ডিজিটেল ডেস্কঃ অৱশেষত উদ্ধাৰ হ’ল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ চুৰি গাড়ী৷ গাজিয়াবাদৰ মোহন নগৰৰ পৰা উদ্ধাৰ হয় কেজিৱালৰ চুৰি ৱেগানাৰ গাড়ী খন৷ গাজিয়াবাদলৈ কোনে, কেনেকৈ নিলে সেই কথা এতিয়ালৈ স্পষ্ট হোৱা নাই৷ মুখ্যমন্ত্ৰী অৰবিন্দৰ গাড়ীৰ বৰণ আৰু মডেল চুৰি গাড়ীৰ সৈতে মিল আছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰে৷
দিল্লী আৰক্ষীয়ে ইঞ্জীন নম্বৰো মিলাই চোৱা বুলি জানিব পৰা গৈছে৷ আম আদমি পাৰ্টীৰ ইতিহাসৰ সৈতে এই গাড়ী খনৰ ইতিহাস জড়িত হৈ আছে৷ ১২ অক্টোবৰত দিল্লী সচিবালয়ৰ বাহিৰৰ পৰা চুৰি হৈছিল হৈছিল নীলা ৰঙৰ ৱেগনাৰখন৷ দীৰ্ঘদিনে নিজে চলোৱাৰ লগতে আম আদমি পাৰ্টীৰ কাম কাজত গাড়ী খন ব্যৱহাৰ কৰি আহিছে কেজৰিৱালে৷