চীনা কোম্পানী ডিপছিকে শেহতীয়াকৈ আলোড়নৰ সৃষ্টি কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰত। বিশ্ব প্ৰযুক্তি উদ্যোগত কৃত্ৰিম বুদ্ধিমত্তাৰ (এআই) বিকাশৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰা এই এপটোৰ জনপ্ৰিয়তাই স্তম্ভিত কৰিছে বহু প্ৰযুক্তি বিশেষজ্ঞ আৰু অৰ্থনীতিবিদক। ২০২৩ চনত চীনৰ দক্ষিণ-পূব চহৰ হাংঝোত প্ৰতিষ্ঠা হোৱা কোম্পানীটোৱে এআই চালিত এপটো আমেৰিকাৰ এপল এপ ষ্ট’ৰত সৰ্বাধিক ডাউনলোড কৰা বিনামূলীয়া এপসমূহৰ ভিতৰত অন্যতম হৈ পৰিছে।
ডিপছিকৰ এনে অভূতপূৰ্ব জনপ্ৰিয়তাৰ মূলতে আছে তেওঁলোকৰ অতি কম খৰচী এআই প্ৰযুক্তিৰ সৃষ্টি। আমেৰিকাৰ আগশাৰীৰ এআই কোম্পানীসমূহে উন্নত এআই মডেল প্ৰস্তুত কৰিবলৈ কোটি কোটি ডলাৰ বিনিয়োগ কৰাৰ বিপৰীতে ডিপছিকে মাত্ৰ ৬০ লাখ ডলাৰত নিজৰ শক্তিশালী এআই চাটবট নিৰ্মাণ কৰিছে। এনে পৰিপ্ৰেক্ষিততে ইমান কম খৰচত উন্নত প্ৰযুক্তি নিৰ্মাণে আমেৰিকাৰ এআই উদ্যোগৰ বাবে সৃষ্টি কৰিছে এক ডাঙৰ প্ৰত্যাহ্বানৰ।
লক্ষণীয়ভাৱে, ডিপছিকৰ এই সফলতাই কেৱল প্ৰযুক্তি উদ্যোগতে নহয়, বিত্তীয় বজাৰতো প্ৰভাৱ পেলাইছে। ডিপছিকৰ কম খৰচী উন্নত প্ৰযুক্তিয়ে আমেৰিকাৰ কোম্পানী এনভিডিয়াকে ধৰি অন্যান্য চিপ নিৰ্মাতা কোম্পানীসমূহৰ বাবে বৃহৎ আৰ্থিক লোকচানৰ সৃষ্টি কৰিছে। এদিনতে এনভিডিয়াৰ বজাৰ মূল্য ৬০০ বিলিয়ন ডলাৰ হ্ৰাস পাইছে, যিটো আমেৰিকাৰ অৰ্থনীতিৰ ইতিহাসত এক বিৰল পৰিঘটনা। ডিপছিকৰ উত্থানে আমেৰিকাৰ প্ৰযুক্তি বজাৰত উদ্বেগ সৃষ্টি কৰাৰ লগতে চীনৰ প্ৰযুক্তিগত শক্তিৰ প্ৰতি পুনৰ দৃষ্টি আকৰ্ষণ কৰিছে।
ডিপছিকৰ এনে উত্থানক আমেৰিকাৰ প্ৰযুক্তিৰ ভৱিষ্যতৰ বাবে সতৰ্কবাণী অভিহিত কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পেও। ইয়াৰ বিপৰীতে এক নতুন যুগৰ আৰম্ভণি বুলি দাবী কৰি ডিপছিকক আদৰণি জনোৱা পৰিলক্ষিত হৈছে ছিলিকন ভেলীৰ উদ্যোগী আৰু বিনিয়োগকাৰীসকলে।
ডিপছিকৰ সফলতাৰ আঁৰৰ কাৰণ
ডিপছিকৰ সফলতাৰ চাবিকাঠি নিহিত হৈ আছে তেওঁলোকৰ খৰচ কমাব পৰা কৌশল আৰু প্ৰযুক্তিৰ দক্ষ ব্যৱহাৰত। সাধাৰণতে এআই মডেল নিৰ্মাণ কৰিবলৈ হাই-এণ্ড চিপ আৰু বিশাল বাজেটৰ প্ৰয়োজন হয়। কিন্তু ডিপছিকে এই গতানুগতিক ধাৰণাটোৰ পৰা আঁতৰি আহি সুলভ মূল্যৰ মডেল তৈয়াৰ কৰাত মনোনিৱেশ কৰিছে। কোম্পানীটোৱে এনভিডিয়া এ১০০ চিপৰ ঠাইত কম শক্তিশালী আৰু কম খৰচী চিপ ব্যৱহাৰ কৰে, যিটো সহজে উপলব্ধ আৰু চীনলৈ সহজে আমদানি কৰিব পৰা যায়।
ডিপছিকৰ প্ৰযুক্তিগত কৌশলে মডেলটোৰ প্ৰদৰ্শন বৃদ্ধি কৰাৰ লগতে ইয়াৰ খৰচো হ্ৰাস কৰিছে। উদাহৰণস্বৰূপে, কোম্পানীটোৱে মাত্ৰ ৫০,০০০ চিপ ব্যৱহাৰ কৰি এটা শক্তিশালী এআই মডেল তৈয়াৰ কৰিছে, যিটো চাটজিপিটিৰ দৰেই ফলপ্ৰসূ। তেওঁলোকৰ মডেলটো ব্যৱহাৰকাৰীৰ প্ৰশ্নৰ উত্তৰ দিয়া, লিখা, আৰু গৱেষণাৰ দৰে কামৰ বাবে বিশেষভাৱে উপযোগী।
ডিপছিকৰ এই কৌশলে তেওঁলোকৰ ধন ৰাহি কৰাই নহয়, আমেৰিকাৰ এআই কোম্পানীসমূহৰ বাবেও যথেষ্ট প্ৰতিযোগিতাৰ সৃষ্টি কৰিছে। আমেৰিকাৰ কোম্পানীসমূহে নিজৰ মডেল প্ৰস্তুত কৰিবলৈ কোটি কোটি ডলাৰ খৰচ কৰাৰ বিপৰীতে ডিপছিকৰ মডেলে কম খৰচত একেই ফলাফল প্ৰদান কৰিছে।
এই খৰচ-বহনক্ষম কৌশলে তেওঁলোকক কেৱল আমেৰিকাৰ বজাৰতে নহয়, আন্তঃৰাষ্ট্ৰীয় বজাৰতো এক শক্তিশালী স্থান গঢ়ি তোলাত সহায় কৰিছে।
কোনে প্ৰতিষ্ঠা কৰিলে ডিপছিক?
ডিপছিকৰ প্ৰতিষ্ঠাপক লিয়াং ৱেনফেং এজন অভিযন্তা আৰু প্ৰযুক্তি উদ্যোগী। ৪০ বছৰীয়া লিয়াঙে ইলেক্ট্ৰনিক আৰু ইনফৰ্মেশ্যন ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী লাভ কৰিছে। ডিপছিক প্ৰতিষ্ঠা কৰাৰ পূৰ্বে তেওঁ এটা হেজ ফাণ্ড চলাইছিল আৰু তাৰ পৰা সংগ্ৰহ কৰা ধনেৰে কোম্পানীটোৰ প্ৰাৰম্ভিক কাম আৰম্ভ কৰিছিল।
লিয়াং ৱেনফেঙে ডিপছিক স্থাপন কৰিবলৈ প্ৰায় ৫০,০০০ এনভিডিয়া চিপ সংগ্ৰহ কৰিছিল। কিন্তু যিহেতু আমেৰিকাৰ পৰা চীনলৈ চিপ ৰপ্তানি নিষিদ্ধ, সেয়েহে তেওঁ সহজলভ্য আৰু সস্তীয়া চিপ ব্যৱহাৰ কৰি এই মডেলটো প্ৰস্তুত কৰাত মনোনিৱেশ কৰে। এই কৌশলে তেওঁৰ কোম্পানীক খৰচ কমোৱাৰ লগতে কাৰিকৰী দক্ষতা বৃদ্ধি কৰাত সহায় কৰিছে।
শেহতীয়াকৈ লিয়াং ৱেনফেঙক চীনৰ প্ৰধানমন্ত্ৰী লি কেকিয়াঙৰ সৈতে সাক্ষাৎ কৰা দেখা গৈছিল। এই বৈঠকে চীনৰ প্ৰযুক্তি উদ্যোগত ডিপছিকৰ গুৰুত্ব আৰু অধিক বৃদ্ধি কৰিছে। প্ৰধানমন্ত্ৰীৰ সৈতে এই বৈঠকৰ পিছত ডিপছিকক চীন চৰকাৰৰ পৰা সম্পূৰ্ণ সহযোগ প্ৰদান কৰা বুলিও চৰ্চা চলিছে।
ডিপছিকৰ প্ৰতিষ্ঠাপক হিচাপে লিয়াং ৱেনফেং কেৱল এজন প্ৰযুক্তিবিদই নহয়, এজন দূৰদৰ্শী উদ্যোগীও। তেওঁৰ নেতৃত্বত ডিপছিকে প্ৰমাণ কৰিছে যে সীমিত সম্পদ আৰু সৃষ্টিশীল চিন্তাধাৰাৰেও প্ৰযুক্তি উদ্যোগত বৈপ্লৱিক পৰিৱৰ্তন আনিব পৰা যায়।
এপটোৱে কি কৰে?
উল্লেখ্য যে, চাটজিপিটিৰ দৰে শক্তিশালী এআই সহায়কৰ বাবে পৰিচিত ডিপছিক এপও। এপ ষ্ট’ৰত ইয়াৰ বৰ্ণনা অনুসৰি ইয়াক ‘আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আৰু আপোনাৰ জীৱনটো সহজ কৰি তুলিবলৈ’ ডিজাইন কৰা হৈছে। এই এপটোক ৰেটিং দিওঁতে এজন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰিছিল যে ‘ই লিখাৰ ক্ষেত্ৰত এক বিশেষ বৈশিষ্ট্য প্ৰদান কৰে।’
কিন্তু লক্ষ্যণীয়ভাৱে এপৰ চাটবটে ৰাজনৈতিক স্পৰ্শকাতৰ প্ৰশ্ন এৰাই চলা পৰিলক্ষিত হয়। ১৯৮৯ চনৰ ৪ জুনত টিয়ানমেন স্কোৱাৰত সংঘটিত ঘটনাৰ বিষয়ে সোধা প্ৰশ্নৰ উত্তৰ ডিপছিকে কয়, "মই দুঃখিত, মই সেই প্ৰশ্নৰ উত্তৰ দিব নোৱাৰো। মই এআই এচিষ্টেণ্ট, যাক সহায়ক আৰু ক্ষতিকাৰক নোহোৱাকৈ উত্তৰ দিবলৈ ডিজাইন কৰা হৈছে।" একেদৰে ইংৰাজী ভাষাত অৰুণাচল প্ৰদেশ আৰু দালাই লামাৰ বিষয়ে সুধিলেও ডিপছিকক উত্তৰ দিয়াৰ পৰা বিৰত থকা দেখা গৈছে। অৱশ্যে অসমীয়া ভাষাত এই বিষয়ে সোধোতে উত্তৰ প্ৰদান কৰিছে ডিপছিকে।
ডিপছিকৰ উত্থান আৰু আমেৰিকাৰ বজাৰত ইয়াৰ প্ৰভাৱ
ডিপছিকৰ সফলতাৰ আটাইতকৈ ডাঙৰ প্ৰভাৱ আমেৰিকাৰ বিত্তীয় বজাৰত পৰিছে। ২০২৫ চনৰ ২৭ জানুৱাৰীত ডিপছিকৰ মডেল মুকলি হোৱাৰ পিছত আমেৰিকাৰ শ্বেয়াৰ বজাৰ বিশেষকৈ নাছডাক ৩ শতাংশ হ্ৰাস পায়। আমেৰিকাৰ প্ৰযুক্তি উদ্যোগৰ বাবে এইটো এটা ডাঙৰ চিন্তাৰ বিষয় হৈ পৰিছে।
আমেৰিকাৰ চিপ নিৰ্মাতা কোম্পানী এনভিডিয়াৰ বজাৰ মূল্য এদিনতে ৬০০ বিলিয়ন ডলাৰ হ্ৰাস পায়। আমেৰিকাৰ বিত্তীয় ইতিহাসত এয়া এক বিৰল পৰিঘটনা। এনভিডিয়াৰ শ্বেয়াৰৰ মূল্য ১৭ শতাংশ পৰ্যন্ত হ্ৰাস পাইছে, যিটো কোম্পানীটোৰ বাবে এক বৃহৎ আঘাত। বজাৰ মূলধনৰ হিচাপত এনভিডিয়া বিশ্বৰ আটাইতকৈ মূল্যৱান কোম্পানী আছিল যদিও সোমবাৰে ফৰ্বছৰ মতে ইয়াৰ বজাৰ মূল্য ৩.৫ ট্ৰিলিয়ন ডলাৰৰ পৰা ২.৯ ট্ৰিলিয়ন ডলাৰলৈ হ্ৰাস পোৱাত এপল আৰু মাইক্ৰ’ছফ্টৰ পিছতে তৃতীয় স্থানলৈ অৱনতি ঘটে।
ডিপছিকৰ সফলতাই আমেৰিকাৰ প্ৰযুক্তি বজাৰত প্ৰতিযোগিতা আৰু অধিক বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। একে সময়তে ডিপছিকৰ সফলতাই আমেৰিকাৰ এআই আধিপত্যৰ ভৱিষ্যতক লৈও প্ৰশ্ন উত্থাপিত হৈছে।