104
ধিংঃ নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিত বিদ্যুৎ বিভাগৰ হেমাহিৰ বাবে যিকোনো মুহূৰ্তত সংঘটিত হ’ব পাৰে অঘটন৷ মাটিৰ পৰা কেইফুটমান ওপৰেৰে বিদ্যুৎ পৰিবাহী তাৰ গাঁৱৰ মাজেৰে নিয়াৰ ফলত অঘটন সংঘটিত হোৱাৰ আশংকা কৰিছে ৰাইজে।
পৰিৱৰ্তনৰ দোহাই দি ভোট লৈ চৰকাৰ গঠন কৰা চৰকাৰে ৰাজ্যৰ বিদ্যুৎ বিভাগৰ পৰিৱৰ্তন আজিলৈ কৰিব নোৱাৰিলে বুলি অভিযোগ উত্থাপন কৰে বটদ্ৰৱাৰ ন-সত্ৰ গাঁৱবাসীয়ে।