ঢেকীয়াজুলিঃ নিশা তেতিয়া ১১ বাজিছিল৷ নিশাৰ আহাৰ গ্ৰহণ কৰি পৰিয়ালৰ আন আন সদস্য সকল শুই আছিল যদিও এজন সদস্যই টিভি চাই আছিল৷ পদুলিমুখৰ ফালৰ পৰা ধোৱা আৰু পোহৰ আহি থকা প্ৰত্যক্ষ কৰি টিভি ৰুমত থকা সদস্যজনে দুৱাৰ খুলি বাহিৰলৈ আহিব খোজেতেই দেখে যে দুৱাৰ বাহিৰৰ পৰা বন্ধ হৈ আছে৷

বহু চেষ্টা কৰিও দুৱাৰ খুলিব নোৱাৰি পৰিয়ালৰ আন সদস্যসকলক মাত লগালে৷ ঘৰৰ ভিতৰৰ পৰা কোনো লোক ওলাব নোৱাৰি বিপদৰ আশংকা কৰি পৰিয়ালটোৰ লোকসকলে চিঞৰ-বাখৰ কৰিবলৈ আৰম্ভ কৰে৷ চিঞৰ-বাখৰ শুনি ওচৰ-চুবুৰীয়া ওলাই আহি আৰক্ষীক খবৰ দিয়াত পৰিয়ালটো কথমপি ৰক্ষা পৰে৷

নিশা পৰিয়ালটো ঘৰৰ ভিতৰত থাকোতে বাহিৰৰ পৰা বাসগৃহৰ দুৱাৰত তলা লগাই দুস্কৃতিকাৰীয়ে পেট্ৰল ঢালি অগ্নি সংযোগ কৰি গোটেই পৰিয়ালটোক প্ৰাণে মৰাৰ বাবে ভয়ংকৰ আঁচনি লৈছিল৷

শোণিতপুৰ জিলাৰ ঠেলামৰা আৰক্ষী থানাৰ কাটনীবাৰী ৰূহিনীবিলৰ ১১ জুনৰ নিশাৰ এই ঘটনা৷ ৰূহিনীবিল গাঁৱৰ নজৰ আলিৰ বাসগৃহত সংঘটিত হৈছিল এই ঘটনা৷ সেইদিনা নিশা এটি দূৰ্বৃত্তৰ দলে নজৰৰ পৰিয়ালটো ঘৰৰ ভিতৰত থকা অৱস্থাত বাহিৰৰ পৰা তলা মাৰি পেট্ৰল ঢালি অগ্নি সংযোগ কৰিছিল৷

লক্ষণীয় কথা এই যে সেই সময়ত পৰিয়ালৰ বাকী লোকসকল শুই আছিল যদিও নজৰ আলীয়ে টিভি চাই থকা বাবে পৰিয়ালটোৱে বিপদৰ পৰা হাত সাৰে৷ ঠেলামৰা আৰক্ষীয়ে নজৰৰ ঘৰত উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত জুই নিৰ্বাপণ কৰে৷

পিছে কোনে কৰিছিল এই ভয়ংকৰ অমানৱীয় কাণ্ড? ঠেলামৰা আৰক্ষীয়ে নজৰ আলিৰ এজাহাৰৰ ভিত্তিত আৰম্ভ কৰিছিল তদন্ত৷ অৱশেষত দুৰ্বৃত্তৰ দলটোৰ এজনক আজি আটক কৰে আৰক্ষীয়ে৷

ব্যক্তিগত আক্ৰোশৰ বাবেই এনে দুস্কাৰ্য সংঘটিত কৰা বুলি অনুমান কৰা হৈছে। এই দলটোৰ আটাইকেইজনকে কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি বিহিবলৈ শোণিতপুৰ জিলা আমছুৰ কাৰ্য্যকৰী সভাপতি ৰহমত আনছাৰীয়ে দাবী জনাইছে৷

"টিভিটোৰ বাবেই আমাৰ জীৱন ৰক্ষা পৰিল। মই টি ভি চাই নথকা হ'লে আমি ছাই হৈ গ'লোহেতেন।"-আজি ঘটনাৰ মূল নায়কজনক আৰক্ষীয়ে কৰায়ত্ত কৰাৰ পিছত সেই নিশাৰ ভয়াৱহ ক্ষণলৈ মনত পেলাই এইদৰে কয় নজৰ আলীয়ে।