ডিব্ৰুগড়ঃ আহোম, চুতীয়া, কোচ, বড়ো, কাৰ্বি, মিচিং, ৰাভা, ঠেঙাল আদি বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি এইখন অসম। নানা জাতী-জনগোষ্ঠীৰ ধৰ্ম-বৰ্ণ নিৰ্বিশেষে উচ্চ-নীচৰ ভেদাভেদ পাহৰি আমি অতীজৰে পৰা এক হৈ আছো৷ শংকৰ-আজানৰ এই দেশত কাহানিও সাম্প্ৰদায়ীকতাৰ স্থান নাছিল৷ বহু সময়ত ইটো জাতী-জনগোষ্ঠীৰ বিৰুদ্ধে সিটো জাতী-জনগোষ্ঠীৰ মাজত যুজ লগাব বিছাৰে যদিও ঐক্য, শান্তি আৰু সম্প্ৰীতিৰ এনাজৰীডাল কটকটীয়া হৈ থকাৰ বাবে লেতেৰা ৰাজনীতি কৰা লোকসকল সফল হ’ব নোৱাৰে৷ তাৰ মাজতে বিহু, ঈদ, পূজাৰ দৰে উৎসৱ সমূহে আমাক বেছি ওচৰলৈ লৈ আহে৷
