নিউজীলেণ্ডঃ বিশ্বৰ ইতিহাসত এয়া নজীৰবিহীন নিদৰ্শন। নিউজীলেণ্ডৰ এখন নৈয়ে পাইছে নাগৰিকৰ মৰ্যাদা। ইয়াৰ লগে লগে নৈখনে পাব দেশখনৰ আন নাগৰিকে পোৱাৰ দৰেই সকলো অধিকাৰ। হোৱাংগানুই নামৰ এই বিশেষ নৈখন এতিয়া কেৱল বৈ গ’লেই নহ’ব। তাৰ লগতে পালন কৰিব লাগিব ৰাষ্ট্ৰৰ প্ৰতি নিজৰ দায়িত্ব।

মাঅ’ৰি সম্প্ৰদায়টোৱে অতীজৰেপৰা নৈখনক 'টে আৱা টুপুৱা’ নামক এক অদৃশ্য অথচ জীৱিত সত্বাৰ ৰূপত মানস পটত প্ৰতিষ্ঠা কৰি আহিছিল। ১৪০ বছৰৰ এই আইনী যুঁজখনত অৱশেষত মাঅ’ৰি সম্প্ৰদায়ৰ লোকৰ হৈ ৰায়দান কৰে আদালতে। 

নিউজীলেণ্ডৰ ন্যায়পালিকাৰ এই ঐতিহাসিক ৰায় অনুযায়ী ৯০ মাইল দৈৰ্ঘ্যৰ এই নৈখনৰ হৈ দায়িত্ব পালন কৰিব দুজন প্ৰতিনিধিয়ে। ইয়াৰে এজন প্ৰতিনিধি মাঅ’ৰি সম্প্ৰদায়ৰ হোৱাৰ বিপৰীতে আনজনে চৰকাৰী পক্ষক প্ৰতিনিধিত্ব কৰিব। ৰায়দানৰ লগতে নৈখনৰ উন্নয়নৰ বাবে এক বৃহৎ অৰ্থসাহায্যও প্ৰদান কৰাৰ নিৰ্দেশ দিয়া হৈছে।

১৮৭৩ চনৰপৰা নৈখনক আইনী সুৰক্ষা দিয়াৰ বাবে মাঅ’ৰিসকলৰ এই যুঁজ দেশখনৰ আইনী ইতিহাসত আটাইতকৈ দীৰ্ঘতম বিচাৰ। সুদীৰ্ঘ ১৪০ বছৰীয়া এই যুঁজত জয়ী হোৱাৰ পিছতে মাঅ’ৰিসকল আনন্দত আত্মহাৰা হৈ পৰে।