গুৱাহাটী মহানগৰীত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত অব্যাহত আছে ‘জলসন্ত্ৰাস’৷ বিজেপিৰ ৮ বছৰীয়া চৰকাৰখনৰ মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়ককে ধৰি সকলোৱে সঠিক কামৰ পৰিৱৰ্তে উন্নয়নৰ ঢাক-ঢোল বজোৱাতহে যে ব্যস্ত সেই কথা গুৱাহাটীত ধাৰাবাহিকভাৱে পানীৰ পাইপ ফুটি অহা ঘটনাবোৰেই স্পষ্ট কৰি তুলিছে। বাৰে বাৰে পানী যোগান ধৰিবলৈ বহুওৱা পাইপ ফুটি মহানগৰীত সৃষ্টি হৈছে জলসন্ত্ৰাসৰ। কিন্তু ইয়াৰ পিছতো জনতাৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা দিবলৈ অপৰাগ হিমন্ত চৰকাৰ।

একাধিকবাৰ পানীৰ পাইপ ফুটি মানুহৰ ধন-জনৰ ক্ষতি হোৱাৰ পিছতো চৰকাৰ যে মানুহৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাক লৈ ছিৰিয়াছ নহয়, সেয়া পুনৰ এবাৰ প্ৰমাণিত হ’ল নতুন বছৰৰ আৰম্ভণিতে৷ ইংৰাজী নতুন বছৰৰ দ্বিতীয় দিনটোতে মহানগৰবাসীৰ জীৱন আৰু সম্পত্তিক লৈ ল’ৰা ধেমালি কৰা দেখা গ’ল হিমন্ত চৰকাৰক।

ৰাজ্যবাসীক নৱবৰ্ষৰ শুভেচ্ছা জনাই প্ৰথম দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অযুত সংকল্প ব্যক্ত কৰাৰ ২৪ ঘণ্টা নৌহওঁতেই পানীৰ পাইপ ফুটি জলপ্ৰলয়ৰ সৃষ্টি হ’ল মহানগৰীৰৰ মাজমজিয়াত। বৃহস্পতিবাৰে খাৰঘূলিৰ জলপ্ৰলয়ত ধ্বংস হ’ল কুৰিটাতকৈও অধিক পৰিয়ালৰ ঘৰ-সম্পত্তি। 

মহানগৰবাসীৰ চিৰ পৰিচিত 'জলসন্ত্ৰাস’!

এইখন চৰকাৰৰ কাৰ্যকালত সংঘটিত প্ৰায় ডজন জল বিস্ফোৰণৰ পিছত এনে ঘটনা এতিয়া যেন সাধাৰণ ঘটনা হৈ পৰিছে মহানগৰবাসীৰ বাবে। আজি গুৱাহাটীৰ খাৰঘূলিৰ নামঘৰ চ’কত জাইকাই পোতা পাইপ বিস্ফোৰিত হৈ কুৰিটাকৈ পৰিয়ালৰ ঘৰ-দুৱাৰ ধ্বংস হৈ পৰে৷ জাইকাই পোতা জল ব’ৰ্ডৰ পানী যোগানৰ পাইপ বিস্ফোৰণ হৈ কেইবাগৰাকী লোকো আহত হয়৷ এই পাইপ বিস্ফোৰণৰ পিছতে পানীত উটি গৈ কিছু সময় ধৰি নিৰুদ্দেশ হৈ থাকে এটি কেঁচুৱা। নিমিষতে ৰাজপথ ভৰি পৰা পানীৰ মাজৰ পৰা অৱশেষত যেনিবা কণমানিটিৰ জীৱন ৰক্ষা কৰে মাতৃৰ মমতাই। 

আজিৰ পাইপ বিস্ফোৰণত মুঠ ২১ টা পৰিয়াল গৃহহাৰা হয়৷ গৃহহাৰা পৰিয়ালৰ ঘৰ-দুৱাৰ বিধ্বস্ত হোৱাৰ লগতে ঘৰৰ সকলো সমগ্ৰীয়েই নষ্ট হয়৷ এই ভয়ংকৰ কাণ্ডত ক্ষতিগ্ৰস্ত হোৱা ২১টা পৰিয়ালৰ মুঠ জনসংখ্যা হৈছে ১১৩ জন৷ ইয়াৰে ৪৬গৰাকী পুৰুষ আৰু ৫৫ গৰাকী মহিলা৷ ৬টা পৰিয়ালৰ সম্পূৰ্ণৰূপে ঘৰ-দুৱাৰ ধ্বংস হয়৷ জল বিস্ফোৰণত নিঃশেষ হৈ যায় পাঁচখন দোকানো। 

একে সময়তে এখন অটো, চাৰিখন স্কুটি, এখন বাইক আৰু চাৰিখন ই-ৰিক্সাৰো ক্ষতি হয় বৃহস্পতিবাৰৰ এই জল সন্ত্ৰাসত। জানিব পৰা মতে, দুপৰীয়া খাৰঘূলিৰ নামঘৰ চ’কত মানুহৰ ব্যস্ততাৰ মাজতে হঠাৎ বিস্ফোৰণ ঘটে পানীৰ পাইপ৷ পানীৰ ফোৱাৰা সত্তৰ ফুট পৰ্যন্ত ওপৰলৈ উঠাত চৌদিশে হাহাকাৰ লাগে৷ পানী বিস্ফোৰিত হোৱাৰ গতি দেখি মানুহ আতংকিত হয়৷ সেই ঠাইৰ পৰা মানুহবোৰে পলায়ন কৰে আৰু নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ প্ৰয়াস কৰে৷ একাংশ লোকে সন্তানক বুকুৰ মাজত সোমাই লৈ নিজ ঘৰৰ বিছনাৰ তলত সোমাই পৰে৷ তৎমুহূৰ্ততে পানীৰ ঢল বৈ যোৱাত কেবাটাও পৰিয়ালৰ ঘৰৰ সামগ্ৰী উটুৱাই নিবলৈ ধৰে৷ পানীৰ সোঁত যিখিনি ঠাইৰে বৈ যায় সেই দিশত গাত হৈ পৰাও দেখা গৈছে৷ 

পানীৰ প্ৰচণ্ড সোঁতত ভাঙি পৰে সীমাৰ দেৱাল, উঘালি পৰে গছ-গছনি পৰ্যন্ত। পানীৰ পাইপৰ পৰা নিৰ্গত হাজাৰ হাজাৰ লিটাৰ পানীয়ে মানুহৰ বাসগৃহত প্ৰৱেশ কৰি উটুৱাই লৈ যায় সা-সম্পত্তি, বস্তু-বাহানি। পানীৰ ফোৱাৰাৰ পৰা শিল উফৰি আহি মানুহৰ ঘৰৰ টিনপাত পৰ্যন্ত নষ্ট কৰে৷ এই জল বিস্ফোৰণত কুৰিটাতকৈ অধিক পৰিয়ালৰ ঘৰ-দুৱাৰ, সা-সামগ্ৰী, বস্ত্ৰ, জমাকৃত খাদ্য আদি নষ্ট হয়৷ 

হাড় কঁপোৱা জাৰৰ নিশাক লৈ চিন্তা ভুক্তভোগীৰ!

৭০-৮০ ফুট ওপৰলৈ উঠা পানীৰ ফোৱাৰাৰ তীব্ৰ সোঁতে উটুৱাই নিয়ে অঞ্চলটোৰ কেইবাটাও ঘৰ। নিমিষতে পানীৰ প্ৰচণ্ড ঢৌৱে খাৰঘুলিৰ নামঘৰ চ’ক এলেকাৰ বিস্তৰ ক্ষতি সাধন কৰে। পানীৰ প্ৰচণ্ড সোঁতত উটি গৈ কেইবাগৰাকী লোক আহতও হয়৷ এগৰাকী ভুক্তভোগী মহিলাই সাংবাদিকৰ কেমেৰাৰ সন্মুখত এই ভয়ংকৰ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰি কয়, ''হঠাতে দেখিলো পানী উৰিবলৈ আৰম্ভ কৰিছে৷ ক’তো থাকিবলৈ জাগা নাই৷ উপায় নাপায় আমি বিছনাৰ তলত লুকাইছো৷ ওপৰৰ পৰা শিলবোৰ পৰি আছে৷ টিনবোৰ ফুটিবলৈ ধৰাত আমি আকৌ বেলেগ এটা ঘৰৰ বিছনাৰ তলত শিশুটোক লৈ সোমাই আছিলো৷ আমাৰ সন্মুখতে মানুহৰ ঘৰ উটুৱাই নিছে৷’’ 

আজিৰ এই পৰিস্থিতিৰ ভুক্তভোগী আন এগৰাকী মহিলাই চকুলো টুকি কয়, ''মোৰ ঘৰৰ একোৱেই বস্তু নাই৷ পানী যে খাম সেই গিলাচটোও নাই৷ মোৰ ঘৰ-দেৱাল সকলো লৈ গ’ল৷ মই এতিয়া কি কৰিম? একো কৰিব নোৱাৰো৷’’ অন্য এগৰাকী মহিলাই বিষাদৰ হুমুনিয়াহ কাঢ়ি কয়, ''মোৰ পিন্ধিবলৈকে কাপোৰ নোহোৱা হ’ল৷ তিনিখন ৰিক্সা চলাবলৈ দি খাই আছিলো৷ তিনিওখন ৰিক্সাও ধ্বংস হৈ গ’ল৷ ঘৰত এটা টেমাও নাই৷ সব পানীয়ে উটুৱাই লৈ গ’ল৷’’

ইফালে এই ভয়ংকৰ ঘটনাই চৰকাৰ আৰু পানী যোগানকাৰী জাইকাৰ বিৰুদ্ধে ক্ষুব্ধও কৰি তুলিছে ভুক্তভোগীসকলক। হঠাতে সংঘটিত জলবিস্ফোৰণত ঘৰ-দুৱাৰ হেৰুৱাই এগৰাকী মহিলাই কয়, ''আমাক জাইকাৰ পানী নালাগে৷ জাইকাৰ আগত এনেকুৱা ঘটনা কেতিয়াও হোৱা নাই৷ বাৰে বাৰে এনেকুৱা ঘটনা সংঘটিত হৈছে৷ উত্তৰ কোনে দিব? জাইকাই দায়িত্ব ল’ব নে চৰকাৰে উত্তৰ দিব? চৰকাৰখন ইমান দায়িত্ব জ্ঞানহীনভাৱে চলি আছ নেকি? আজি মানুহৰ ক্ষতি হৈছে৷ মানুহে ক্ষতি অনুযায়ী ক্ষতিপূৰণ পাব জানো? যদি বিপদ আহিব বুলি জানেই তেন্তে মানুহৰ বসতিত এনেধৰণে পানী যোগানৰ বাব আন্তঃগাঁথনিৰ কাম কৰিছিল কিয়? এতিয়া মানুহৰ জীৱন আৰু সম্পত্তিৰ দায়িত্ব কোনে ল’ব? চৰকাৰলৈ মোৰ এয়াই প্ৰশ্ন।’’ 

একাংশ ক্ষোভিত লোকে কয় যে চৰকাৰ বা চৰকাৰী সংস্থাক আমি কাম কৰিবলৈ দিও৷ যাতে আমি সুবিধা লাভ কৰিব পাৰো৷ কিন্তু সুবিধা বিচাৰোতে যদি আমাৰ ধ্বংসলীলা হয় তেন্তে তাৰ দায়িত্ব চৰকাৰে কিয় নলয়? সংস্থাবোৰে সুৰক্ষাৰ দিশটো চাব লাগে৷ 

জাইকাৰ পানীৰ পাইপ বিস্ফোৰণৰ পিছতেই অঞ্চলবাসীৰ মাজত সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতিৰ। এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নঘটে, তাৰ বাবে সজোৰে দাবী উত্থাপন কৰিছে ৰাইজে। এই জলসন্ত্ৰাসৰ পিছতে সৰ্বস্ব হেৰুৱাই অস্থিৰ হৈ পৰিছে ভুক্তভোগী পৰিয়ালসকল। হাড় কঁপোৱা জাৰত গাত ল’বলৈ কাপোৰ এখনো নথকাত তেওঁলোকে নিশাটো কিদৰে পাৰ কৰিব তাক লৈ উদ্বিগ্ন হৈ পৰিছে। একাংশ লোকে নিশা থাকিব পৰাৰ ব্যৱস্থা কৰিবলৈকো চৰকাৰক আহ্বান জনাইছে৷ 

উল্লেখ্য যে, পাইপ বিস্ফোৰণ ঘটাৰ ঠাইতে আছিল পানী উত্তোলন কৰা আৰু পৰিশোধন কৰা প্ৰকল্প৷ আধা ঘণ্টালৈকে পাম্প বন্ধ নকৰাত পানীৰ ফোৱাৰা বন্ধ হোৱা নাছিল৷ স্থানীয় এগৰাকী মহিলাই বলপূৰ্বকভাৱে পানীৰ পাম্প বন্ধ কৰাত জল বিস্ফোৰণ স্তদ্ধ হয়৷ ইফালে ঘটনাস্থলীত যথেষ্ট পলমকৈ উপস্থিত হয় জাইকাৰ প্ৰকল্প সঞ্চালক পল্লৱ গোপাল ঝাসহ এটা দল৷ প্ৰায় দুঘণ্টা পিছত জাইকাৰ বিষয়া, জল ব’ৰ্ডৰ লোক ঘটনাস্থলীত উপস্থিত হয়। তাৰ পিছতে দলটোক জবাবদিহি কৰিবলৈ আৰম্ভ কৰে স্থানীয় ৰাইজে। 

মহানগৰবাসীৰ আতংকৰ দিন, চকু মুদা কুলিৰ ভাওত হিমন্ত চৰকাৰ!

পলমকৈ হ’লেও ঘটনাস্থলীত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে৷ লক্ষণীয় যে, ইয়াৰ পূৰ্বেও এনে ভয়াৱহ জলবিস্ফোৰণৰ সাক্ষী হ’বলগীয়া হৈছিল খাৰঘূলি অঞ্চল। যোৱা বছৰৰ ২৫ মে’ত গুৱাহাটীৰ খাৰঘূলিৰ জয়পুৰত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। গেমন-জাইকাৰ পানীৰ পাইপ ফাটি মুহূৰ্ততে প্ৰলয়ৰ সৃষ্টি হোৱাত প্ৰাণ হেৰুৱাবলগীয়া হৈছিল সুমিত্ৰা ৰাভা নামৰ এগৰাকী মহিলাই। এই ঘটনাত গুৰুতৰভাৱে আহত হৈছিল এটি ৮ বছৰীয়া শিশুসহ ৩০ গৰাকী লোক। সেই ঘটনাত মুঠ ৪০টা পৰিয়ালৰ ঘৰ-দুৱাৰ, গাড়ী, বাইক অনিষ্ট হৈছিল৷ 

মহানগৰীৰ চেক্টৰ ওৱান, বেলতলা, উজানবজাৰ এলেকাত এনে ঘটনা সংঘটিত হৈ গৈছে৷ বৰবাৰী, ৰাজগড়, খাৰঘূলি, হাতীগড় চাৰিআলি, গুৱাহাটী ক্লাব, মালিগাঁও, জু-ৰোড, চানমাৰি, নুনমাটি, শিলসাঁকোত বিগত এটা বছৰত জাইকা-গেমনৰ পাইপ ফুটি সন্ত্ৰাস নমাইছে ডজনৰো অধিক বাৰ৷ 

গুৱাহাটীত পানীৰ পাইপ মানেই এতিয়া আতংক! ক’ত, কেতিয়া পানীৰ পাইপ ফুটি মানুহৰ জীৱন-সম্পত্তি ধ্বংস হ’ব সেই কথা কোনেও ক’ব নোৱাৰে৷ পুনৰ এনে ঘটনা সংঘটিত হোৱাৰ আশংকাত সময় পাৰ কৰিছে নাগৰিকে৷ বিশুদ্ধ পানী যোগান ধৰাৰ প্ৰতিশ্ৰুতি দি ৰাজ্যত দুবাৰকৈ চৰকাৰ গঠন কৰা বিজেপি দল আৰু চৰকাৰে পানী যোগানত এশ শতাংশই বিফল হোৱাৰ এয়া নিদৰ্শন বুলিও ভিন্নজনে মন্তব্য কৰিছে।

এইখন চৰকাৰ কেৱল পানী যোগানত বিফল হোৱাই নহয়, জল বিস্ফোৰেণেৰে মানুহক হত্যা কৰা বুলিও ক্ষোভ উজাৰিছে মহানগৰবাসীয়ে। আটোমটোকাৰিকৈ সজা সপোনৰ ঘৰখন চৰকাৰৰ গাফিলতিৰ বাবে নিমিষতে হেৰুওৱাৰ শংকাত ত্ৰস্ত গুৱাহাটীবাসী। মহানগৰীত ইটোৰ পিছত সিটোকৈ সংঘটিত এনে ভয়ংকৰ জল বিস্ফোৰণৰ পিছতো নাচোৰবান্দা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ৷ চৰকাৰৰ এনে হেমাহিৰ বাবেই এইখন চৰকাৰে সাধাৰণ মানুহৰ পক্ষত নহয়, বৰং গেমন-জাইকাৰ দৰে সংস্থাৰ হকেহে কাম কৰে বুলিও অভিযোগ উত্থাপন হৈছে।