ডিজিটেল ডেস্কঃ কেৰেলাত তৰমুজ লৈ অধ্যাপকৰ বিৰুদ্ধে প্ৰতিবাদত নামি পৰিল কলেজীয়া ছাত্ৰী৷ কেৰেলাৰ কোঝিকোড় স্থিত ফাৰুখ মহাবিদ্যালয়ত অধ্যাপকে মুছলমান ছাত্ৰীক লৈ দিয়া অশোভনীয় মন্তব্যৰ বাবে সোমবাৰে মহাবিদ্যালয়ৰ ছাত্ৰীয়ে ষ্টুডেণ্ট ফেডাৰেছন অফ ইণ্ডিয়াৰ নেতৃত্বত প্ৰতিবাদেৰে মুখৰ কৰি তোলে কলেজ চৌহদ৷
জানিব পৰা মতে, ফাৰুখ কলেজৰ জৌহৰ মুনব্বিৰ নামৰ অধ্যাপকে অনুষ্ঠানত ভাষণ প্ৰদান কৰোঁতে মুছলিম ছোৱালীৰ সাজপাৰ পৰিধানকলৈ বিতৰ্কিত মন্তব্য কৰে৷ অধ্যাপক গৰাকীয়ে কয়, বৰ্তমান মহিলা সকলে সাজপাৰ ভালদৰে পৰিধান নকৰে৷ মহিলাসকলে জানি-বুজিয়ে শৰীৰৰ অংশ বিলাক প্ৰদৰ্শন কৰে বিক্ৰীৰ বাবে গ্লাছৰ ভিতৰত সুন্দৰকৈ সজাই ৰখা তৰমুজৰ দৰে৷ মুনব্বিৰে লগতে কয়, ফাৰুখ কলেজৰ ৮০শতাংশ ছাত্ৰ-ছাত্ৰীয়ে মুছলিম৷ ইয়াৰে ছাত্ৰীসকলে পৰ্দা পৰিধান কৰে যদিও সম্পূৰ্ণকৈ দেহটো আবুৰত নাৰাখি একাংশ উন্মুক্ত কৰি ৰাখে আনৰ দৃষ্টিগোচৰ কৰিবলৈ৷