প্ৰৰোচিত হ'লে নিজলৈহে ক্ষতি

 | by Wahidur Rahman  |  0
Printer-friendly version

► ৱাহিদুৰ ৰহমান

ৰাজপথত কেৱল সেনা আৰু আৰক্ষীৰ গাড়ীৰ শব্দ৷ দিনৰ দিনটো মানুহবোৰে ঘৰৰ ভিতৰতে সময় অতিবাহিত কৰিছে৷ নিত্যব্যৱহাৰ্য সামগ্ৰীৰ প্ৰয়োজন যদিও ঘৰৰপৰা ওলাই গৈ সামগ্ৰী আনিবলৈ সাহস গোটাব পৰা নাই কোনেও৷ স্কুল-কলেজ বন্ধ৷ চ’ক বজাৰত কেৱল সেনা-আৰক্ষীৰ তহল৷ চৌদিশে নিটাল-নিস্তব্ধ৷ মাজে মাজে সেনা-আৰক্ষীৰ কনভয়ে ৰাজপথ কঁপাই গৈছে৷ চৌদিশে ভয় আৰু আতংকময় পৰিৱেশ৷ দিনৰ দিনটো তেনেদৰেই পাৰ হয়৷ এন্ধাৰ নামি আহিলেই যেন বিপদো নামি আহে! কোনোবাই ঘৰ জ্বলাই থৈ যাব নেকি! একে-৪৭ৰ গুলীয়ে কাৰোবাৰ বুকু ভেদিব নেকি! চৌদিশে কেৱল ভয় আৰু আতংক! 

বেলি ডুব যোৱাৰ পাছতে গাঁৱৰ লোকসকল এঠাইত একত্ৰিত হয়৷ তেওঁলোক একো একোটা গোটত বিভক্ত হৈ গাঁওখন নতুবা এলেকাটো পহৰা দিবলৈ ধৰে৷ ভাগে ভাগে গাঁৱৰ প্ৰতিটো এলেকা পহৰাৰ বাবে দলবোৰক দায়িত্ব দিয়া হয়৷ বিশেষকৈ গাঁৱৰ ডেকাসকলে পহৰা দিয়ে৷ কিছু সময়ৰ মূৰে মূৰে আতংকগ্ৰস্ত পহৰাদাৰসকলে টৰ্চৰ তীব্ৰ পোহৰেৰে নীৰিক্ষণ কৰে কোনোবা আহিছে নেকি! এন্ধাৰ ফালি পোহৰ ওলাই আহে দূৰৰ গাঁওখনৰপৰাও৷ কিছু সময়ৰ মূৰে মূৰে টৰ্চ জ্বলাই চৌপাশ সন্তৰ্পণে পৰীক্ষা কৰা হয়৷ পহৰাদাৰসকলে পহৰা দিয়াৰ বাবেহে নিশা পৰিয়ালৰ আন সদস্যকেইজনে শান্তিৰে শুব পাৰিছে৷ কিমানদিনলৈ গাঁৱৰ ডেকাসকলে নিশা পাটীত পৰিবলৈ নাপায় তাৰ হিচাপ নাই৷ পৰহা দিবলৈ নগ'লেও ২০০-৩০০ টকা জৰিমনা ভৰিবলগা হয়। চকুৰ গুৰি ক'লা পৰি যায় ডেকাসকলৰ৷ 

চৌদিশে অবিশ্বাসৰ পৰিৱেশ৷ অপপ্ৰচাৰে পৰিৱেশ দূষিত কৰিছে৷ বড়োৱে মুছলমানৰ ঘৰ জ্বলাবলৈ আহিব বুলি অপপ্ৰচাৰ কৰা হয়৷ বড়োসকলক কোৱা হয় মুছলমানে বড়োৰ ঘৰ জ্বলাবলৈ আহিব৷ এনেবোৰ অপপ্ৰচাৰৰ বাবে ইটো সম্প্ৰদায়ে সিটো সম্প্ৰদায়ৰ বিৰুদ্ধে হিংস্ৰ হৈ উঠিবলৈ ধৰে৷ নিশা কুকুৰে ভুকিলেও বড়োসকলে ভাবে মুছলমানে ঘৰ জ্বলাবলৈ আহিছে, মুছলমানে ভাবে বড়োৱে ঘৰ জ্বলাবলৈ আহিছে৷

ৰোগীক ঘৰৰপৰা উলিয়াই চিকিৎসৰ ওচৰলৈ নিব নোৱাৰা পৰিৱেশ৷ জানোচা বাটতে কোনোবা ৰৈ আছে৷ সন্তানে স্কুললৈ যাব নোৱাৰে৷ বৃদ্ধ পিতৃ-মাতৃয়ে পহৰা দি থকা নিজ সন্তানৰ চিন্তাত চকুলো টুকে৷ কোনেও কাকো বিশ্বাস কৰিব নোৱাৰা অৱস্থা৷ কালিলৈকে একেখন হোটেলৰ একেখন টেবুলত বহি চাহ খোৱা মানুহজন হঠাৎ হৈ পৰে বৈৰী৷ সন্দেহৰ চকুৰে চাবলৈ ধৰে ইটো সম্প্ৰদায়ে সিটো সম্প্ৰদায়ক৷ ভুল বুজাবুজিৰ সৃষ্টি কৰা হয়৷ কৌটিকলীয়া ভাতৃত্ববোধ মুহূৰ্ততে থানবান হৈ পৰে৷ একেখন পথাৰতে হাল বোৱা ৰাম আৰু ৰহিম হৈ পৰে বাৰ শত্ৰু৷ 

মানুহবোৰ পশু হ’বলৈ ধৰে৷ সহজ-সৰল মানুহবোৰ হিংস্ৰ হৈ পৰে৷ বুজিব পৰা শক্তি লোপ পাবলৈ ধৰে৷ একো নুবুজা হৈ পৰে৷ কিয় মানুহবোৰক হিংস্ৰ কৰি তোলা হয়? কোনো দুয়োটা সম্প্ৰদায়কে উচটাই ক্ষুভিত কৰা হয়।মন-মগজুত অইন ধৰ্ম-সম্প্ৰদায়ৰ বিৰুদ্ধে বিষ সোমোৱাই দিয়া হয়৷ মানুহবোৰক অমানুহ কৰি তোলা হয়৷ মানুহবোৰক হৃদয়হীন কৰি তোলা হয়৷ অন্তৰত একোটা শিল ভৰাই দিয়া হয়৷ মৰম-ভালপোৱাবোৰ নাইকীয়া হৈ পৰে৷ 'মানুহে মানুহৰ বাবে' বুলি কোৱা কথাষাৰ অৰ্থহীন হৈ পৰে৷ এটা চৰাই মাৰিব নোৱাৰা মানুহজনে দেখোন মানুহকে ডেগাৰেৰে হানি-খুচি হত্যা কৰিব পৰাৰ ক্ষমতা লাভ কৰিছে!

---------------------------------------------------------------------------------------

এনে পৰিৱেশৰ ওচৰৰপৰা নোপোৱাজনে অনুভৱ কৰিব নোৱাৰে৷ বৰ্ণিত কথাখিনি সাধু নহয়৷ অসমৰ বাস্তৱ প্ৰতিচ্ছবি ৷ ২০০৬ চনত বি টি এ ডি গঠন হোৱাৰ পাছত কমেও চাৰিবাৰ এনে পৰিৱেশৰ সন্মুখীন হৈছোঁ। আমি বি টি এ ডি অঞ্চলৰ যুৱক৷ সেয়ে বৰ্ণিত পৰিৱেশ আমাৰ বাস্তৱ অভিজ্ঞতা আৰু বি টি এ ডিৰ সকলো লোকেই এই পৰিস্থিতিৰ কথা একে মুখে স্বীকাৰ কৰিব৷ 

আজি হঠাৎ এনেবোৰ কথা কিয় ক’বলগীয়া হ’ল? আজিৰ দিনটোত কিহৰ বাবে প্ৰয়োজন হ’ল এনেবোৰ কথা কোৱাৰ? ৰাজ্যৰ শেহতীয়া পৰিস্থিতিয়ে সমগ্ৰ অসমলৈ এনে এক পৰিৱেশেই নমাই আনিব বুলি শংকা হৈছে৷ সহজ-সৰল বড়ো জনগোষ্ঠী আৰু বি টি এ ডিৰ মুছলমানক বাৰে বাৰে যেনেদৰে বিপথে পৰিচালিত কৰা হৈছিল, তেনেদৰে সমগ্ৰ অসমক বিপথে পৰিচালিত কৰিব বিচৰা হৈছে বুলি আমাৰ ব্যক্তিগত অনুভৱ৷ বি টি এ ডিত সংঘটিত হোৱা সাম্প্ৰদায়িক ঘটনাৰ পূৰ্বে একাংশ ৰাজনৈতিক দলৰ নেতা আৰু একাংশ সন্দেহজনক সংগঠনৰ নেতাই সমাজক ক্ষতি কৰিব পৰা উগ্ৰ মন্তব্য দিয়া দেখা গৈছিল৷ ৰাজনৈতিক আৰু অৰাজনৈতিক দলৰ নেতা-কৰ্মীয়ে হকে-বিহকে মাৰিম-কাটিম, অস্ত্ৰ লম বুলি হুংকাৰ দি থকাৰ সময়তে বি টি এ ডিত নৰমেধ যজ্ঞ আৰম্ভ হৈছিল৷ কেঁচুৱা, অন্তঃসত্বা মহিলাকো হত্যা কৰা হৈছিল৷ তাৰ পাছতে দুয়োটা সম্প্ৰদায়ৰ মাজত সন্দেহ আৰু ঘৃণাই ঠাই লৈছিল। ইয়েই শেষত সাম্প্ৰদায়িক সংঘৰ্ষৰ ৰূপ ধাৰণ কৰিছিল৷ ফলত বিপদত পৰিছিল সাধাৰণ খাটিখোৱাসকল৷ দিন-মজদুৰ, শ্ৰমিক আৰু মধ্যবিত্ত শ্ৰেণীটোৰেই আটাইতকৈ বেছি ক্ষতি হৈছিল৷ বহু মানুহৰ ঘৰ জ্বলিছিল৷ 

এই কলাদিনবোৰৰ ভুক্তভোগীসকলৰ একাংশই আজিও তম্বুৰ তলতে জীৱন যাপন কৰি থাকিবলগীয়া হৈছে৷ হাজাৰ হাজাৰ লোকৰ জীৱন দুৰ্বিষহ হৈ পৰিছে৷ বহু ছাত্ৰ-ছাত্ৰীৰ মাহৰ পাছত মাহ স্কুল ক্ষতি হৈছিল৷ বহু কেঁচুৱা-বৃদ্ধ, ডেকাৰ মৃত্যু হৈছিল৷ যিসকল নেতাই অবিবেচক বক্তব্য দি বি টি এ ডিৰ পৰিস্থিতি উত্তাল কৰিছিল, সেইসকল নেতাৰ কিন্তু একো ক্ষতি নহ’ল৷ তেওঁলোকে শীত-তাপ নিয়ন্ত্ৰিত গাড়ীত বহি কটকটীয়া সুৰক্ষা ব্যৱস্থাৰ মাজেৰে দুৰ্ভগীয়াসকলৰ খবৰ ল'বলৈ আহিছিল৷ এইসকল নেতাৰ প্ৰৰোচনামূলক ভাষণত উত্তেজিত হৈ সাধাৰণ জনতাই বহু হেৰুৱালে৷ কিন্তু এই নেতাসকলৰ কোনো ক্ষতি নহ'ল৷

ধৰ্মৰ নামত, জাতিৰ নামত, সম্প্ৰদায়ৰ নামত বিষ ছটিওৱা নেতাৰ ভাষণত উত্তেজিত হোৱা সাধাৰণ জনতাই শেষত কান্দি কান্দি সময় অতিবাহিত কৰিব গা হয়, সন্তানক হেৰুৱাবলগীয়া হয়৷ ঘৰ-দুৱাৰ পুৰি ছাৰখাৰ হয়৷ আকৌ সুস্থ পৰিৱেশ গঢ়ি উঠোতে বছৰৰ পাছত বছৰ লাগে৷

হে সহজ-সৰল অসমবাসী! নেতাৰ ভাষণত আবেগিক নহ’ব৷ সুস্থভাৱে চিন্তা কৰক৷ সমাজখনক সুস্থ কৰি ৰখাত সহায় কৰক৷ নেতাৰ ৰাজনৈতিক অভিলাষ পূৰণৰ বাবে নিজৰ জীৱন, সন্তানৰ জীৱন ধ্বংস নকৰিব৷ সকলোৱে ভাতৃত্বৰ বান্ধোনত থাকি গণতান্ত্ৰিক পদ্ধতিৰে সকলো সমস্যা সমাধান কৰাৰ চেষ্টা কৰক৷ নেতাৰ বাবে ক্ষমতাই সকলো৷ ভোটৰ বাবে নিজ মাতৃক বিক্ৰী কৰিব পাৰে নেতাই৷ এই নেতাসকলেই মুহূৰ্ততে সাতামপুৰুষীয়া সম্প্ৰীতি বিনষ্ট কৰিব পাৰে৷ ৰাজভোগৰ বাবে মানৱতা পাহৰি পেলায় এই নেতাবোৰে৷ মানুহ মাৰি ৰজা হ'ব খোজে এইসকলে। এই কথা সকলোৱে বুজা উচিত।