….এটা অভিশপ্ত দিন… সেই দিনটো -২০০৫ চনৰ ১৭ অক্টোবৰ….. পশ্চিম কাৰ্বি আংলঙৰ ছাৰচিম-প্ৰিচেকত শিহৰণকাৰী গণহত্যাত প্ৰাণ হেৰুৱাইছিল শিশু, মহিলাকে ধৰি ৪১ গৰাকীকৈ নিৰীহ লোকে….আজিও মুকলি আকাশৰ তলত সেই দুৰ্বৃত্তৰ…..ন্যায় লাভ কৰা নাই ভুক্তভুগী পৰিয়ালে….
কনক দেউৰীৰ প্ৰতিবেদন
“সেইদিনা অচিনাক্ত দুৰ্বৃত্তই জেৰিকীন্দেঙৰ পৰা লংকা-ডিফু অভিমুখে অহা কাৰ্বি স্বায়ত্ব পৰিষদৰ অধীনৰ দুখন যাত্ৰীবাহী বাছ ছাৰচিমত বাট আগুচি ধৰি বাছ দুখনত থকা আমাৰ কাৰ্বি সম্প্ৰদায়ৰ যাত্ৰীসকলক গাড়ীৰ পৰা নমাই এফালৰ পৰা ঘপিয়াই ঘপিয়াই হত্যা কৰিছিল। উক্ত হত্যা কাণ্ডত নিৰীহ পুৰুষ-মহিলা, বৃদ্ধ-বৃদ্ধাৰ লগতে কণমানি শিশুয়েও প্ৰাণ হেৰুৱাইছিল। ইয়াৰ পাছতো ঘাটকৰ দলটোয়ে ক্ষান্ত নাথাকি আমাৰ প্ৰিচেক নামৰ গাঁওখনত উপস্থিত হৈ বহুকেইজন লোকক মৰানাস্ত্ৰৰে গুলিয়াই হত্যা কৰিছিল। মনত পৰিলে আজিও গাৰ নোম শিয়ঁৰি উঠে। সেই দিনটো -২০০৫ চনৰ ১৭ অক্টোবৰ, এটা অভিশপ্ত দিন। আমাৰ কাৰ্বি আৰু ডিমাছা ভাইসকলৰ মাজত হোৱা সংঘাতৰ সুযোগ লৈ অচিনাক্ত দুৰ্বৃত্তই সংঘটিত কৰিছিল এই হত্যা লীলা।” NNO প্ৰতিবেদকৰ সৈতে হোৱা বাৰ্তালাপত জনাই অঞ্চলবাসীয়ে । এই দিনটোতে কাৰ্বি আৰু ডিমাছা সম্প্ৰদায়ৰ মাজত হোৱা ভাতৃঘাটি সংঘাতৰ সুযোগ লৈ সংঘটিত হৈছিল পশ্চিম কাৰ্বি আংলঙৰ ছাৰচিম-প্ৰিচেকত শিহৰণকাৰী এই গণহত্যাত অচিনাক্ত দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুৱাইছিল শিশু, মহিলাকে ধৰি ৪১ গৰাকীকৈ নিৰীহ লোকে ।