কলকাতাঃ সমগ্ৰ দেশ কঁপাই যোৱা চিকিৎসকৰ আন্দোলন অৱশেষত স্থগিত ৰখা হয়৷ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সৈতে হোৱা আলোচনাচক্ৰৰ পিছত চিকিৎসকসকলে আন্দোলনৰ কাৰ্যসূচী বন্ধ কৰি দিয়ে৷ 

নীল ৰতন সৰকাৰ মেডিকেল কলেজ আৰু হস্পিতালৰ শাসকীয় বৈঠকত কয় যে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সৈতে হোৱা সাক্ষাতত তেওঁলোক সফল হৈছে৷

চিকিৎসক ফোৰমৰ প্ৰবক্তাই কয় যে তেওঁলোকৰ সঞ্চালন সমিতিৰ বৈঠকত চিকিৎসকসকলে নিজৰ নিজৰ কামত উভতি যাব বুলি কোৱাৰ লগতে মুখ্যমন্ত্ৰীয়ে সময় দিয়াৰ বাবে ধন্যবাদ জনায়৷ 

এই প্ৰতিবাদৰ ফলত হোৱা অসুবিধাৰ বাবে সমিতিৰপৰা ক্ষমা বিচাৰে৷ চিকিৎসাধীন অৱস্থাত থকা চিকিৎসক পৰিবাহা মুখোপাধ্যাইৰ খবৰ লোৱা বাবে মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জনায়৷ 

মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু আন্দোলন কৰা চিকিৎসকসকলৰ মাজত ৰাজ্যৰ সচিবালয়ত এখন বৈঠক অনুষ্ঠিত কৰা হয়৷ বৈঠকখনত মেডিকেল কলেজ আৰু হস্পিতালৰ অসুবিধাসমূহৰ বিষয়ে মুখ্যমন্ত্ৰীগৰাকীক অবগত কৰে৷ 

মমতা বেনাৰ্জীয়ে কয় যে ৰাজ্য চৰকাৰে কোনো চিকিৎসকৰ বিপৰাতে দাখিল কৰা নাই৷ বৈঠকত জবাইণ্ট ফোৰমে মুখ্যমন্ত্ৰীগৰাকীক কয় যে কাম কৰিবলৈ ভয় নকৰে কিন্তু এনআৰএছৰ চিকিৎসকক মাৰপিট কৰা দোষীক উচিত শাস্তি দিব লাগে যাতে এটা উদাহৰণ হৈ ৰয়৷ 

লগতে তেওঁ কয় যে এনআৰএছ চিকিৎসালয়ত হোৱা ঘটনাত ৫ জনক গ্ৰেপ্তাৰ কৰে বুলি কোৱাৰ লগতে চিকিৎসকসকলৰ সমস্যাও দূৰ কৰিব বুলি কয়৷

দিল্লীস্থিত অল ইণ্ডিয়া ইন্সটিটিউট অৱ মেডিকেল ছাইন্সত দেওবাৰে ৰাতি ৰোগীৰ আত্মীয় চিকিৎসকক দুৰ্ব্যৱহাৰ কৰাৰ লগতে গালি-গালাজো পাৰে৷