সঁচাই বিজেপিৰ ৱাশ্বিং মেছিনে নিকা কৰে নেকি নেতাৰ দাগ? একালত বিজেপিয়েই সমালোচনা কৰা সমগ্ৰ দেশৰ এক ডজনৰো অধিক নেতাই আজি গেৰুৱা সাজত বুটলিছে ক্ষমতা, আঁতৰাইছে দাগ। এই লৈ এতিয়া গৰম হৈ পৰিছে ৰাজনীতি।
লাহে লাহে চমু চাপিছে লোকসভা নিৰ্বাচনলৈ। কাৰোবাৰ যদি ক্ষমতা অক্ষুণ্ণ ৰখাৰ প্ৰয়াস, কাৰোবাৰ আকৌ বনবাসৰ পৰা উভতনি যাত্ৰা। প্ৰতিটো নিৰ্বাচনৰ এই একেই কাহিনী, একেই আখ্যান। প্ৰতিবাৰেই প্ৰায় একেবোৰ নেতাই ৰণাঙ্গনত যুঁজ দিয়ে ক্ষমতা লাভ বা অক্ষুণ্ণ ৰখাৰ বাবে। কিন্তু আমোদজনক কথাটো হ’ল- প্ৰতিবাৰেই নিৰ্বাচনৰ ঠিক আগে আগে ৰং সলোৱা নেতা-পালিনেতাৰ উজান উঠে। কিছুমানে ঘনাই ৰং সলায়, আন কিছুমানে আকৌ অলপ ধীৰে সুস্থিৰে।
পুখুৰীত বৰশীটো লৈ মাছৰ বাবে পৰ দিয়া গাঁৱৰ চেঙেলিয়াসকলে যেনেকৈ মাছে নুখুটিয়ালে বাৰে বাৰে ঠাই সলনি কৰি ভাল ঠাই এটুকুৰা বিচাৰি ফুৰে, ঠিক সেইদৰেই যেন নিৰ্বাচনৰ পূৰ্বেও এইসকল নেতাই বাৰে বাৰে ঠাই সলনি কৰি মন-মগজুত ক্ষমতাৰ ৰাগি লগাব বিচাৰে। এনে পৰিপ্ৰেক্ষিততে নিৰ্বাচন আহিলেও যদিহে পৰাজয়ৰ সম্ভাৱনা অত্যন্ত অধিক নহয়, তেন্তে শাসকীয় পক্ষৰ নেতা-পালিনেতাই সাধাৰণতে লুটি বাগৰ নামাৰে। এই সময়ছোৱাত দল সলনি কৰে বিশেষকৈ বিৰোধীয়ে। ক্ষমতাৰ লালসাত মগন নেতা-পালিনেতাই ক্ষমতাসীনৰ চৰণত পৰি নিজৰ বাবেও অলপমান ঠাই সুৰক্ষিত কৰিবলৈ এই সময়তে চেষ্টা চলায়।
সন্মুখত লোকসভা নিৰ্বাচন। ‘মোদীৰ গেৰাণ্টি’ৰ বিজ্ঞাপনেৰে এতিয়া ভৰি পৰিছে টিভি, বাতৰি কাকত আৰু সামাজিক মাধ্যম। ৰাজনৈতিক বিশ্লেষকসকলে দাবী কৰা মতে, তৃতীয়বাৰৰ বাবেও অপ্ৰতিৰোধ্য হ’ব মোদী চৰকাৰ। অৱশ্যে এইবাৰ গঠন হৈছে বিৰোধীৰ ঐক্যবন্ধন। ইণ্ডিয়া মিত্ৰজোঁটেৰে বিৰোধী দলে মোদীক প্ৰতিহত কৰিবলৈ প্ৰয়াস কৰিলেও নিবনুৱা সমস্যা, মূল্যবৃদ্ধিৰ দৰে সমস্যালৈ ভ্ৰুক্ষেপ নাই দেশৰ জনতাৰ। ৰাম মন্দিৰৰ শুভ উদ্বোধন আৰু হিন্দুত্ববাদৰ জয়জয়কাৰত দেশৰ জনতাই পাহৰি গৈছে তেওঁলোকৰ দৈনন্দিন সমস্যাসমূহৰ কথা। জনতাই পাহৰি গৈছে মল্লযুঁজাৰুৰ প্ৰতিবাদ, দিল্লীৰ কৃষকৰ নিনাদ। এনে কাৰণতে বিশেষজ্ঞসকলে দাবী কৰিছে- আগন্তুক লোকসভা নিৰ্বাচনত হেট্ৰিক কৰি ক্ষমতা অক্ষুণ্ণ ৰাখিব বিজেপিয়ে।
ৰং সলনি কৰাৰ ৰাজনীতি!
বিজেপিৰ এই সম্ভাৱনাপূৰ্ণ জয়ৰ প্ৰতি দৃষ্টি নিৱদ্ধ হৈছে বিৰোধী নেতা-পালিনেতাৰো। সেয়ে লোকসভা নিৰ্বাচনৰ ঠিক পূৰ্বে গেৰুৱা সাজযোৰ পৰিধান কৰি ক্ষমতাসীন দলটোৰ আশীৰ্বাদপুষ্ট হৈ নিজৰ বাবে আসন এখন সংৰক্ষণৰ প্ৰয়াস চলাইছে বহু নেতাই। আনহাতে বিজেপিয়ে ‘ষড়যন্ত্ৰমূলকভাৱে’ জাপি দিয়া ইডি, চিবিআইৰ দৰে তদন্তকাৰী দলৰ অভিযানৰ পৰা ৰক্ষা পৰিবলৈও বহু নেতাই দল ত্যাগ কৰি বিজেপি অথবা এন ডি এৰ সহযোগী দলৰ শৰণাপন্ন হোৱাৰ অভিযোগ উত্থাপন হৈছে।
শেহতীয়াকৈ অসমতো বিজেপিমুখী বিৰোধী নেতাৰ উজান উঠা দেখা গৈছে। যুৱ কংগ্ৰেছৰ নিলম্বিত প্ৰদেশ সভানেত্ৰী অংকিতা দত্তৰ পৰা প্ৰাক্তন বিধায়িকা বিস্মিতা গগৈলৈকে বহুতেই এতিয়া গেৰুৱা বস্ত্ৰ পৰিধান কৰিছে। আছুত থাকি ‘কা’ আন্দোলন কৰি বিজেপিক কাউৰে নোখোৱাকৈ সমালোচনা কৰা দীপাংক কুমাৰ গগৈয়েও শেহেতীয়াকৈ যোগদান কৰিছে বিজেপিত। দল সলাই বিজেপিত চামিল হৈছে ঘনাই ৰং সলাই দল-বাগৰা নেতা হিচাপে পৰিচিত হোৱা কমল কুমাৰ মেধিয়েও। ইফালে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিৰ দৰে গুৰুত্বপূৰ্ণ পদ এৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শৰণাপন্ন হৈছে কমলাক্ষ দে পুৰকায়স্থও। চৰ্চা চলিছে ৰকিবুল হুছেইনকে ধৰি আন কে’বাগৰাকী নেতাইও নিৰ্বাচনৰ পূৰ্বেও চামিল হ’ব বিজেপিত। মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে- বিধায়ক, সাংসদ হ’ব নিবিচাৰি কেৱল ৰাষ্ট্ৰ সেৱাৰ বাবে বিজেপিত যোগদান কৰিব বিচাৰিলে কংগ্ৰেছ একেদিনাই খালী হৈ যাব!
কিন্তু এই কাহিনী কেৱল অসমৰে নহয়। কেন্দ্ৰত মোদীৰ চৰকাৰ, দেশৰ আধাতকৈ অধিক ৰাজ্যতো বিজেপিৰে চৰকাৰ। এনে পৰিস্থিতিত আন আন ৰাজ্যসমূহতো একেদৰেই নিৰ্বাচনৰ পূৰ্বে দল বাগৰাৰ উজান উঠিছে। মাত্ৰ দুদিন পূৰ্বে ৰাজস্থানৰ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মহেন্দ্ৰজিত্ মালব্যই যোগদান কৰিছে বিজেপিত। একেদৰে পঞ্জাৱৰ কংগ্ৰেছ সাংসদ প্ৰণীত কৌৰেও ঘোষণা কৰিছে বিজেপিমুখী হোৱাৰ কথা। মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথ আৰু তেওঁৰ পুত্ৰ কংগ্ৰেছ সাংসদ নকুল নাথেও দল এৰি বিজেপিত যোগদান কৰাৰ সম্ভাৱনীয়তাক লৈ ৰাজ্যখনৰ ৰাজনীতি উত্তাল হৈ পৰিছিল। অৱশ্যে বৰ্তমান এই চৰ্চা কিছু শাম কাটিলেও বুধবাৰে মধ্যপ্ৰদেশৰ কেইবাজনো জ্যেষ্ঠ কংগ্ৰেছ নেতাই বিজেপিত যোগদান কৰাৰ খবৰ পোৱা গৈছে।
ৰাজনীতিৰ এই ক্ষমতা লাভৰ খক আৰু ‘তামাম দুৰ্নীতি’ত নিজৰ নাম সাঙোৰ খাই পৰাৰ পিছত ইডি-চিবিআই, আয়কৰ বিভাগৰ বিপাটৰ আঘাতৰ পৰা ৰক্ষা কৱচ বিচাৰি বিজেপিৰ শৰণাপন্ন হৈ আহিছে বিৰোধীৰ নেতা। ২০১৪ চনৰ পিছত এনেদৰে বিজেপিত চামিল হোৱা বহু নেতাক সসন্মানেৰে আসনতো বহুৱাইছে বিজেপিয়ে। যিসকলে ৰক্ষা কৱচ বিচাৰি আহিছিল তেওঁলোকক সম্পূৰ্ণৰূপে নিৰ্ভয় প্ৰদান কৰা হৈছে। যিসকলক এদিন দুৰ্নীতিগ্ৰস্ত বুলি ককৰ্থনা কৰা হৈছিল, আজি তেওঁলোকক প্ৰকৃত দেশভক্ত আৰু সত্ বুলি প্ৰমাণপত্ৰ বিতৰণ কৰা হৈছে। আৰু এনেবোৰ কাৰণতে এতিয়া বিৰোধীয়ে বিজেপিক আন এটা নাম দিছে- ৱাশ্বিং মেছিন, য’ত নেতাৰ সকলো দাগ আঁতৰ হয়।
হিমন্তৰ পৰা পাৱাৰলৈকে... বিজেপিলৈ আহিলে 'সাতখুন মাফ’!
২০১৪ চনৰ পিছত বিজেপি আৰু এন ডি এৰ সহযোগী দলত যোগদান কৰি শাসকীয় দলৰ আশীৰ্বাদ লাভ কৰা আৰু দুৰ্নীতিমুক্ত হৈ পৰা নেতাসকলৰ মাজত আছে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ পৰা পশ্চিম বংগৰ বিৰোধী দলপতি শুভেন্দু অধিকাৰীৰ দৰে নেতাৰ নাম। এই তালিকাত আছে অসমৰ মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ অন্যতম চৰ্চিত নেতা হিমন্ত বিশ্ব শৰ্মাৰ নামো। কংগ্ৰেছৰ তৰুণ গগৈৰ চৰকাৰত বিত্ত-স্বাস্থ্য বিভাগৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰিত্ব লাভ কৰাৰ পিছত হঠাৎ এদিন হিমন্ত বিশ্ব শৰ্মাই যোগদান কৰিছিল বিজেপিত। সৌ সিদিনা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মহাবিস্ফোৰণ ঘটাই অভিযোগ কৰিছিল যে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি গমনৰ কাৰণ আছিল তেওঁৰ পৰিয়ালৰ জে’ললৈ যোৱাৰ ভয়। ভূপেন বৰাই দাবী কৰিছিল- বিজেপিত চামিল হোৱাৰ পূৰ্বে তেওঁক দিল্লীত সাক্ষাৎ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই।
‘হাত’ এৰি ‘পদুম’ৰ সৌন্দৰ্যত বিভোৰ হৈ যোৱা ১৩ ফেব্ৰুৱাৰীত বিজেপিত চামিল হ’ল মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ প্ৰবীণ নেতা অশোক চৌহান। দল সলনি কৰাৰ পুৰষ্কাৰো তেওঁক দিয়া হ’ল। পিটবস্ত্ৰ পৰিধানৰ পিছতে অশোক চৌহানক ৰাজ্যসভালৈ প্ৰেৰণ কৰে বিজেপিয়ে। উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ আদৰ্শ হাউচিং ছ’চাইটি কেলেংকাৰীত অভিযুক্ত আছিল অশোক চৌহান। এই গোচৰত তেওঁৰ বিৰুদ্ধে চলি আছিল ইডি আৰু চিবিআইৰ গোচৰো। এতিয়া বিজেপিত যোগদান কৰাৰ পিছতে তেওঁৰ বিৰুদ্ধে চলি থকা গোচৰ স্থগিত ৰখা হ’ব বুলি সম্ভৱনা ব্যক্ত কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে।
২০২৩ চনৰ ২ জুলাইত এন চি পিক দ্বিখণ্ডিত কৰি মহাৰাষ্ট্ৰৰ বিজেপি চৰকাৰৰ মিত্ৰজোঁটৰ অংশ হৈ পৰিছিল অজিত পাৱাৰ। নিজৰ খুৰাক শৰদ পাৱাৰৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি ‘পাৱাৰ’ অৰ্থাত্ ক্ষমতাৰ পিছত দৌৰা অজিতক উপযুক্ত সন্মানো প্ৰদান কৰা হয়। মহাৰাষ্ট্ৰৰ শিণ্ডে চৰকাৰৰ বৰ্তমান তেওঁ উপ-মুখ্যমন্ত্ৰী। লক্ষণীয় কথাটো হ’ল- এইগৰাকী অজিত পাৱাৰকে দুৰ্নীতিগ্ৰস্ত আখ্যা দি নিৰ্বাচনৰ পূৰ্বে জে’ললৈ প্ৰেৰণৰ প্ৰতিশ্ৰুতি দিছিল বিজেপিৰ বৰ বৰ নেতাই। কিন্তু এন চি পিক দ্বিখণ্ডিত কৰি বিজেপিৰ মিত্ৰজোঁটৰ অংশ হৈ পৰাৰ পিছতে জলসিঞ্চন কেলেংকাৰীত তেওঁৰ বিৰুদ্ধে ইডিয়ে চলাই থকা তদন্ত স্তব্ধ হৈ পৰে। বিশ্লেষকসকলে কয়- বিজেপিক তৈলমৰ্দন কৰি থকালৈকে ভৱিষ্যতেও অজিতৰ বিৰুদ্ধে এই তদন্ত পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা নাই।
অজিত পাৱাৰৰ দৰে ২০২৩ চনত একেই পথ লৈছিল এন চি পিৰ নেতা চগত ভূজবলেও। এসময়ৰ শৰদ পাৱাৰ পৰিয়ালৰ ঘনিষ্ঠ হিচাপে পৰিচিত আছিল ভূজবল। মহাৰাষ্ট্ৰ সদন কেলেংকাৰীত নাম সাঙোৰ খাই পৰা এইগৰাকী নেতা বিজেপিৰ সহযোগী হোৱাৰ পিছতে নিৰাময় লাভ কৰে এই কেলেংকাৰীৰ গোচৰৰ পৰা। আনহাতে তেওঁৰ বিৰুদ্ধে ৰুজু হৈ থকা আন ৭টা গোচৰৰ তদন্তও এতিয়া স্তব্ধ হৈ আছে। মহাৰাষ্ট্ৰৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰক সমৰ্থন আগবঢ়োৱাৰ স্বীকৃতি স্বৰূপে তেওঁক অৰ্পণ কৰা হৈছে মন্ত্ৰীপদ।
বৰ্তমান কো-অপাৰেটিভ বেংক ছ’চাইটিৰ অধ্যক্ষ পদত অধিষ্ঠিত হৈ থকা প্ৰৱীণ দৰেকৰেও বিজেপিত চামিল হৈ লাভ কৰিছিল তেওঁৰ বিৰুদ্ধে চলি থকা গোচৰৰ পৰা সকাহ। মুম্বাই কোঅপাৰেটিভ বেংক কেলেংকাৰীত তেওঁৰ নাম সাঙোৰ খাইছিল। এসময়ত বিজেপিয়ে তেওঁক গ্ৰেপ্তাৰৰো হুমকি দিছিল। কিন্তু ২০১৬ চনত তেওঁ বিজেপিত চামিল হোৱাৰ পিছতে পট পৰিৱৰ্তন হয়। ২০২২ চনত এই গোচৰত ক্লীন শ্বিটও লাভ কৰে প্ৰৱীণ দৰেকৰে। সমান্তৰালভাৱে দুৰ্নীতিগ্ৰস্তৰ টেগ আঁতৰাই বিজেপিয়ে তেওঁক প্ৰদান কৰে কোঅপাৰেটিভ বেংক ছ’চাইটিৰ অধ্যক্ষ পদ।
News Next One হৈছে 'Crowdfunding’ৰ জৰিয়তে পৰিচালিত নিউজ ৱেবছাইট। প্ৰতিদিনে একাধিক তথ্যসমৃদ্ধ তথা অনুসন্ধানমূলক বিতং বাতৰি প্ৰকাশ কৰিবলৈ আমাক প্ৰয়োজন মাহে ৫০ হাজাৰ টকাৰ। কিন্তু এতিয়া আমি শুভকাংক্ষীসকলৰ পৰা প্ৰতিমাহে সৰ্বমুঠ ১০-১২ হাজাৰ টকাকৈহে দান-বৰঙণি লাভ কৰিছো। ফলত আমি প্ৰতিদিনে মাত্ৰ এটা বাতৰিহে প্ৰকাশ কৰিবলৈ সমৰ্থ হৈছো। অনাগত সময়ত ৰাইজৰ স্বাৰ্থত আৰু অধিক বাতৰি প্ৰকাশ কৰিব পৰাকৈ আমি পঢ়ুৱৈসকলৰ পৰা সঁহাৰি লাভ কৰিব পাৰিম বুলি আশাবাদী। তলৰ ফটোখনত ক্লিক কৰি আমাক সাধ্যানুযায়ী সহায় কৰক।
Click to Read ►অনুগ্ৰহ কৰি আমাক 'বন্ধ হৈ পৰা' অথবা 'বিক্ৰী যাবলগীয়া' হোৱাৰ পৰা ৰক্ষা কৰক!
২০১৯ চনত কেন্দ্ৰত পুনৰ বিজেপিৰ চৰকাৰ গঠন হোৱাৰ পিছতে গ্ৰেপ্তাৰৰ সম্ভাৱনা বৃদ্ধি পাইছিল পশ্চিম বংগৰ তৃণমূল কংগ্ৰেছৰ নেতা শুভেন্দু অধিকাৰীৰ। বিজেপিৰ শীৰ্ষ নেতৃত্বই স্পষ্ট ইংগিত প্ৰদান কৰিছিল নেতাগৰাকীৰ গ্ৰেপ্তাৰৰ। সাৰদা কেলেংকাৰী আৰু নাৰদা ষ্টিং অপাৰেচন কেলেংকাৰীত নাম সাঙোৰ খাই পৰাৰ পিছত ইডি আৰু চিবিআইৰ তদন্তত ব্যতিব্যস্ত হৈ পৰিছিল অধিকাৰী। আৰু তেতিয়াই তেওঁ সিদ্ধান্ত লয় বিজেপি গমনৰ। ২০২০ চনৰ ডিচেম্বৰ মাহত তেওঁ মমতা বেনাৰ্জীৰ সংগ ত্যাগ কৰি বিজেপিৰ শৰণাপন্ন হোৱাৰ পিছতে ক্লীন শ্বিট লাভ কৰে ইডিৰ গোচৰৰ পৰা। আনহাতে চিবিআইয়ে চলাই থকা গোচৰৰো এতিয়া কোনো উম ঘাম নাই। বৰ্তমান তেওঁ পশ্চিম বংগ বিজেপিৰ প্ৰধান নেতা।
সাৰদা কেলেংকাৰীত নাম সাঙোৰ খাই গ্ৰেপ্তাৰৰ আশংকাত ভুগিছিল তৃণমূল কংগ্ৰেছৰ আন এগৰাকী নেতা মুকুল ৰয়ো। মমতা বেনাৰ্জীৰ ঘনিষ্ঠ সকলৰ ভিতৰত অন্যতম মুকুল ৰয়েও তেওঁৰ বিৰুদ্ধে ববলৈ আৰম্ভ কৰা সংকটৰ ধুমুহাজাকক বাধা দিবলৈ ২০১৭ চনত বিজেপিত যোগদান কৰে। এই যোগদানৰ পিছতে সাৰদা কেলেংকাৰীত ক্লীন শ্বিট লাভ কৰে মুকুল ৰয়ে। কিন্তু তাৰ পিছতে পশ্চিম বংগত পুনৰ তৃণমূল কংগ্ৰেছে চৰকাৰ গঠন কৰাত ২০২১ চনত ঘৰৰ ল’ৰা ঘৰলৈ উভতি আহে।
ৰাজনীতিৰ পথাৰৰ অভিজ্ঞ খেলুৱৈ কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বি এইচ য়েদেয়ুৰাপ্পাৰ বিৰুদ্ধেও উত্থাপন হৈ আহিছে একাধিক কেলেংকাৰীৰ অভিযোগ। বিজেপিৰ পৰাই ৰাজনৈতিক কেৰিয়াৰৰ আৰম্ভণি কৰা য়েদেয়ুৰাপ্পাই ২০১১ চনত বিজেপি ত্যাগ কৰাৰ পিছতে তেওঁৰ বিৰুদ্ধে কেলেংকাৰীৰ অভিযোগত সৰৱ হৈ পৰিছিল বিজেপিৰ বৰ বৰ নেতা।
কিন্তু ২০১৪ চনত তেওঁ পুনৰ বিজেপিলৈ উভতি অহাৰ পিছতে সকলো অভিযোগ নিস্তেজ হৈ পৰে। অবৈধ খননৰ বিনিময়ত উত্কোচ গোচৰত চিবিআইয়ে ক্লীন শ্বিটও প্ৰদান কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক। তিনিবাৰকৈ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱা এইগৰাকী নেতাৰ দুৰ্নীতিৰ অভিযোগত আজিও সৰৱ বিৰোধী। এইসকল নেতাৰ উপৰিও আৰু অনেক সৰু-বৰ নেতা আছে, যিয়ে ক্ষমতাৰ লালসাত কিম্বা কাৰাগাৰৰ ভয়ত বিজেপিত চামিল হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে।
বিৰোধী যদি 'ধৰ’ নীতি...
বিৰোধীয়ে বাৰাম্বাৰ অভিযোগ উত্থাপন কৰি আহিছে যে মোদী চৰকাৰে ইডি, চিবিআই, আয়কৰ বিভাগ আদিৰ দৰে তদন্তকাৰী সংস্থাৰ ক্ষমতাৰ অপপ্ৰয়োগ কৰি বিৰোধীক হাৰাশাস্তি কৰিছে। বিভিন্ন গোচৰত নাম সাঙুৰি হয় নেতাক বিজেপিত চামিল হ’বলৈ বাধ্য কৰোৱা হৈছে, অন্যথা জে’ললৈ নিক্ষেপ কৰা হৈছে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও অভিযোগ কৰি আহিছে যে প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিচ’দিয়া, সত্যেন্দ্ৰ জৈন আদিৰ দৰে আপ নেতাক ষড়যন্ত্ৰমূলকভাৱে কাৰাবন্দী কৰি ৰাখিছে বিজেপিয়ে।
শেহতীয়াকৈ বিধানসভাত আস্থা ভোটৰ জৰিয়তে নিজৰ ক্ষমতা প্ৰদৰ্শনৰ সময়ত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অভিযোগ কৰিছিল যে তদন্তকাৰী সংস্থাৰ অপব্যৱহাৰ কৰি দিল্লীৰ চৰকাৰৰ পতন ঘটাবলৈ চেষ্টা কৰিছে বিজেপিয়ে। তেওঁ লগতে এয়াও অভিযোগ কৰে যে ২১ গৰাকী আম আদমী পাৰ্টিৰ বিধায়কৰ সৈতে যোগাযোগ কৰি কোটি কোটি টকাৰ অফাৰ প্ৰদান কৰিছিল বিজেপিয়ে। কিন্তু বিধানসভাত আস্থা ভোট অনুষ্ঠিত কৰি কেজৰিৱালে কয়, ‘আমাক যিমানেই ক্ৰয় কৰিবলৈ চেষ্টা নকৰক কিয়, আমাক যিমানেই প্ৰলোভন আৰু ভয়-ভাবুকি নিদিয়ক কিয়, আম আদমী পাৰ্টীয়ে বিজেপিৰ বিৰুদ্ধে সদায় শক্তিশালীভাৱে যুঁজি যাব।’
দিনদিয়েক পূৰ্বে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনক গ্ৰেপ্তাৰ কৰিছে তদন্তকাৰী সংস্থা ইডিয়ে। অবিজেপি ৰাজ্যখনৰ মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰক লৈও অলেখ প্ৰশ্নৰ অৱতাৰণা কৰিছে বিৰোধীয়ে। এয়া বিজেপিৰ ষড়যন্ত্ৰ বুলি অভিহিত কৰা হৈছে। বহুতে দাবী কৰিছে- ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতাগৰাকীয়ে বিজেপিত যোগদান কৰা হ’লে অথবা সমৰ্থন আগবঢ়োৱা হ’লে তেওঁক গ্ৰেপ্তাৰ কৰা নহ’লহেঁতেন।
একেদৰে এতিয়া গ্ৰেপ্তাৰৰ আশংকা ক্ৰমান্বয়ে বৃদ্ধি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভতিজা অভিষেক বেনাৰ্জীৰো। দিল্লীৰ সুৰা নীতি কেলেংকাৰী গোচৰত ইডিৰ ৫ খন চমন আওকান কৰাৰ পিছত এতিয়া আদালতৰ দাৰস্থ হৈছে তদন্তকাৰী সংস্থাটো। আনহাতে পশ্চিমবংগৰ শিক্ষক নিযুক্তি কেলেংকাৰীত নাম সাঙোৰ খাইছে অভিষেক বেনাৰ্জীৰ। অনেকে আশংকা কৰিছে- লোকসভা নিৰ্বাচনৰ পূৰ্বে তেওঁকো হয়তো গ্ৰেপ্তাৰ কৰা হ’ব পাৰে। কিন্তু কেৱল কেজৰিৱাল বা অভিষেক বেনাৰ্জীয়েই নহয়, অবিজেপি শাসিত ৰাজ্যৰ আন বহু নেতাৰ ঘৰতো চলিছে ইডি, চিবিআইৰ অভিযান।
কিন্তু বিৰোধী নেতাৰ বিৰুদ্ধে চলা এনে অভিযানৰ বিপৰীতে এতিয়া ধোৱা তুলসীৰ পাত হৈ পৰিছে বিজেপিয়েই এদিন ডিঙিৰ শিৰ ফুলাই সমালোচনা কৰা আৰু পিছত বিজেপিত চামিল হোৱা বহু নেতা। যিদৰে শুভেন্দু অধিকাৰী, হিমন্ত বিশ্ব শৰ্মা, অজিত পাৱাৰ কিম্বা য়েদেয়ুৰাপ্পাই আজি বিজেপিৰ লগত থাকি সকলো অভিযোগৰ চেকা আঁতৰাবলৈ সক্ষম হৈছে, ঠিক সেইদৰে আন আন নেতাইও বিজেপিৰ ৱাশ্বিং মেছিনত সোমাই নিজৰ দাগ আঁতৰাব পাৰে বুলি অভিযোগ উত্থাপন কৰি আহিছে বিৰোধীয়ে।