ভাংগোৰঃ পশ্চিম বংগৰ শ্ৰমিক, কৃষক, পৰিবেশ ৰক্ষাৰ হৈ কাম কৰা জমি জীবিকা বাস্তুতন্ত্ৰ আৰু পৰিবেশ ৰক্ষা সমিতিৰ আহ্বানত বৃহস্পতিবাৰে ওলাই আহিল হাজাৰ হাজাৰ লোক৷ পশ্চিম বংগৰ শক্তিশালী সংগঠনটোৰ আহ্বানত ভাংগোৰত হাজাৰ হাজাৰ লোক সমবেত হৈ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক গাদীৰ পৰা ওফৰাই পেলোৱাৰ হুংকাৰ দিয়ে৷ দৰিদ্ৰ শ্ৰমিক খাটিখোৱা কৃষক, দিন মজদুৰ একত্ৰিত হৈ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দি ভাংগোৰৰ আকাশ বতাহ কপাই তোলে৷
হাজাৰ হাজাৰ লোকৰ মতৰ বিপৰীতে গৈ মমতা চৰকাৰে ভাংগোৰত জনবসিত এলেকাত স্থাপন কৰিব খুজিছে বৃহ শক্তি প্ৰকল্প৷ যাৰ পৰা কৃষকৰ লগতে সাধাৰণ মানুহৰ জনজীৱনৰ প্ৰতি ভাবুকি আহিব পাৰে বুলি আশংকা কৰি ৰাইজে প্ৰতিবাদ কৰি আহিছে যদিওঁ চৰকাৰে তিলমানো গুৰুত্ব আৰোপ নকৰাত বৃহস্পতিবাৰে পশ্চিম বংগৰ বিভিন্ন ঠাইৰ পৰা হাজাৰ হাজাৰ কৃষক আহি সমবেত হয় ভাংগোৰত৷