Home ৰাজ্যপ্ৰৰোচিত হ’লে নিজলৈহে ক্ষতি

প্ৰৰোচিত হ’লে নিজলৈহে ক্ষতি

by News Desk
70 views
A+A-
Reset

ৰাজপথত কেৱল সেনা আৰু আৰক্ষীৰ গাড়ীৰ শব্দ৷ দিনৰ দিনটো মানুহবোৰে ঘৰৰ ভিতৰতে সময় অতিবাহিত কৰিছে৷ নিত্যব্যৱহাৰ্য সামগ্ৰীৰ প্ৰয়োজন যদিও ঘৰৰপৰা ওলাই গৈ সামগ্ৰী আনিবলৈ সাহস গোটাব পৰা নাই কোনেও৷ স্কুল-কলেজ বন্ধ৷ চ’ক বজাৰত কেৱল সেনা-আৰক্ষীৰ তহল৷ চৌদিশে নিটাল-নিস্তব্ধ৷ মাজে মাজে সেনা-আৰক্ষীৰ কনভয়ে ৰাজপথ কঁপাই গৈছে৷ চৌদিশে ভয় আৰু আতংকময় পৰিৱেশ৷ দিনৰ দিনটো তেনেদৰেই পাৰ হয়৷ এন্ধাৰ নামি আহিলেই যেন বিপদো নামি আহে! কোনোবাই ঘৰ জ্বলাই থৈ যাব নেকি! একে-৪৭ৰ গুলীয়ে কাৰোবাৰ বুকু ভেদিব নেকি! চৌদিশে কেৱল ভয় আৰু আতংক! 

বেলি ডুব যোৱাৰ পাছতে গাঁৱৰ লোকসকল এঠাইত একত্ৰিত হয়৷ তেওঁলোক একো একোটা গোটত বিভক্ত হৈ গাঁওখন নতুবা এলেকাটো পহৰা দিবলৈ ধৰে৷ ভাগে ভাগে গাঁৱৰ প্ৰতিটো এলেকা পহৰাৰ বাবে দলবোৰক দায়িত্ব দিয়া হয়৷ বিশেষকৈ গাঁৱৰ ডেকাসকলে পহৰা দিয়ে৷ কিছু সময়ৰ মূৰে মূৰে আতংকগ্ৰস্ত পহৰাদাৰসকলে টৰ্চৰ তীব্ৰ পোহৰেৰে নীৰিক্ষণ কৰে কোনোবা আহিছে নেকি! এন্ধাৰ ফালি পোহৰ ওলাই আহে দূৰৰ গাঁওখনৰপৰাও৷ কিছু সময়ৰ মূৰে মূৰে টৰ্চ জ্বলাই চৌপাশ সন্তৰ্পণে পৰীক্ষা কৰা হয়৷ পহৰাদাৰসকলে পহৰা দিয়াৰ বাবেহে নিশা পৰিয়ালৰ আন সদস্যকেইজনে শান্তিৰে শুব পাৰিছে৷ কিমানদিনলৈ গাঁৱৰ ডেকাসকলে নিশা পাটীত পৰিবলৈ নাপায় তাৰ হিচাপ নাই৷ পৰহা দিবলৈ নগ’লেও ২০০-৩০০ টকা জৰিমনা ভৰিবলগা হয়। চকুৰ গুৰি ক’লা পৰি যায় ডেকাসকলৰ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0