newsnextone.com | যোৰহাটঃ অৰ্জুন বঁটা বিজয়ী ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাৰ জন্মদিনৰ সৈতে সংগতি ৰাখি সোমবাৰে যোৰহাট নগৰৰ মাজমজিয়াৰ বৰপাত্ৰ অালিটো ৰাজ্যৰ দ্বিতীয়তো প্ৰাতঃভ্ৰমণ ক্ষেত্ৰ হিচাপে মুকলি কৰা হয়৷ 

যোৰহাট জিলা প্ৰশাসনৰ বিশেষ উদ্যোগত অায়োজিত ভোগেশ্বৰ বৰুৱাৰ জন্মদিনৰ কাৰ্যসূচীত ক্ষেত্ৰখন উদ্ধোধন কৰে অসম বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে।

উপায়ুক্ত নাৰায়ণ কোঁৱৰে জনোৱা মতে, পুৱা ৫ বজাৰ পৰা ৭ বজালৈ স্বাস্থ্য সচেতন ৰাইজে এই পথচোৱাত নিৰাপদে খোজকাঢ়িব পাৰিব৷ এই সময়খিনিত নচলিব কোনোধৰণৰ যান-বাহন। 

ইফালে প্ৰাতঃভ্ৰমণ ক্ষেত্ৰ মুকলিৰ লগতে অনুষ্ঠিত হয় বৰগীত, ফটোগ্ৰাফী, যোগাসন, দিহানাম, শিশু কৃষ্ণৰ নৃত্য প্ৰতিযোগিতা, জ্যোষ্ঠ নাগৰিকৰ খোজকঢ়া প্ৰতিযোগিতা অাদি বিভিন্ন প্ৰতিযোগিতা।