Home দেশবিমুদ্ৰাকৰণৰ সুযোগ লৈ পশ্চিমবংগত আৰক্ষীৰ ছিণ্ডিকেটৰাজ

বিমুদ্ৰাকৰণৰ সুযোগ লৈ পশ্চিমবংগত আৰক্ষীৰ ছিণ্ডিকেটৰাজ

by News Desk
103 views
A+A-
Reset

মোডীৰ বিমুদ্ৰাকৰণ নীতিৰ ৫০ দিন উকলি যোৱাৰ পাছতো এতিয়াও স্বাভাৱিক হোৱা নাই দেশৰ দৈনন্দিন জীৱন-যাত্ৰা। পুৰণি ৫০০-১০০০ নোট অচল হোৱাত খুচুৰাৰ অভাৱত দেশৰ জনসাধাৰণৰ মাজত হাহাকাৰ পৰিস্থিতি চলি থকাৰ সময়তে এতিয়া দেশৰ অচলাৱস্থাৰ সুযোগ লৈছে একাংশ ৰজাঘৰীয়াই। যাৰ নজৰবিহীন কাণ্ডই এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সচেতন মহলত। বিমুদ্ৰাকৰণৰ সুযোগ লৈ পশ্চিবংগৰ মূখ্যমন্ত্ৰীৰ নেতৃত্বত গৃহ বিভাগৰ দায়িত্বত থকা স্বয়ং আৰক্ষীয়ে আইন-শৃংখলালৈ পিঠি দি এইবাৰ ব্যস্ত হৈ পৰিছে অবৈধ ছিণ্ডিকেট তথা গুণ্ডাকৰ সংগ্ৰহত। শেহতীয়াকৈ পোৱা এক চাঞ্চল্যকৰ তথ্যত পোহৰলৈ আহিছে পশ্চিবংগৰ গৃহ তথা আইন-শৃংখলা লগত জড়িত বিভাগ সমূহৰ দুৰ্নীতি আৰু বহু ভয়ংকৰ খবৰ। পশ্চিবংগৰ চৰকাৰ আৰু গৃহবিভাগৰ শীৰ্ষ আমোলাৰ হস্তক্ষেপত উত্তৰ-পূবৰ পৰা কলকতা হৈ বহি: ৰাজ্যলৈ যোৱা মালবাহী ট্ৰাকৰ পৰা প্ৰতিদিনে ধন সংগ্ৰহ কৰে পশ্চিমবংগৰ আৰক্ষীয়ে। আৰক্ষীৰ এনে মইমতালিত এতিয়া মালভৰ্তি প্ৰতিখন ট্ৰাকে দিব লগা হয় ২০,০০০ পৰা ৫০,০০০ পৰ্যন্ত টকা। দৈনিক গুণ্ডাকৰ আৰু এনে অবৈধ ধন সংগ্ৰহে সংকটত পেলাইছে  ব্যৱসায়ী সকলক। যাৰ বাবে দৈনিক শ শ ট্ৰাক অহা-যোৱা কৰা এই পথ এতিয়া উত্তৰ-পূৰ্বৰ ব্যৱসায়ৰ লগত জড়িত সকলৰ বাবে ভয়ৰ কাৰণ হৈ পৰিছে। এই পথছোৱাত উপযুক্ত নথি-পত্ৰ থকাৰ পাছতো ট্ৰাক চালক সকলে নিতৌ সহিবলগীয়া হৈছে মমতাবাহিনীৰ গুণ্ডাগিৰি। ‘উপযুক্ত নথি-পত্ৰ দেখুওৱালেও ধন নিদিলে আৰক্ষীয়ে গুৰুত্ব নিদিয়ে।  সেয়া আৰক্ষীয়ে চকুৰ সন্মুখতে ফালি গোচৰ জাপি দি আদালতৰ সন্মুখত সেই সামগ্ৰী অবৈধ বুলি নাটক ৰচনা কৰে।’- এই ভাষ্য একাংশ ট্ৰাক চালকৰ।
যি সময়ত অসম চৰকাৰে দেশৰ অৰ্থনীতি আৰু আইনৰ প্ৰতি সহাৰি জনাই অবৈধ চেক্ গেট আৰু ছিণ্ডিকেটৰাজ বন্ধ কৰাৰ বাবে নিৰ্দেশ জাৰি কৰিছে, তেনে সময়তে প্ৰতিবেশী ৰাজ্য পশ্চিমবংগত চলা এনে অবৈধ কাণ্ডই এতিয়া চকু কপালত তুলিছে দেশৰ সচেতন মহলত। শেহতীয়াকৈ এই সমগ্ৰ বিষয়ৰ সন্দৰ্ভত উত্তৰ-পূবৰ ব্যৱসায়ী সন্থাই প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ লগতে  উচ্চতম ন্যায়ালয়লৈও আবেদন পত্ৰ প্ৰেৰণ কৰিছে যদিও বাতৰি সংগ্ৰহ কৰা পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা কোনো বিশেষ ব্যৱস্থা গ্ৰহন কৰা নাই।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0