জোনাইঃ অৰুণাচল ভ্ৰমণ কৰিবলৈ আহিছে দেশৰ অভ্যন্তৰিণ জল পৰিবহন কৰ্তৃপক্ষৰ অধ্যক্ষা গুহা বিশ্বাসে।সম্প্ৰতি অৰুণাচল জল পৰিবহনৰ সম্ভাৱনা বিচাৰি অৰুণাচলৰ বিভিন্ন অঞ্চলত পৰিদৰ্শন কৰে বিষয়াগৰাকীয়ে।
অৰুণাচল স্থিত চিয়াং গেষ্ট হাউচত সাংবাদিকৰ সৈতে মত-বিনিময়ত অধ্যক্ষাগৰাকীয়ে ইতিমধ্যেই বহু ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অভ্যন্তৰিণ জল পৰিবহন ব্যৱস্থা কৰাৰ আহ্বান জনায় বুলি কয়। অৰুণাচলৰ মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাডকাৰীক পত্ৰৰ জৰিয়তে কামেং, লোহিত, দিবাং আৰু চিয়াং নদীক অভ্যন্তৰিণ জল পৰিবহনৰ অধ্যয়নৰ ব্যৱস্থা কৰা বুলি কয়।