যি সময়ত ৰাজ্যৰ চৌদিশে এচাম দুষ্ট চক্ৰই বন্য প্ৰাণী হত্যা কৰি ইয়াৰ ছাল, দাতঁ, নখ, হাড় আদিৰ চোৰাং ব্যৱসায় চলাই আহিছে ঠিক তেনে সময়তে নগাঁও জিলাৰ বটদ্ৰৱাৰ নিকটৱৰ্তী আলিটাঙনীত বুধবাৰে প্ৰকৃতি প্ৰেমী যুৱক আবু ছাদিক কবিৰৰ তৎপৰতাৰে এটা দুষ্প্ৰাপ্য প্ৰজাতিৰ ৰজা শগুণ মৃত্যুৰ মুখৰ পৰা ৰক্ষা পৰে।
জানিব পৰা মতে, আজি পুৱা ভাগত আলিটাঙনী ছিনিয়ৰ মাদ্ৰাছাৰ ওচৰৰ এখন পথাৰত অতি দুৰ্বল অৱস্থাত ৰজা শগুণ টো পৰি আছিল। পিছত আবু ছাদিক কবিৰ, সাংবাদিক মাজিদুল ইছলাম আৰু ৰাইজৰ সহযোগত শগুণটোক উদ্ধাৰ কৰি নগাঁও বন বিভাগক চমজাই দিয়ে।