কামপুৰঃ ঋণৰ বাবদ ধন বিচাৰি মহিলাৰ ৰোষত পৰিল এটা প্ৰশিক্ষণ কেন্দ্ৰ তত্বাবধায়ক৷ কামপুৰত দৰিদ্ৰ শিপিনীৰ পৰা ঋণ প্ৰদানৰ অচিলা লৈ অবৈধভাৱে ধন বিচাৰি নাৰী শক্তিৰ ৰোষত পৰিবলগীয়া হয় অৰুণ বৰা নামৰ এজন ব্যক্তি৷
উল্লেখ্য যে, যোৱা নবেম্বৰ মাহৰ পৰা কামপুৰ সাহিত্য সভা ভৱনত প্ৰধানমন্ত্ৰী কুশল বিকাশ যোজনাৰ অধীনত ভেলোৱাৰ প্ৰাইভেট লিমিটেড নামৰ এটা সামাজিক সংস্থাই স্থানীয় শিপিনী সকলক তাঁত শালৰ প্ৰশিক্ষণ প্ৰদান কৰিছিল৷ শেহতীয়াকৈ কেন্দ্ৰটোৰ তত্বাবধায়ক অৰুণ বৰা নামৰ ব্যক্তিগৰাকীয়ে চৰকাৰী আঁচনিৰ আধাৰত শিপিনীসকলক ঋণ প্ৰদানৰ নামত ৫০০০ টকাকৈ নজৰানা বিচাৰে৷